Logo
image

প্ৰাক-প্ৰাথমিক শিক্ষা আৰু এগৰাকী মাতৃৰ অনুভৱ

বিদ্যালয় নিৰ্বাচনৰ ক্ষেত্ৰত

মোৰ একমাত্ৰ সন্তান মিকুৰ বয়স তেতিয়া  দুবছৰ এমাহ৷ কথা তেতিয়াও তাৰ স্পষ্টকৈ ফুটা নাই৷ শিশু বিশেষজ্ঞৰ লগত কথা পাতোঁতে ক’লে– ‘একো নাই, সকলো স্বাভাৱিক, তাক প্লে স্কুলত দিয়ক৷ লগ-সমনীয়া পালে নিজে কথা পতা আৰম্ভ কৰিব’৷ মাক-দেউতাক আমি দুয়োজন চাকৰিয়াল, আইতাকেও চাকৰি কৰে৷ ককাক নিজেই অসুখীয়া কাৰণে তাক বেছি সময় দিব নোৱাৰিছিল৷ মই তাক দিনটোৰ বাবে এনজিঅ’ৰ পৰা লোৱা ছোৱালী এজনীৰ লগত এৰি যাওঁ, তায়ো খুব কম কথা কয়৷  

ডাক্তৰৰ কথা শুনি আমি দুয়োজনে মাত হেৰুৱালোঁ, ইমান অকমাণিতে স্কুল! আমি তাক তাৰ গোটেই শৈশৱটো উপভোগ কৰিবলৈ দিম বুলি ভাবিছিলোঁ৷ যি নহওক দুই-এজনৰ লগত কথা পাতি আমি তাৰ বাবে স্কুল বিচৰাত লাগিলোঁ৷ কিন্তু যিখন স্কুললৈ যাওঁ মাত্ৰ কয়– প্ৰথমতে এলফাবেট আৰু নাম্বাৰ শিকাব৷ আৰু তাৰ পাছত কাগজত আঁক-বাঁক কৰিবলৈ দিব৷ কিতাপবোৰো দেখায়৷ আমি দুয়োজনে সঁচা অৰ্থত হতাশ হ’লোঁ৷ এদিন ভাবি-চিন্তি তাক নাম থকা প্লে স্কুল এখনলৈ লৈ গ’লোঁ৷ তাত এসপ্তাহৰ ডেম’ ক্লাছ দিয়ে৷ আমিও চাওঁচোন কি হয় বুলি তাক লৈ গ’লোঁ৷ তেতিয়ালৈ অন্য ল’ৰা-ছোৱালীৰ লগত খেলা বা মানুহৰ লগত মিলা-মিচা কৰা দেখি মই ভবা নাছিলোঁ যে এদিন সি স্কুললৈ যাবলৈ দিগদাৰ কৰিব৷ কিন্তু সি স্কুললৈ গৈ বাহিৰত ঠিকেই খেলে, কিন্তু মাজে মাজে মোক বা বায়েকক বিচাৰি চায় আৰু নিশ্চিত হয় আমি আছোঁ নে নাই৷ কিন্তু সি ক্লাছৰ ভিতৰলৈ নাযায়, কান্দিবলৈ ধৰে৷ চতুৰ্থ দিনা মোক স্কুলৰ পৰা ক’লে– আপুনি গেটৰ বাহিৰত ৰওক, আপোনাক দেখি থাকিলে সি ভিতৰলৈ নাযাবই৷

