Logo
image

ব্যৱস্থাৰ কেৰোণ আৰু শিক্ষাৰ বোজা

আমাৰ দেশৰ শিক্ষা-ব্যৱস্থাত কেৰোণ বহুত৷ ব্ৰিটিছৰ দিনতে কৰা বহুত ব্যৱস্থা এতিয়াও চলি আছে৷ শিক্ষাৰ দায়িত্বত থকাসকলৰ মানসিকতাত সোমাই আছে বিদেশী শিক্ষাৰ প্ৰতি অহৈতুক প্ৰীতি৷ তেনে কাৰণতে শিক্ষাৰ সংস্কাৰ বুলি ক’লেই কিছুমান বিদেশৰ ব্যৱস্থা আমদানি কৰা দেখা যায়৷

যোৱা কেইটামান দশকত শিক্ষাৰ প্ৰতি মানুহৰ ধাৰণা সলনি হৈছে৷ সংস্কাৰৰ নামত কৰা পৰীক্ষা-নিৰীক্ষাবোৰ উদ্দেশ্য পূৰণত ব্যৰ্থ হোৱা দেখা গৈছে৷ ইফালে নতুন অৰ্থনৈতিক নীতিৰ ধামখুমিয়াত শিক্ষা এতিয়া পণ্যলৈ ৰূপান্তৰিত হৈছে৷

শিক্ষা অধিক বাণিজ্যমুখী হৈ পৰিছে৷ শিক্ষাক লৈ বৃহৎ ব্যৱসায় গঢ়ি উঠিছে আৰু অভিভাৱকসকল হৈ পৰিছে এনে ব্যৱসায়ৰ গ্ৰাহক৷ 

এতিয়া স্কুললৈ যোৱা ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাৰ নামত কঢ়িয়াব লাগে ডাঙৰ ডাঙৰ বেগৰ বোজা৷ ভাল ৰিজাŒI×ৰ বাবে লাগে প্ৰায় সকলো বিষয়তে টিউচন৷ স্কুলৰ পৰা আহিয়ে দৌৰিব লাগে ক’চিং চেণ্টাৰলৈ৷ কলেজৰ শ্ৰেণীকোঠাত মুখৰ মাত নোলোৱাজনেও ভাটৌৰ দৰে মুখস্থ কৰিব পাৰিলে পায় এশৰ ভিতৰত এশ বা নব্বৈৰ অধিক৷ নম্বৰৰ নিগনি দৌৰ চলি আছে৷ 

বিগত দুটা দশক ব্যক্তিগতকৰণৰ নামত শিক্ষাত বহুত বেছি বাণিজ্যিকীকৰণ কৰা হ’ল৷ মন গ’লেই স্কুল পাতিব পৰা হ’ল, দুটা কোঠালিতো জুনিয়ৰ কলেজ পতা হ’ল, পৰীক্ষাগাৰ নোহোৱাকৈ বিজ্ঞান পঢ়োৱাৰ ব্যৱস্থা গঢ়ি উঠিল৷ এম ফিল, পি এইচ ডি আদি ডিগ্ৰীও সহজলভ্য কৰি পেলোৱা হ’ল, টকা থাকিলেই নানা বিষয়ত আনকি ইঞ্জিনিয়াৰিং আৰু মেডিকেল বিষয়তো পঢ়িব পৰা হ’ল আৰু কত কি/ চাৰিওফালে গঢ়ি উঠিল ক’চিং চেণ্টাৰ আৰু ক’চিং কালচাৰ৷ স্কুল-কলেজৰ পঢ়াতকৈ ক’চিঙৰ গুৰুত্ব বেছি হ’ল৷ ‘ক’চিং চেণ্টাৰত নাম লিখিলে কলেজত নাম নিলিখিলেও হ’ব’–এনে এটা ধাৰণা গঢ়ি উঠিল৷ পৰিস্থিতিৰ ভয়াৱহতা লক্ষ্য কৰি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ত এইক্ষেত্ৰত কেইবাটাও পৰামৰ্শ আগবঢ়াইছে৷ কোৱা হৈছে– প্ৰত্যেকটো বিষয়তে পাঠ্যক্ৰমৰ বোজা কমোৱা হ’ব৷ জটিলতা বিশ্লেষণী চিন্তাৰ সুবিধা থকা মূল প্ৰয়োজনীয় বিষয়বস্তুতহে ধ্যান ৰখা হ’ব৷ শিক্ষা হ’ব আৱিষ্কাৰভিত্তিক, আলোচনাভিত্তিক আৰু বিশ্লেষণভিত্তিক৷

কোৱা হৈছে স্কুল-কলেজৰ শিক্ষাৰ ধাৰণা, শিক্ষাদানৰ পদ্ধতি আৰু পৰীক্ষা ব্যৱস্থাৰ পৰিৱৰ্তনৰ যোগেদি ক’চিং কালচাৰ নাইকিয়া কৰা হ’ব৷ তদুপৰি ৰাজহুৱা খণ্ডৰ বিশ্ববিদ্যালয়, ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়, কলেজ আৰু উচ্ছ শিক্ষা প্ৰতিষ্ঠানত একেধৰণৰ অৰ্হতাৰ নিয়ম প্ৰয়োগ কৰা হ’ব৷ ইয়াৰ লগতে কোৱা হৈছে যে দেশৰ শিক্ষাত বাণিজ্যিকীকৰণ বন্ধ কৰা হ’ব৷

কথাবোৰ শুনিবলৈ যথেষ্ট ভাল৷ নতুন শিক্ষানীতি প্ৰস্তুত কৰাসকলে বাস্তৱ পৰিস্থিতি উপলব্ধি কৰি এনে পৰামৰ্শ আগবঢ়োৱা যেন লাগে৷ পিছে, ৰূপায়ণত আছে অধিক জটিলতা, কাৰণ নতুন ব্যৱস্থা গঢ়িবলৈ যাওঁতে শিক্ষাৰ লগত জড়িত প্ৰতিটো পক্ষৰে মানসিকতাৰ সলনি হ’ব লাগিব৷ এই কথাও নজৰ কৰিব লাগিব যাতে শিক্ষানীতি ৰূপায়ণৰ নামত নিৰ্দিষ্ট ৰাজনৈতিক দৰ্শন জাপি দিয়া নহয়৷ দেশত বৰ্তমান ৰাজনৈতিক দ্বন্দ্বই সামাজিক সম্প্ৰীতি বিনষ্ট কৰিবলৈ ওলাইছে৷ শিক্ষাক যাতে ৰাজনীতিৰ অস্ৰ কৰি পেলোৱা নহয়৷ তেনে কৰিলে অনাগত দিনত অধিক জটিলতাহে দেখা যাব৷