Logo
image

ম’বাইল ফোনটো বৰষুণত তিতিলে কি কৰিব?

আমাৰ অসম বিশেষঃ ম’বাইল ফোনটো এতিয়া সকলোৰে দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছে৷ ইণ্টাৰনেটৰ ব্যৱহাৰকে ধৰি প্ৰতিটো কামতে এতিয়া সকলোৱে নিৰ্ভৰ কৰে ম’বাইল ফোনটোৰ ওপৰত৷ এক কথাত ক’বলৈ গ’লে ম’বাইল ফোনটো অবিহনে সকলোৰে বাবে যেন দিনটো গতিহীন হৈ পৰে৷ কিন্তু দিনটোৰ প্ৰতিটো খোজৰ সংগী ম’বাইল ফোনটো যদি হঠাৎ বৰষুণত তিতি অকামিলা হৈ পৰে, তেতিয়া কি কৰিব? আজিৰ শিতানত ম’বাইল ফোনটোক বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ আৰু বৰষুণত তিতিলে ম’বাইল ফোনটোৰ ক্ষেত্ৰত ল’বলগীয়া যতনসমূহৰ বিষয়ে উল্লেখ কৰা হ’ল–

[১] বৰষুণৰ পৰা ম’বাইল ফোনটো ৰক্ষা কৰিবলৈ ম’বাইল ক’ভাৰ ব্যৱহাৰ কৰক৷

[২] ফোনটোক বৰষুণৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ ‘ৱাটাৰ প্ৰুফ’ বেগ, প্লাষ্টিক অথবা পলিথিনৰ বেগত ৰাখক৷

[৩] বৰষুণত ফোনটোৰে বাৰ্তালাপ, ছবি লোৱা বা ভিডিঅ’ কৰাৰ পৰা বিৰত থাকক৷

[৪] ফোনটো বৰষুণত তিতিলে লগে লগে ছুইট্‌ছ অফ কৰক৷ যিমান সোনকালে পৰা যায় ছিমকাৰ্ড আৰু বেটাৰীটো খুলি পাতল কাপোৰ অথবা টিছ্যু পেপাৰেৰে মোহাৰক৷

[৫] ডিছ-প্লে’, চাৰ্কিট বেটাৰী, কী-পেড আৰু ফোনটোৰ কেচিং খুলি ফেনৰ বতাহত ভালদৰে শুকাবলৈ দিয়ক৷

[৬] ফোনটোৰ ভিতৰ অংশত লাগি থকা পানী ভালদৰে মোচক৷ এই ক্ষেত্ৰত টিছ্যু পেপাৰ ব্যৱহাৰ কৰিব৷

ইয়াৰ পিছতো যদি ফোনটো ব্যৱহাৰ কৰাত সমস্যা থাকে তেন্তে ম’বাইল ফোনৰ ছাৰ্ভিচ চেণ্টাৰৰ কাষ চাপক৷