দুঘণ্টাৰ পাছত যেতিয়া ছুটী হ’ল, মই তাক আনিবলৈ গেটৰ ভিতৰলৈ সোমাই গ’লোঁ৷ সি মোক সাবটি ধৰি কোলাত লোৱাৰ পাছত তাৰ ভাষাৰেই মোক বুজাই ক’লে যে ‘মা, মাহী-মামাবিলাক বেয়া৷ সিহঁতে তাক গালি দিছে, আৰু সি ইয়ালৈ নাহে৷’ মোৰ নিজৰে বৰ দোষী দোষী যেন লাগিছিল৷ কাৰণ তাক মই তালৈ লৈ গৈছিলোঁ৷ মই আৰু তাক সেইখন স্কুললৈ লৈ নোযোৱাৰ সিদ্ধান্ত ল’লোঁ৷ এই স্কুলখনৰ গেটৰ বাহিৰত ৰৈ থাকোঁতে এজন অভিভাৱকক লগ পাইছিলোঁ৷ তেওঁৰ ল’ৰাৰ বয়স ডেৰ বছৰ পাৰ হৈছে মাত্ৰ, কিন্তু স্কুলত দিছে৷ মই স্বাভাৱিক উৎসুকতাৰে সুধিলোঁ– ‘তাৰ কথা ওলাইছেনে?’ তেওঁ উত্তৰ দিলে– ‘হা A for Ahple, B for Ball ভি বোলতা হ্যে’৷ মোৰ এইবাৰ পিছে বেয়া নালাগিল৷ হাঁহিহে উঠিল৷ মই নিজে গেটৰ ভিতৰত ৰোৱা দুদিনতো মন কৰিছিলোঁ কান্দি থকা ল’ৰা-ছোৱালীকেইটাক ধমকি দিছে৷ আৰু এটা সময়ত সিহঁত চুপ হৈছে৷ তেতিয়াই মোৰ কিবা এটা ভাল লগা নাছিল৷ ইমান কণমানিকেইটাক ধমকি দিয়া, ভয় খুওৱা ঠিক জানো, কি প্ৰভাৱ পৰিব সিহঁতৰ মানসিকতাত৷

আমি আকৌ স্কুল বিচৰা আৰম্ভ কৰিলোঁ৷ আমি বিচাৰিছিলোঁ সি এনেকুৱা ঠাই এখনলৈ যাওক য’ত কেৱল খেলিব পাৰে, পঢ়া-শুনাত বেছি চাপ নাথাকে৷ এদিন আমি এনেকৈয়ে এখন স্কুল আৰম্ভ হোৱাৰ সময়ত গেটৰ বাহিৰত ৰৈ আছিলোঁ৷ উদ্দেশ্য– অভিভাৱক দুজনমানৰ লগত কথা পতা৷ স্কুলখন কেনেকুৱা বুলি সোধোঁতে ৫জনৰ ভিতৰত ৪জনে ক’লে– ‘কেৱল খেলিবলৈ দিয়ে, ধেৰ কিবা কিবি ফাংচন থাকে, হোমৱৰ্ক নিদিয়ে আৰু পঢ়া-শুনাত ইমান গুৰুত্ব নাই৷’ দেউতাক আৰু মোৰ দুয়োজনৰে চকুকেইটা উজলি উঠিল৷ কাৰণ আমি ইয়াকেই বিচাৰি আছিলোঁ৷ ভিতৰলৈ সোমাই  গৈ  কতৃৰ্পক্ষৰ লগত কথা পাতিও ভাল লগাত আমি তাক তাতেই নাম লগাই দিলোঁ৷

বিদ্যালয়লৈ গৈ আৰম্ভণিৰ  কন্দা-কটা পৰ্ব

সকলো শিশুৰ দৰেই মিকুও ফুৰিবলৈ যাবলৈ বৰ ভাল পায়৷ প্ৰথমদিনা এই নতুন স্কুলখনলৈ নিবলৈ তাক প্ৰস্তুত কৰি থাকোঁতে সি ফুৰিবলৈ যাম বুলি বৰ স্ফূৰ্তি পালে৷ মই পিছে তাক মিছা কথা কোৱা নাছিলোঁ– স্কুললৈ যাম বুলিয়ে কৈছিলোঁ৷ কিন্তু স্কুল কি সেয়া সি তেতিয়ালৈ বুজি উঠা নাছিল৷

স্কুলৰ গেটৰ সন্মুখত থিয় হৈ সি হয়তো কিবা এটা বুজি পালে৷ ইমান দেৰিৰ পৰা উজলি থকা তাৰ মুখখন ম্লান হৈ গ’ল৷ মোৰ মনটোও বেয়া লাগিল আৰু অলপ ভয়ো খালো কিবা প্ৰতিক্ৰিয়া দেখায় সি! কাৰণ এই বয়সতে তাৰ মানসিক চাপ হোৱাটো বিচাৰা নাছিলোঁ৷ ভিতৰলৈ সোমাই যোৱাত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মী আগবাঢ়ি আহি তাক আদৰণি জনালে– ‘হেল্ল’ জ্যোতিস্মান, কি খবৰ?’ হেণ্ডচেক কৰিবলৈ হাত আগবঢ়ালে৷ মিকুৱে সকলো আওকাণ কৰি পিছফালে মুখ ঘূৰাই মোক টানিবলৈ ধৰিলে– মা ঘৰ যাম আহা৷ মই অলপ নাৰ্ভাছ হ’লোঁ৷ তেওঁলোকে লাহেকৈ তাক বাহিৰতে থকা খেলৰ সামগ্ৰীবোৰ দেখুৱাই ক’লে– তুমি মাৰ লগত ইয়াতে খেলাচোন৷ আমি দুয়ো একেলগে খেলিছিলোঁ৷ তেনেদৰে এসপ্তাহমান সি বাহিৰতে খেলি থাকিল৷

