Logo
image

তালিবানে বন্ধ কৰিলে আই পি এলৰ সম্প্ৰচাৰ

আমাৰ অসম, ২১ ছেপ্টেম্বৰঃ ডুবাইত অনুষ্ঠিত হৈ থকা জনপ্ৰিয় ভাৰতীয় ক্ৰিকেট লীগ আইপিএলৰ সম্প্ৰচাৰ আফগানিস্তানত বন্ধ কৰিলে তালিবানে৷ দেশ দখল কৰাৰ এমাহৰ ভিতৰত আফগানিস্তানত বিভিন্ন আমোদ-প্ৰমোদ বন্ধ কৰাৰ পাছত এইবাৰ ক্ৰিকেট খেলৰ সম্প্ৰচাৰো বন্ধ ঘোষণা কৰি তালিবানে পূৰ্বৰ দৰেই কঠোৰ আৰু গোড়া পদ্ধতিৰে শাসন চলোৱাৰ বিষয়টো পুনৰ স্পষ্ট কৰি দিলে৷ আইপিএলত ক্ৰিকেট খেলৰ উপৰি ইছলাম বিৰোধী মনোৰঞ্জক উপাদান মজুত থকাৰ বাবেই তালিবান শাসকে জনপ্ৰিয় ভাৰতীয় ক্ৰিকেট লীগটোৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ৰাজহুৱাভাৱে জনাইছে৷ ইতিমধ্যে তালিবানে দেশখনত সকলোধৰণৰ নৃত্য-গীত, আমোদ-প্ৰমোদ, মনোৰঞ্জনৰ সকলো অনুষ্ঠান ইছলাম বিৰোধী বুলি অভিহিত কৰি বন্ধ কৰি দিছে৷ তালিবানে দেশ অধিকাৰ কৰাৰ পাছত আৰু বিদেশী সেনাই  দেশ ত্যাগ কৰাৰ ঠিক পিছমুহূৰ্ততে কাবুলৰ মাজমজিয়াত একাংশ তালিবান যোদ্ধাই ক্ৰিকেট খেলি থকাৰ ভিডিঅ’ প্ৰচাৰ হৈছিল৷ তদুপৰি তালিবানৰ শীৰ্ষ নেতাই আফগানিস্তান ক্ৰিকেট সংস্থাৰ কাৰ্যালয়ো পৰিদৰ্শন কৰি বিষয়ববীয়াৰ সৈতে ক্ৰিকেট সন্দৰ্ভত আলোচনাও কৰিছিল৷ দেশৰ ক্ৰিকেট দলক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ লোৱাৰ পৰা তালিবানে এতিয়াও নিষেধ কৰিব পাৰে বুলি কোনো ইংগিত প্ৰদান কৰা নাই৷ ক্ৰিকেট আফগানিস্তানত জনপ্ৰিয় আৰু বিগত ২০ বছৰত তালিবান ক্ষমতাচ্যুৎ হৈ থকাৰ সময়ত দেশখনত আইপিএল সম্প্ৰচাৰ হৈ থকাই নহয়, ভাৰতীয় এই ক্ৰিকেট লীগে তুমুল জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ আইপিএলত এতিয়াও খেলি আছে ৰছিদ খানৰ দৰে প্ৰতিভাৱান আফগান ক্ৰিকেটাৰে৷ আফগানিস্তানত আইপিএলৰ সম্প্ৰচাৰ বন্ধ কৰাত  ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অন্যতম সদস্য ৰছিদ খানে দুখ প্ৰকাশ কৰিছে৷ সামগ্ৰিক পৰিস্থিতি দেখি এইবাৰ দেশখনত ভাৰতৰ আইপিএল সম্প্ৰচাৰ হ’ব বুলি ধাৰণা কৰা হৈছিল৷ পিছে ক্ৰিকেট জনপ্ৰিয় হ’লেও আইপিএলত ইছলাম বিৰোধী মনোৰঞ্জনৰ উপাদান মজুত থকাৰ বাবেই দেশত এই প্ৰতিযোগিতাৰ সম্প্ৰচাৰ হ’বলৈ নিদিয়ে বুলি তালিবানে ঘোষণা কৰিছে৷ তালিবানৰ আইপিএল বন্ধৰ এই ঘোষণাৰ কথা এটা টুইটৰ জৰিয়তে পোহৰলৈ আনিছে আফগানিস্তান ক্ৰিকেট ব’ৰ্ডৰ প্ৰাক্তন মিডিয়া মেনেজাৰ এম ইব্ৰাহিম ম’মাণ্ডে৷ তেওঁ জনাইছে যে ভাৰতৰ আইপিএলত ক্ৰিকেটৰ লগতে সুন্দৰী, অদ্ধৰ্বসনা চিয়েৰলীডাৰ্ছে নৃত্য কৰে৷ সেয়া তালিবানৰ মতে ইছলাম বিৰোধী৷ তদুপৰি দৰ্শকৰ আসনত বহি থকা অসংখ্য মহিলাৰ চুলি মুকলি হৈ থাকে৷ ইছলাম ধৰ্মত মহিলাৰ চুলি মুকলিকৈ দেখাটো গুণাহ৷ এই গুণাহ তালিবানে ক্ৰিকেট উপভোগৰ জৰিয়তে দেশবাসীক কৰিবলৈ নিদিয়ে৷ সেয়ে তেওঁলোকে আইপিএলৰ সম্প্ৰচাৰ দেশখনত সমুলঞ্চে বন্ধ কৰিছে৷ উল্লেখ্য, আফগানিস্তানৰ মহিলাক তালিবানে ভৱিষ্যতে কোনো ক্ৰীড়া প্ৰতিযোগিতাত ভাগ ল’বলৈ নিদিব বুলি দেশত চৰ্চা হৈছে৷ অৱশ্যে এই সন্দৰ্ভত উত্তৰ দিয়াৰ পৰা বিৰত আছে তালিবানে নিয়োগ কৰা আফগানিস্তানৰ নতুন ক্ৰীড়া সঞ্চালকপ্ৰধান বসিৰ আহমেদ ৰুস্তমজাই৷ তেওঁৰ মতে সেই ঘোষণা তালিবানৰ শীৰ্ষ নেতৃত্বই কৰিব, তেওঁৰ এনে সিদ্ধান্ত লোৱা আৰু ঘোষণা কৰাৰ কতৃৰ্ত্ব নাই৷