Logo
image

শিশুক আত্মঘাতী বোমাৰু হ’বলৈ বাধ্য কৰিব তালিবানে

ভয় খাইছে আফগানিস্তানৰ পিতৃ-মাতৃ, অভিভাৱকে

আমাৰ অসম, ২১ ছেপ্টেম্বৰঃ আফগানিস্তানত তালিবানৰ শাসনৰ অধীনত দিন পাৰ কৰিবলগীয়া হোৱা সাধাৰণ জনতাই ভয়ৰ মাজেৰে দিন পাৰ কৰিছে৷ কাৰ জীৱনলৈ কেতিয়া বিপদ নামি আহিব পাৰে, তাৰ কোনো নিশ্চয়তা নাই৷ তাৰ মাজতে আন এটা ভয়ে খুলি খুলি খাইছে আফগানিস্তানৰ পিতৃ-মাতৃ আৰু অভিভাৱকসকলক৷ তালিবানে শিশু-কিশোৰসকলক বিদ্ৰোহী কাম-কাজত নিয়োগ কৰিব পাৰে বুলি আশংকা কৰিছে আফগানিস্তানৰ সাধাৰণ লোকে৷ তালিবানে ঘৰৰ পৰা শিশু-কিশোৰক বলপূৰ্বকভাৱে উঠাই নি আত্মঘাতী বোমাৰু হ’বলৈ বাধ্য কৰাব পাৰে৷ তালিবানে উঠি অহা ল’ৰাৰ মন-মগজুত সন্ত্ৰাসবাদৰ বীজ ৰোপণ কৰিব পাৰে বুলিও সকলোৱে ভয় খাইছে৷ বিশেষকৈ ১৮ বছৰৰ তলৰ ল’ৰাবোৰক ঘৰৰ পৰা লৈ যাব পাৰে তালিবানে৷ উল্লেখ্য, তালিবানে ২০১৫ চনত বহু শিশু-কিশোৰক বলপূৰ্বকভাৱে সন্ত্ৰাসবাদী কাৰ্য-কলাপত ভাগ ল’বলৈ বাধ্য কৰিছিল আৰু যুদ্ধৰ প্ৰশিক্ষণ দিয়াৰ লগতে আত্মঘাতী বোমাৰু হোৱাৰো প্ৰশিক্ষণ দিছিল৷ তেনেদৰে ২০০১ চনত আমেৰিকাই তালিবানক ক্ষমতাচ্যুত কৰাৰ পূৰ্বেও তালিবানে কিশোৰ-যুৱকক বাধ্য কৰিছিল সন্ত্ৰাসবাদৰ পথ ল’বলৈ৷ কিন্তু আফগানিস্তানৰ জনতাই নিবিচাৰে তেওঁলোকৰ সন্তান আত্মঘাতী বোমাৰু হওক৷ গতিকে চিন্তাৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে তেওঁলোকে৷ অৱশ্যে বৰ্তমান ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বিভাগৰ উচ্ছায়ুক্ত মিচেল বেচলেটে মানৱ অধিকাৰ পৰিষদক আহ্বান জনাইছে তালিবানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ যাতে তালিবানে শিশুক ব্যৱহাৰ কৰিব নোৱাৰে সন্ত্ৰাসাবদী কাম-কাজত৷