Logo
image

আফগানিস্তানত বাতৰি কাকতৰ প্ৰকাশ বন্ধ

আমাৰ অসম, ২৫ ছেপ্টেম্বৰঃ বিত্তীয় সংকটৰ বাবে আফগানিস্তানৰ ১৫০খনৰো অধিক বাতৰি কাকতৰ প্ৰকাশ বন্ধ হৈছে৷ শেহতীয়াকৈ আফগানিস্তানৰ নেশ্বনেল জাৰ্ণেলিষ্ট ইউনিয়নে এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে৷ বিবৃতিটোত উল্লেখ কৰা মতে আফগানিস্তানৰ পূৰ্বৰ চৰকাৰখনৰ পতন হোৱাৰ পাছতে দেশখনৰ বাতৰি কাকত প্ৰতিষ্ঠানসমূহ ভয়ংকৰ বিত্তীয় সংকটৰ সন্মুখীন হয়৷ ফলত ডেৰশৰো অধিক বাতৰি কাকতৰ প্ৰকাশ বন্ধ কৰি দিবলগীয়া হৈছে৷ অৱশ্যে ইয়াৰ মাজতে কেইটামান সংবাদ প্ৰতিষ্ঠানে অনলাইনযোগে বাতৰি পৰিৱেশনৰ কাম অব্যাহত ৰাখিছে৷ আফগানিস্তানৰ নেশ্বনেল জাৰ্ণেলিষ্ট ইউনিয়নৰ মুৰব্বী নিৰ্বাহী আহমদ ছোৱাইব ফানাই উল্লেখ কৰা মতে, আফগানিস্তানত সম্প্ৰতি ছপা মাধ্যম একপ্ৰকাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ এনে অৱস্থা অব্যাহত থাকিলে দেশখনত বাতৰি কাকতৰ অস্তিত্বলৈ অহা দিনসমূহত অনিশ্চয়তা আহি পৰাটো খাটাং৷