Logo
image

ৰহস্যজনকভাৱে ‘অস্তিত্বহীন’ চীনৰ জনপ্ৰিয় অভিনেত্ৰী ঝাও

আমাৰ অসম, ২৫ ছেপ্টেম্বৰঃ চীনৰ প্ৰথমশাৰীৰ ধনকুবেৰৰ তালিকাত স্থান লাভ কৰা জনপ্ৰিয় অভিনেত্ৰী ঝাও ৱেইৰ পৰিচয় কম সময়ৰ  ভিতৰতে হেৰাই গ’ল৷ ৰহস্যজনকভাৱে নিজৰ জন্মভূমিতে ‘অস্তিত্বহীন’ হৈ পৰিল তেওঁ৷ খন্তেকৰ ভিতৰতে চীনত কটোৱা ৪৫ বছৰ শেষ হৈ গ’ল তেওঁৰ৷ চীনৰ নেট মাধ্যমতো এতিয়া নাই তেওঁৰ কোনো একাউণ্ট৷ চীনৰ ইণ্টাৰনেটৰ পৰা মচি পেলোৱা হৈছে তেওঁৰ সম্পৰ্কে থকা সকলো তথ্য৷ আনকি চীনৰ ৰাস্তাত থকা তেওঁৰ সুন্দৰ ছবি সম্বলিত বৃহৎ বৃহৎ বিজ্ঞাপনৰ হ’ৰ্ডিং, পোষ্টাৰো আঁতৰাই পেলোৱা হৈছে৷ কিন্তু কিয় এনে কৰা হ’ল? কি কাৰণে ঝাও ৱেইক হঠাতে অস্তিত্বহীন কৰি তোলা হ’ল, তাকে লৈ বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ বহুতে জানিবলৈ বিচাৰিছে ইয়াৰ কাৰণ৷ কিন্তু চীনৰ প্ৰশাসনে এই সন্দৰ্ভত কোনো কথাই প্ৰকাশ কৰাৰ প্ৰয়োজনবোধ কৰা নাই৷ ঝাওৰ জন্ম আনহুইৰ উহুত৷ পিতৃ অভিযন্তা, মাতৃ আছিল শিক্ষক৷ ১৯৯৩ চনত পৰিচালক হুৱাং শ্বুকিনে এখন ছবিত অভিনয়ৰ প্ৰস্তাৱ দিয়ে৷ তেতিয়াৰ পৰাই তেওঁৰ অভিনয়ৰ প্ৰতি আগ্ৰহ বাঢ়ে আৰু স্নাতক ডিগ্ৰী লোৱাৰ পাছত স্কুলৰ নিশ্চিত চাকৰি বাদ দি চিনেমাৰ অভিনয়ত জড়িত হৈ পৰে৷ ফলত চীনৰ আগশাৰীৰ জনপ্ৰিয় অভিনেত্ৰী হৈ পৰিছিল তেওঁ৷ বিশ্বজুৰি তেওঁ নাম বিয়পি পৰিছিল৷ কিন্তু ২০০১ চনৰ পৰা তেওঁক লৈ বিতৰ্কৰো আৰম্ভ হৈছিল৷ তাৰ পাছৰে পৰাই তেওঁ বিভিন্ন বিতৰ্কত সোমাই পৰিছিল৷ অভিনয়ৰ লগতে পৰিচালনাৰ কামো অৰম্ভ কৰা ঝাও ৱেইৰ এখন চিনেমাক লৈ ২০১৬ চনত বিতৰ্ক হৈছিল৷ তেওঁক দেশদ্ৰোহী আখ্যা দিয়া হৈছিল৷ ২০১৮ চনত ছাংহাই ষ্টক এক্সচেইঞ্জৰ পৰাও ঝাও আৰু স্বামীক পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছিল৷ এটা সময়ত জনপ্ৰিয়তাৰ শিখৰত থকা ঝাও ৱেইৰ জনপ্ৰিয়তা একেবাৰে কমি আহিছিল৷ অনুৰাগীৰ সংখ্যাও প্ৰায় শূন্য হৈ পৰে৷ চীন চৰকাৰৰ ৰোষত পৰিয়েই তেওঁ এনেদৰে অস্তিত্বহীন হৈ পৰে৷ ২০২১ চনৰ ২৭ আগষ্টত তেওঁ অভিনয় সকলো চিনেমা আৰু ৱেব ছিৰিজ ইণ্টাৰনেটৰ পৰা অন্তৰ্ধান হয়৷ এতিয়া কেৱল ইণ্টাৰনেটৰ পৰাই নহয়, চীনৰ পৰাও খেদি দিয়া হৈছে তেওঁক৷ এতিয়া সম্ভৱ তেওঁ স্বামীৰ সৈতে আছে ফ্ৰান্সত৷