Logo
image

অবশেষত গ্ৰেপ্তাৰ পি কে দত্ত

আমাৰ অসম, ০৬ অক্টোবৰঃ অবশেষত গ্ৰেপ্তাৰ হ’ল পি কে দত্ত। নেপাল-ভাৰতৰ সীমান্তবৰ্তী কাকৰভিঠাত গ্ৰেপ্তাৰ কৰা হয় এছ আই নিযুক্তিৰ বাছনি পৰীক্ষাৰ অন্যতম অভিযুক্ত পি কে দত্তক। দাৰ্জিলিং আৰক্ষীৰ বিশেষ শাখাৰ এটা দলে গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীৰ অৱসৰ প্ৰাপ্ত ডিআইজি গৰাকীক। পানীটেংকী নামৰ এলেকাত চলোৱা অভিযানত বহু বিতৰ্কিত দত্তৰ লগতে জোৱায়েক আৰু পুত্ৰকো আটক কৰে দাৰ্জিলিং আৰক্ষীৰ বিশেষ শাখাৰ দলটোৱে। আটক কৰাৰৰ পিচতে ভাৰত-নেপাল সীমান্তবৰ্তী এলেকাত থকা ইমিগ্ৰেচন চেন্টাৰত তেওঁক জেৰা কৰি থকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে অসম আৰক্ষীৰ এটা দলো ৰাওনা হৈছে উক্ত স্থানলৈ।