খালী পেটত আমলখি খালে পোৱা যায় এইবোৰ উপকাৰ
আমাৰ অসম বিশেষঃ ভেষজ গুণেৰে ভৰা আমলখি সকলোৰে পৰিচিত৷ আমলখিয়ে বিভিন্ন ৰোগ নিৰাময় কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰে৷ কৰ’নাৰ এই সময়ত সকলোৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ খাদ্যৰ ক্ষেত্ৰত অধিক সচেতন হৈছে৷ বহুতে বিভিন্ন ধৰণৰ ভিটামিন খোৱাত গুৰুত্ব দিছে৷ কিন্তু আমলখিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লগতে প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ৰ যোগান ধৰে৷ তদুপৰি আমলখিত থাকে ‘পলিফেনল’ আৰু ‘এণ্টিঅক্সিডেণ্ট’৷ ইয়াৰ উপৰিও আমলখিত প্ৰয়োজনীয় খনিজ পদাৰ্থ, কেলচিয়াম, আইৰণ, পটাছিয়াম আৰু কেৰ’টিন থাকে৷ নিয়মিত আমলখিৰ ৰস পান কৰিলে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ হয়, হজম শক্তি বাঢ়ে আৰু কলেষ্টেৰ’ল তথা শ্বাস কষ্টৰ সমস্যা হ্ৰাস পায়৷ আজিৰ শিতানত আমলখি খালে পাব পৰা উপকাৰসমূহৰ বিষয়ে উল্লেখ কৰা হ’ল–
[১]আমলখিত থকা ক্ৰ’মিয়ামে তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে৷ ফলত মধুমেহত আক্ৰান্তসকলে যথেষ্ট সকাহ লাভ কৰে৷
[২] আমলখিত থকা ভিটামিন ‘চি’য়ে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷
[৩] নিয়মিত আমলখি খালে ছালৰ উজ্জ্বলতা বাঢ়ে৷ তদুপৰি শালমনৰ সমস্যা নিৰাময় কৰে৷ ছালত বয়সৰ ছাপ নাইকিয়া কৰে আমলখি খোৱাৰ অভ্যাসে৷
[৪]আমলখিত থকা এণ্টিঅক্সিডেণ্টে শৰীৰক প্ৰদূষণমুক্ত কৰাৰ লগতে অতিৰিক্ত মেদ কমায়৷
[৫]আমলখি প্ৰচুৰ আঁহযুক্ত হোৱা হেতুকে ই পৰিপাকতন্ত্ৰক পৰিষ্কাৰ কৰি ৰাখে৷ লগতে কোষ্ঠ্যকাঠিন্যৰ সমস্যা নাইকিয়া কৰে নিতৌ আমলখি খোৱাৰ অভ্যাসে৷
[৬]চুলি পৰিচৰ্যা কৰাৰ ক্ষেত্ৰতো আমলখিয়ে বিশেষভাৱে সহায় কৰে৷ আমলখিৰ ৰস চুলিত সানিলে চুলিৰ গুৰি মজবুত হয় আৰু চুলি ঘন হোৱাৰ লগতে উফি নাইকিয়া কৰে৷