Logo
image

‘মাণিকে মাগে হিতে’... খ্যাত ছুপাৰহিট সিংহলী গায়িকাই লহৰ তুলিলে হিন্দী গীতেৰে

ছ’চিয়েল মিডিয়াই নিশাটোৰ ভিতৰতে ছুপাৰহিট কৰি তোলা এগৰাকী গায়িকা হ’ল  ইয়োহানি৷ সিংহলী গায়িকাগৰাকীৰ সম্পূৰ্ণ নামটো হ’ল ইয়োহানি ডি ছিলভা৷ গায়িকাগৰাকীৰ ‘মাণিকে মাগে হিতে’ শীৰ্ষক গীতটোৰ কণ্ঠ আৰু গায়কীয়ে তেওঁক জনপ্ৰিয়তাৰ শিখৰলৈ তুলিলে৷ মাত্ৰ এটা গীত ‘মাণিকে মাগে হিতে’ যোগেদি বিশ্ববাসীক মুগ্ধ কৰিলে ইয়োহানিয়ে৷ বিশ্বৰ সুমেৰুৰ পৰা কুমেৰুলৈ ‘মানিকে মাগে হিতে’ শীৰ্ষক গীতৰ সুৰীয়া যাদু দেখুৱালে ছ’চিয়েল মিডিয়াই৷ সিংহলী গায়িকাই এইবাৰ বলীউডপ্ৰেমীৰ বাবে উপহাৰ দিছে এটা হিন্দী গীত৷ হিন্দী গীতটো লহৰ তুলিছে সিংহলী গায়িকাই৷ শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত ‘ওম শান্তি ওম’ ছবিৰ সেউজ সুৰীয়া গীত ‘তমকো পায়া হ্যেয় তো...’ শীৰ্ষক গীতটোত লহৰ তুলিলে  ইয়োহানিয়ে৷ গানটো গোৱাৰ লগতে গায়িকাই মিউজিকেল ইনষ্টুমেণ্টো বজাইছে৷ গানটো গোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাৰ এই জনপ্ৰিয় গায়িকাই কেৰিয়াৰ আৰম্ভ কৰিছিল ইউটিউবৰ মাধ্যমেৰে৷ ‘মাণিকে মাগে হিতে’ শীৰ্ষক গীতটি বিশ্বৰ ভিন্ন প্ৰান্তত একাধিক তাৰকা শিল্পীয়ে নিজ নিজ ভাষালৈ  অনুদিত কৰি কণ্ঠ নিগৰাই ভিডিঅ’ নিৰ্মাণো কৰিছে৷ মাণিকে মাগে হিতে গীতৰ প্ৰথম অন্তৰাটোৰ অৰ্থ এয়ে যে– ‘তুমি আমাৰ চকুৰ মণি৷ তুমি ইমান ধুনীয়া যে মই তোমাৰ পৰা দৃষ্টি আঁতৰাব নোৱাৰো৷’ 

সিংহলী গায়িকা ইয়োহানিৰ কপালখনলৈ চাওকচোন৷ ২০১৯ চনৰ পৰা ইউটিউবযোগে ‘মাণিকে মাগে হিতে’ শীৰ্ষক একেটা গায়কে গাই আহিছে৷ ২০২১ চনত গায়িকাৰ ভাগ্য খুলিল৷ এটা গানৰ দ্বাৰাই গায়িকা ছুপাৰহিট হ’ল৷ ভাগ্যই গায়িকাৰ জীৱনলৈ টানি আনিছে ঈৰ্ষণীয় বেংক-বেলেন্স৷ ইউটিউবযোগে গায়িকাই আগষ্ট মাহত উপাৰ্জন কৰে ৬৯ হাজাৰ ডলাৰ৷ ভাৰতীয় টকাৰ হিচাপত ৫০ লাখ, ৮১ হাজাৰ ৪৭৭ টকা৷ দ্বীপ ৰাষ্ট্ৰত জনপ্ৰিয় হোৱাৰ পাছত জুলাই মাহত ইউ টিউবযোগে গায়িকাই আয় কৰিছিল ৫ লক্ষাধিক টকা৷ জুলাই মাহত ইয়োহানিৰ গানটো ভাৰত আৰু বাংলাদেশত জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছিল৷