Logo
image

এইবাৰ মহাকাশত হ’ব পৰ্ন শ্বুটিং!

এলন মাস্কৰ ৰকেটত মহাকাশলৈ যাব পৰ্ন অভিনেত্ৰী

আমাৰ অসম, ২৭ ছেপ্টেম্বৰঃ প্ৰচুৰ দৰ্শক আৰু অনলাইন ভিউ পোৱাৰ আশাত আজিকালি পৰ্ন উদ্যোগত আৰম্ভ হৈছে ব্যাপক প্ৰতিযোগিতা৷ অভিনৱত্ব অনাৰ চেষ্টা অব্যাহত আছে ইয়াত৷ পৰ্ন উদ্যোগত চলা এই প্ৰতিযোগিতাৰ মাজতে এটা পৰ্ন কোম্পানীয়ে গ্ৰহণ কৰিছে চৰ্চিত সিদ্ধান্ত৷ এই সিদ্ধান্তই বহুতকে হতবাক কৰি তুলিছে৷ এই কোম্পানীটোৱে অধিক দৰ্শক আৰু ভিউ পোৱাৰ আশাত মহাকাশত পৰ্ন চিনেমাৰ শ্বুটিঙৰ সিদ্ধান্ত লৈছে৷ গতিকে তেওঁলোকে বিশ্বৰ আগশাৰীৰ ব্যৱসায়ী তথা ‘স্পেচ এক্স’ৰ মালিক এলন মাস্কৰ সহায় বিচাৰিছে৷ এলন মাস্কৰ স্পেচ এক্সৰ ৰকেটৰ সহায়ত পৰ্ন অভিনেত্ৰীক মহাকাশলৈ নিয়া হ’ব আৰু তাতেই পৰ্ন চিনেমাৰ শ্বুটিং শেষ হোৱাৰ পাছত ঘূৰাই অনা হ’ব৷ উল্লেখ্য, এলন মাস্কৰ স্পেচ এক্সৰ দ্বাৰা মহাকাশ পৰ্যটনৰ শুভাৰম্ভ কৰা হৈছে আৰু অলপতে চাৰিজন লোকে মহাকাশ ভ্ৰমণ সামৰি পৃথিৱীলৈ ঘূৰি আহিছিল৷ পৰ্ন কোম্পানীটোৱে এলন মাস্কৰ ৰকেটেৰে শ্বুটিঙৰ বাবে প্ৰেৰণ কৰিব লেক্সি লুনা নামৰ পৰ্ন অভিনেত্ৰীক৷ পৰ্নষ্টাৰৰ লগতে এই কোম্পানীৰ এম্বেছাদৰো হৈছে লুক্সি৷