পাছৰ সপ্তাহত পেহী [care taker] [সম্পৰ্কটোৰ নাম সি নিজেই দিছিল]কেইজনীৰ লগত অলপ সহজ হ’ল, কথা-বতৰা পতা হ’ল তেওঁলোকৰ লগত৷ কিন্তু বায়েকক এৰি নিদিয়ে সি৷ মই চাকৰি এৰি সদায় তাৰ লগত থকাটো সম্ভৱ নাছিল৷ তায়ে তাৰ লগত আছিল৷ তাৰ মাজতে কিন্তু মই মন কৰিছিলোঁ স্কুলৰ পৰিৱেশটো– শিশুসকল গেটৰ ভিতৰলৈ সোমাই যোৱাৰ পাছত প্ৰতিষ্ঠানৰ সকলোৱে শিক্ষাৰ্থীক নাম কাঢ়ি মাতি সুপ্ৰভাত জনায়৷ সিহঁতেও সুপ্ৰভাত জনাই হাঁহি হাঁহি ক্লাছলৈ সোমাই যায়৷ নতুনকৈ অহা দুই-এজনে মাত্ৰ অলপ কান্দিছিল, যাৰ লগত তেওঁলোকে খুব মৰমৰ আচৰণ কৰিছিল৷ স্কুলখনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বেছি নহয়৷ সেয়ে হয়তো তেওঁলোকে আটাইকে সময় দিব পাৰিছিল৷

তৃতীয় সপ্তাহত মিকুক শ্ৰেণীকোঠালৈ নিয়াৰ চেষ্টা চলিল৷ কিন্তু সি কোনোপধ্যে নোসোমায়, চিঞৰি চিঞৰি কান্দে৷ তেওঁলোকে ফুচুলাই মেলি অফিচৰ কোঠাটোলৈ লৈ গ’ল৷ সেই কোঠাটোত বিভিন্ন পুতলা, খেলৰ সামগ্ৰী, কিতাপ আৰু সংগীতৰ ব্যৱস্থা আছিল৷ সি এইবোৰৰ লগত ব্যস্ত হ’ল আৰু তেওঁলোকৰ লগতো বন্ধুত্ব স্থাপন কৰিলে৷ এদিন তেওঁলোকে মন কৰিলে সি গান শুনিলে নাচিব ধৰে৷ এদিন এনেদৰে তাৰ শ্ৰেণীত ৰাইম গাই থাকোঁতে তাক সুমুৱাই লৈ গ’ল– প্ৰথমবাৰ৷ সি শ্ৰেণীকোঠাত সোমালে, বিভিন্ন খেলৰ সামগ্ৰীবোৰ দেখুৱালে– হয়তো সি কিবা বুজিলে৷ তাৰ পাছত সি প্ৰথম সোমাওঁতে কান্দে যদিও অলপ পাছত কান্দিবলৈ এৰি খেলিবলৈ লয়৷ প্ৰথম মোৰ সন্দেহ হৈছিল ভিতৰত তাক গালি দিয়ে নেকি, নে মাৰধৰ কৰে৷ মই জানিব বিচৰাত চিচিভিভি ফুটেজ দেখুৱালে৷ কিন্তু তেনেকুৱা একো দেখা নাপালোঁ৷

