Logo
image

প্ৰেমিকা শ্যামৰ সৈতে ব্ৰিট্‌নী স্পিয়েৰ্ছৰ এনগেজমেণ্ট

বিশ্ব প্ৰসিদ্ধ গায়িকা ব্ৰিট্‌নী স্পিয়েৰ্ছৰ জীৱনৰ নতুন সু-সংবাদ৷ দীৰ্ঘদিনৰ প্ৰেমিক শ্যাম আছগৰিৰ সৈতে এনগেজড হ’ল বিশ্ববন্দিত পপ তাৰকা ব্ৰিটনী স্পিয়েৰ্ছ৷ জনপ্ৰিয় গায়িকাগৰাকীৰ মেনেজাৰ ব্ৰুণ্ডন কোহেনে এই সংবাদ সদৰি কৰিছে৷ কোহেনে সদৰি কৰা মতে দীৰ্ঘদিনৰ প্ৰেম-বন্ধুত্ব সম্পৰ্কতে বান্ধ খাই থকা ব্ৰিটনী আৰু শ্যামে দুয়োৰে সম্পৰ্কক ১৩ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে স্বীকৃতি দিলে৷ দুয়োৰে মাজত এনগেজমেণ্ট পৰ্ব সুকলমে সম্পন্ন হয়৷ ইফালে বিশ্বখ্যাত পপ তাৰকাগৰাকীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছি৷ ভিডিঅ’টোত অভিনেতা শ্যাম আৰু ব্ৰিটনীক অন্তৰংগ মুহূৰ্তত দেখা গৈছে৷ ব্ৰিটনীৰ অনামিকা আঙলিত শোভাবৰ্ধন কৰিছে এটি আঙঠিয়ে৷ সেইদৰে শ্যামেও ইনষ্টাগ্ৰামত ব্ৰিটনী আৰু শ্যামৰ এখন নিবিড় মুহূৰ্তৰ ছবি আপলোড কৰিছে৷ ছবিখনত দুয়োকে চুম্বনৰত অৱস্থাত দেখা গৈছে৷ কেমেৰাৰ আগত প’জ দিয়াৰ সময়ত ব্ৰিটনীয়ে তাইৰ হাতত থকা আঙঠিটো প্ৰদৰ্শন কৰিছে৷ ২০১৬ চনত এটা মিউজিক ভিডিঅ’ৰ শ্বুটিঙৰ সময়ত ২৭ বছৰীয়া অভিনেতা শ্যামৰ সৈতে ৩৯ বছৰীয়া ব্ৰিটনীৰ পৰিচয় হয়৷ সেই পৰিচয়েই এটা সময়ত মধুৰ সম্পৰ্কলৈ ৰূপান্তৰিত হয়৷ শ্যামৰ জন্ম ইৰাণত৷ যুক্তৰাষ্ট্ৰৰ বতাহ-পানী সেৱন কৰি ডাঙৰ দীঘল হৈছে৷ এনগেজমেণ্ট পৰ্ব সম্পন্ন হোৱাৰ পাছত দুয়োকে শুভেচ্ছা জনাইছে প্ৰসিদ্ধ গায়িকা পেৰিছ হিল্টনে৷