Logo
image

নোৰা ফতেহিৰ কাপোৰ বিক্ৰী কৰা ফটো ভাইৰেল

‘দিলবৰ গাৰ্ল’ নোৰা ফতেহি খানৰ নতুন অৱতাৰ৷ মডেল, অভিনেত্ৰী-নৃত্যশিল্পীগৰাকীক এইবাৰ দেখা গ’ল কাপোৰৰ ব্যৱসায়ীৰ ৰূপত৷ ছ’চিয়েল মিডিয়াত ফটোখন বেচ চৰ্চিত হয়৷ দেখা গৈছে পথৰ কাষত বহি কাপোৰ বিক্ৰী কৰিছে ছলমান খানৰ গুণমুগ্ধ নোৰা ফতেহি খানে৷ মডেলিং বিজ্ঞাপন আৰু নতুন ফৰ্মৰ নৃত্য শৈলীৰ বাবে নতুন প্ৰজন্মৰ মাজত নোৰা বেচ জনপ্ৰিয়৷ বিগ বছ-৯১ প্ৰতিযোগী হিচাপে চৰ্চিত নোৰা অভিনেতা অংগদ বেদী আৰু প্ৰিন্স নাৰুলাৰ সৈতে সু-সম্পৰ্ক থকা বুলিও শুনা যায়৷ শেহতীয়াকৈ কাপোৰ বিক্ৰী কৰি থকা অৱস্থাত ভাইৰেল হোৱা নোৰাৰ ফটোখনে অনুৰাগীৰ মাজত কৌতুলহলৰ সৃষ্টি কৰিছে৷ একাংশই দাবী কৰিছে যে সেয়া নোৰাৰ ৰীয়েল লাইফ নহয় ৰিল লাইফৰহে ছবি৷ এটা পূৰণা ভিডিঅ’ৰ ছবিহে নেট মাধ্যমেৰে ভাইৰেল হৈছে৷ উল্লেখ্য, নোৰা ফতেহি খান– সম্প্ৰতি বলীউডৰ অতি জনপ্ৰিয় চেলিব্ৰিটী ৷ মৰক্কোৰ পৰা আহি বলীউডত খোপনি পোতা মডেল নৃত্যশিল্পীগৰাকীয়ে বহু কৃচ্ছ্ৰসাধনাৰ ফলত মায়াপুৰীত এখন মঞ্চ যোগাৰ কৰি লৈছে৷ বহু সংগ্ৰামেৰে ভৰা নোৰা ফতেহিৰ জীৱন৷ চলচিচত্ৰ উদ্যোগত ভৰি দিয়াৰ পূৰ্বে নোৰাই এটা ৰিটেল ছেল্‌ছ  এছ’চিয়েটত কাম কৰিছিল৷ তেতিয়া তেওঁৰ বয়স আছিল ১৬ বছৰ৷ নোৰাৰ পৰিয়ালটোৰ আৰ্থিক অৱস্থা ভাল নাছিল বাবেই তেওঁ এটা সময়ত কঠোৰ পৰিশ্ৰম কৰি অধ্যয়নৰ খৰচ উলিয়াইছিল৷