স্কুলৰ ফালৰ পৰা মোক বুজাইছিল– শিশুৱে এনেকৈ কন্দাটো স্বাভাৱিক৷ প্ৰথমবাৰ সিহঁতে ঘৰৰ মানুহবোৰৰ পৰা বিচ্ছিন্ন হয় কাৰণে কান্দে৷ সকলোৰে ক্ষেত্ৰত হয়তো নহ’বও পাৰে৷ সকলো ব্যক্তিৰে আৱেগিক অৱস্থা বেলেগ বেলেগ৷ কান্দিলেই যে কথাটো বেয়া বা ভাল তেনেকুৱা একো নাই৷ বহু অভিভাৱকে আকৌ কথাৰ মাজেৰে শিশুটিক স্কুল সম্পৰ্কে এক ধাৰণা গঢ়ি তোলে আৰু শিশুটি স্কুললৈ যাবলৈ আগ্ৰহী হয়৷ কোনো কোনোৰ ক্ষেত্ৰত আকৌ জে্যষ্ঠ ভাতৃ বা ভগ্নীক দেখি কনিষ্ঠজনেও স্কুললৈ যাবলৈ আগ্ৰহী হয়৷ আৰম্ভণি সময়ৰ প্ৰয়োজনীয় কথাটো হ’ল– স্কুলতো শিক্ষাৰ্থীক নতুন মানুহখিনিৰ স’তে সহজ অনুভৱ কৰাব লাগিব, যাতে নিজে  শিশুটোৱে আগুৱাই গৈ তেওঁলোকৰ লগত খেলে, কথা পাতে, স্ফূৰ্তি কৰে আৰু তেতিয়াহে সিহঁতৰ স্বাভাৱিক বিকাশ হয়৷ ভয় খুৱালে, গালি দিলে হয়তো থাকিব উপায় নাপাই, কিন্তু সুখী হ’ব জানো/হয়তো স্বাভাৱিক মানসিক বিকাশো নহ’ব!

প্ৰাক-প্ৰাথমিক শিক্ষা

মোৰ প্ৰিয় বান্ধৱী মনোবিজ্ঞানী আৰাধনাই সেই সময়ত কৈছিল– প্ৰশিক্ষিত শিক্ষক থকা স্কুলতহে দিবা৷ সেই কথাৰ মৰ্মাৰ্থ মই এতিয়া ভালকৈয়ে বুজিছোঁ৷

যি উদ্দেশ্যৰে আমি মিকুক স্কুলত দিছিলোঁ সেয়া খুব সোনকালেই ফলৱতী হৈছিল৷  কিন্তু তাৰ মাজতে লক্ষ্য ৰাখিছিলোঁ সি স্কুললৈ যাবলৈ  ভাল পায় নে নাপায়৷ হঠাৎ কেতিয়াবা সি কৈ পেলায়– ‘মা চোৱা wheel.. round and round’– দুই-এশাৰী সুৰ টানি কিবা কিবি গায়, অংগী-ভংগী কৰি দেখায়, বাতৰিকাকতত কোনোবা বৰ্ণ এটা দেখায়, স্বাভাৱিকতে ভাল লাগে৷ কিন্তু আটাইতকৈ ভাল লাগিল তেতিয়া যেতিয়া চেণ্ডেলযোৰ খুলি নিৰ্দিষ্ট ঠাইত থয়, চকলেটৰ বাকলিটো গৈ ডাষ্টবিনত পেলায়’, ছ’ৰী, থেংক ইউৰ ব্যৱহাৰ কৰে৷ এই কথাবোৰ ঘৰতো শিকাব পাৰি, কিন্তু কেতিয়া শিকালে ফলপ্ৰসূ হ’ব সেইটো জনা দৰকাৰ৷ কাৰণ বহু আমি শিশুসকলক শিকাবলৈ যত্ন কৰোঁ, কিন্তু সিহঁতে গুৰুত্ব নিদিয়ে, তেতিয়াই আপোনাক কোনোবা এজনে কৈ দিব পাৰে– ‘হ’ব দে, এইবোৰ শিকা বয়স হোৱা নাই’৷ কিন্তু আমি যদি আচাৰ-ব্যৱহাৰ বা অভ্যাস এটা কেনেকৈ আৰু কোন সময়ত শিকাব লাগে জানো, তেতিয়া বহুখিনি সুবিধা হয়৷ মিকুৰ স্কুলৰ শিক্ষয়িত্ৰীসকলে মোক এই কথাবোৰ জনাত বিশেষভাৱে সহায় কৰিছিল৷

নামভৰ্তিৰ সময়তে কিবাকিবি কিতাপ দিছিল৷ আটাইবোৰ ৰংচঙীয়া ছবিৰে ভৰপূৰ৷ মই প্ৰথম আচৰিত হৈছিলোঁ– এই কণমানিটোৱে কিতাপ কি, কি বুজি পায়! কিতাপবোৰ স্কুলতে ৰাখে৷ মাহত এবাৰ দি পঠায় ঘৰলৈ৷ তেতিয়াহে বুজিলোঁ– বিভিন্ন খেল আৰু কামৰ মাজেৰে কি কি শিকোৱাৰ যত্ন কৰা হয়৷

