Logo
image

ক’ভিডত অভিভাৱকৰ মৃত্যু হোৱা ছাত্ৰ-ছাত্ৰীৰ মাচুল ৰেহাই

আমাৰ অসম, ২৩ ছেপ্টেম্বৰঃ ক’ভিডত দুয়োগৰাকী পিতৃ-মাতৃৰ মৃত্যু হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে চলিত শিক্ষাবৰ্ষৰ দুটাকৈ চিবিএছইৰ চূড়ান্ত পৰীক্ষাৰ শিক্ষাৰ্থীৰ মাচুল সম্পূৰ্ণভাৱে ৰেহাই দিব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ দশম আৰু দ্বাদশ শ্ৰেণীৰ ২০২১-২২ শিক্ষাবৰ্ষত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত এবাৰৰ বাবে এই ব্যৱস্থা কাৰ্যকৰী হ’ব৷ তেনে পৰীক্ষাৰ্থীয়ে এইবাৰ পঞ্জীয়ন মাচুল আৰু পৰীক্ষাৰ মাচুল ভৰিব নালাগে৷ এই ব্যৱস্থা ক’ভিডত দুয়োগৰাকী পিতৃ-মাতৃৰ মৃত্যু হোৱা, জীৱিত একমাত্ৰ পিতৃ বা মাতৃৰ মৃত্যু হোৱা, আইনী অভিভাৱকৰ ক’ভিডত মৃত্যু হোৱা সকলো চিবিএছইৰ পৰীক্ষাৰ্থীৰ ক্ষেত্ৰতে প্ৰযোজ্য হ’ব৷ যিসকল পৰীক্ষাৰ্থীৰ কেৱল এজন অভিভাৱক অৰ্থাৎ পিতৃ বা মাতৃ কোনো এজনৰ ক’ভিডত মৃত্যু হৈছে, তেওঁলোকৰ ক্ষেত্ৰত এই ব্যৱস্থা প্ৰযোজ্য নহ’ব৷ উল্লেখ্য, চলিত শিক্ষাবৰ্ষত চিবিএছইয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীক পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ পৰৱৰ্তী পৰ্যায়লৈ উন্নীত হোৱাৰ সুযোগ প্ৰদান কৰিছে৷ যিসকল শিক্ষাৰ্থীয়ে তেনে সত্ত্বেও পৰীক্ষা দিবলৈ ইচ্ছা কৰিলে তেওঁলোক দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব৷ সেইসকল পৰীক্ষাৰ্থীৰ বাবে প্ৰ-পত্ৰ পূৰণৰ অন্তিম দিন হৈছে ৩০ ছেপ্টেম্বৰ৷ চিবিএছইয়ে ইতিমধ্যে সংশ্লিষ্ট বিদ্যালয়সমূহক পৰীক্ষাৰ্থীৰ ক’ভিডজনিত দুৰ্ঘটনাৰ তথ্য সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিছে৷ বিদ্যালয়সমূহে তেনে দুৰ্ভগীয়া পৰীক্ষাৰ্থীৰ তথ্য সংগ্ৰহ কৰি ব’ৰ্ডত জমা দিলেই তেওঁলোকৰ পৰীক্ষাৰ মাচুল ৰেহাই দিয়া হ’ব৷ উল্লেখ্য, ২০১৯ চনৰ আগলৈকে চিবিএছইৰ পৰীক্ষাৰ পঞ্জীয়ন আৰু মাচুল যথেষ্ট কম আছিল৷ কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনৰ পৰা মাচুল বৃদ্ধি কৰিছিল৷ উদাহৰণস্বৰূপে ২০১৯ চনৰ আগলৈকে অনুসূচিত জাতি-জনজাতিৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ মাচুল হিচাপে মুঠেই ৫০ টকাহে ভৰিবলগীয়া হৈছিল৷ কেন্দ্ৰীয় চৰকাৰে মাচুল বৃদ্ধি কৰাৰ পাছত এতিয়া দশম শ্ৰেণীৰ পৰীক্ষাত এজন অনুসূচিত জাতি-জনজাতিৰ পৰীক্ষাৰ্থীয়ে কমেও ১২০০ টকা ভৰিব লাগে৷ সেই দিশৰ পৰা এককালীনভাৱে ৰেহাই দিলেও ক’ভিডত পিতৃ-মাতৃ, অভিভাৱকক হেৰুওৱা পৰীক্ষাৰ্থীৰ বাবে এই ব্যৱস্থা সহায়ক হ’ব৷