Logo
image

ৰঙাগ্ৰহত ভূঁইকঁপ! নাছাৰ লেণ্ডাৰে ধৰা পেলালে দীৰ্ঘ সময়ৰ কম্পন

আমাৰ অসম, ২৫ ছেপ্টেম্বৰঃ পৃথিৱীত ভূমিকম্প হয়, এয়া সকলোৱে জানে৷ কিন্তু মঙলগ্ৰহত? আচৰিত যে মানৱ জাতিৰ অতি কৌতুহলৰ গ্ৰহ মঙলগ্ৰহতো ভূঁইকঁপৰ জোকাৰণি ধৰা পেলাইছে নাছাই প্ৰেৰণ কৰা লেণ্ডাৰে৷ নাছাৰ বিজ্ঞানীসকলে প্ৰকাশ কৰামতে বিগত এটা মাহত মঙলগ্ৰহত তিনিবাৰ নাছাৰ ইনছাইট লেণ্ডাৰে এনে কঁপনি ধৰা পেলাইছে৷ ইনছাইট লেণ্ডাৰত ধৰা পৰা শেহতীয়া কঁপনিটো হৈছিল ১৮ ছেপ্টেম্বৰত৷ সেইদিনা কম্পনাংকৰ তীব্ৰতা আছিল ৪.২ মেগনেটিউড৷ আচৰিত যে সেইদিনাৰ কম্পন পৃথিৱীৰ দৰে মাত্ৰ কেইমুহূৰ্ত মানৰ বাবে হোৱা নাছিল, এই কম্পন হৈছিল প্ৰায় ডেৰ ঘণ্টা ধৰি৷ ইয়াৰ পূৰ্বে ২৫ আগষ্টত ৰঙাগ্ৰহটোত আন দুটা কম্পন ধৰা পেলাইছিল ইনছাইট লেণ্ডাৰে৷ সেইদিনাৰ কম্পনাংকৰ তীব্ৰতা আছিল ৪.২ আৰু ৪.১৷ অৱশ্যে সেই কম্পন বিশেষ দীঘলীয়া হোৱা নাছিল৷