আকৌ তাক স্কুলত কাগজত ঘূৰণীয়া ৰঙৰ বলবোৰ [crayon] লৈ আঁক-বাঁক কৰিবলৈ দিছিল, ঘৰতো কৰিছিল মন গ’লে, আৰু সি নিজৰ কল্পনাৰে সেই আঁক-বাঁকবোৰ কিবা কিবি বুলি বৰ্ণনা কৰিছিল৷ যদিও মোৰ মতে সেইবোৰ নিৰৰ্থক আছিল, স্কুলত কোৱাৰ দৰেই মই খুব মনোযোগেৰে তাৰ কথাখিনি শুনিছিলোঁ যাতে সি উৎসাহ পায় আৰু তাৰ মনোজগত সম্পৰ্কে মই অলপ হ’লেও ধাৰণা কৰিব পাৰোঁ৷ লগতে আৰু এটা কথা শিকিছিলোঁ যে প্ৰথম অৱস্থাত পেঞ্চিল বা দীঘলীয়া আকাৰৰ ৰংবোৰ শিশুৰ হাতত তুলি দিব নালাগে৷ কাৰণ তেতিয়াও হাতৰ বিভিন্ন অংশৰ গঠন সম্পূৰ্ণ নহয় আৰু সেয়ে সিহঁতে হাতত কষ্ট পাব পাৰে৷ সময়ৰ লগে লগে সিহঁতৰ হাতত তুলি দিয়া পেঞ্চিলৰ আকাৰ বেলেগ বেলেগ হয় আৰু গৱেষণাৰ দ্বাৰা এই পদক্ষেপ ভাল বুলি প্ৰকাশ পাইছে৷

হয়তো আচৰিত হ’বৰে কথা– আমিনো ক’ত ইমান বেলেগ আকাৰৰ ক্ৰেয়ন ধৰিছোঁ, আমাৰতো একো অসুবিধা হোৱা নাই৷ কিন্তু আপুনি বা মই আঢ়ৈ বা তিনি বছৰত স্কুললৈও যোৱা নাছিলোঁ যে! আমাৰ পৃথিৱীখন সেই বয়সত নিয়মৰ আওতালৈ অহাই নাছিল৷

কেতিয়াবা স্কুলত মিকুৱে শিক্ষকৰ লগত লগ হৈ কাগজৰ কিবাকিবি বনায় আৰু ঘৰলৈ আনি আমাক দেখুৱায়৷ স্কুলত কোৱাৰ দৰেই আমি ঘৰত এখন ব’ৰ্ড বনাইছিলোঁ য’ত সি সজা কাগজৰ বস্তুবোৰ বা তাৰ আঁক-বাঁকবোৰ প্ৰদৰ্শন কৰি তাক প্ৰশংসা কৰোঁ৷ তেওঁলোকে কৈছিল– এনেকৈ তাৰ আত্মবিশ্বাস গঢ়ি উঠিব৷

ঠিক হোম ৱৰ্ক বুলিব নোৱাৰি, কিন্তু সপ্তাহত এবাৰ বা দুবাৰ তাৰ কিতাপবোৰৰ মাজৰে এক্টিভিটী বুকখন দি পঠায়৷ খুব উছাহেৰে সেইখন সি মোক দেখায় আৰু আমি দুয়ো একেলগে কামটো কৰিবলৈ ধৰোঁ৷ ধৰক বিলাহীৰ ছবি এখন থাকিব– প্ৰথমতে তাৰ সন্মুখত প্ৰকৃত বিলাহী এটা থ’ব লাগিব, তাৰ পাছত সেই ৰংটোৰ লগত মিলাই একে ৰঙৰ কাগজ ছিঙি ছিঙি আঠাৰে  বিলাহীটোৰ ছবিখনত লগাব লাগিব বা পেষ্টেল কালাৰ লৈ আঙুলিৰে বিলাহীটোত ৰং বুলাব লাগিব৷ এই কামখিনি কৰাবলৈ তাক বহাই ৰাখিবলৈ মই অলপো কষ্ট কৰিবলগা নহয়, বৰং কামটো  কৰি সি আনন্দ পায়৷

মোৰ ভাল লগা আৰু এটা কথা হ’ল যে যদিও ইংৰাজী মাধ্যমৰ স্কুল, ইংৰাজীৰ লগতে অসমীয়া আৰু হিন্দী ভাষাৰো ব্যৱহাৰ আছে৷ বিশেষকৈ শিশুহঁতৰ লগত কথা পাতিবলৈ প্ৰত্যেকৰে নিজৰ মাতৃভাষা ব্যৱহাৰ কৰে৷

ইমানদিনে মই এটা কথা বুজি উঠিছোঁ যে বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীত পঢ়োৱাটো সহজ, যিমান টান এই কণ কণ শিশুহঁতক বিজ্ঞানসন্মতভাৱে কিবা এটা শিকোৱাটো৷

কেইদিনমান আগতে অসমীয়া ব্যক্তিগত চেনেল কেইটামানত নিচেই কমবয়সীয়া শিশু কেইজনমানৰ তীক্ষ্ণ স্মৃতিশক্তিৰ পৰিচয় দৰ্শকৰ আগত দাঙি ধৰা হৈছিল৷ মনোৰোগ বিশেষজ্ঞই মন্তব্য কৰি তেওঁলোকৰ বিষয়ে কৈছিল যে মগজুৰ Hihpocampus অংশটো কিছুমানৰ ডাঙৰ হয় আৰু সেয়ে তেওঁলোকৰ স্মৃতিশক্তি যথেষ্ট প্ৰখৰ৷ ভগৱানৰ অপূৰ্ব সৃষ্টি সেই শিশুসকলৰ প্ৰতি মই আন্তৰিক সন্মান জনাই কওঁ যে তেওঁলোকৰ প্ৰখৰ স্মৃতিশক্তি দেখি আচৰিত হোৱাতকৈ মই বেছি আচৰিত হৈছিলোঁ যে সিহঁতক শিকাইছে কেনেকৈ আৰু সিহঁতেও শুনি শিকিছেওযে! অথবা ষ্টুডিঅ’ত এঘণ্টা ধৰি কেনেকৈ যে ধৈৰ্য ধৰি বহি আছিল সেই টকশ্ব’ত য’ত সেই বয়সৰ কণমানি এজনে দুই মিনিটো একে ঠাইত বহি থাকিব নোৱাৰে৷ হয়তো সেইকাৰণেই তেওঁলোক অলপ অন্যতকৈ পৃথক৷ কিন্তু তাকে দেখি যদি সেই একে বয়সৰ শিশুবোৰক অভিভাৱকসকলে তেওঁলোকক শিকোৱাৰ দৰেই সাধাৰণ জ্ঞানৰ বিভিন্ন কথা শিকাবলৈ চেষ্টা কৰে আৰু সেই শিশুটোৱে নোৱাৰে বা শিকোৱাখিনি শুনিবই ইচ্ছা নকৰে, তেতিয়াহ’লে অভিভাৱকে শিশুটিক বাৰে বাৰে শিকাবলৈ চেষ্টা কৰাটো অনুচিত, নহ’লে শিশুটিৰ ওপৰত অযথা চাপৰ সৃষ্টি হ’ব আৰু তেওঁৰ স্বাভাৱিক মানসিক বিকাশ নহ’ব৷ প্ৰত্যেকজন শিশুৱে বিশেষ, আমি সেই বিশেষখিনি চিনাক্ত কৰি উলিয়াব লাগিব আৰু তেনে ৰূপতেই তেওঁলোকক গ্ৰহণ কৰি আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা দিব লাগিব৷

গুণগত সময়

মিকু আমাৰ প্ৰথম সন্তান৷ মাতৃ হিচাপে মই তেনেই অনভিজ্ঞ৷ তাৰ উপৰি অনবৰতে মোৰ মনত এটা কথাই লাগি থাকে যে চাকৰিৰ ব্যস্ততাৰ বাবে মই তাক কমকৈ সময় দিছোঁ নেকি? স্কুললৈ যোৱাৰ পাছত তাৰ প্ৰত্যেকটো ভাল-বেয়া কথা মই শিক্ষয়িত্ৰীসকলৰ লগত আলোচনা কৰিছিলোঁ৷ তেওঁলোকে শিশু মনটো কেনেকৈ পঢ়িব লাগে বুজাইছিল৷ 

প্ৰত্যেক পিতৃ-মাতৃয়ে সন্তানক মৰম কৰে, কিন্ত মৰম কৰাৰ লগতে তেওঁলোকক বুজি পোৱাটোও অত্যন্ত জৰুৰী৷ পিতৃ-মাতৃয়ে সন্তানক নিজৰ অসম্পূৰ্ণ সপোন পূৰণ কৰাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাটো উচিত নহয়৷