Logo
image

কম পৰিমাণে কাজু খালে পোৱা যায় এইবোৰ উপকাৰ

আমাৰ অসম বিশেষঃ কাজু বাদাম স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ কাজুত থাকে পৰ্যাপ্ত পৰিমাণৰ প্ৰ’টিন, ভিটামিন আৰু ফাইবাৰ৷ নিয়মিত কাজু খালে কেন্সাৰ, হৃদৰোগজনিত জটিলতাৰ লগতে ‘টাইপ-টু ডায়েবেটিছ’ প্ৰতিৰোধ হয়৷ বিশেষজ্ঞসকলৰ মতে ৪টা বা ২৮ গ্ৰাম কাজু বাদামৰ পৰা ৩.৫ গ্ৰাম ফাইবাৰ, ৬ গ্ৰাম প্ৰ’টিন আৰু ৯ গ্ৰাম মন’ছেচুৰেটেড পাব পৰা যায়৷ অৱশ্যে এই কথাও ঠিক যে অত্যাধিক কাজু বাদাম খালে আন কিছুমান সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ এনে ক্ষেত্ৰত দৈনিক মাত্ৰ চাৰিটা কাজু বাদাম খালে পাব পৰা উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা হ’ল–

[১] কাজু বাদামে দেহত অপ্ৰয়োজনীয় ক’লেষ্টেৰলৰ মাত্ৰা কমায়৷ লগতে ভাল কলেষ্টেৰলৰ মাত্ৰা বঢ়ায়৷ ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধিয়ে দেহত বিভিন্ন জটিলতা, বিশেষকৈ হৃদৰোগ, ষ্ট্ৰোক আৰু ধমনী সংক্ৰান্তীয় সমস্যাৰ আশংকা কমায়৷

[২] কাজু বাদামত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন আৰু খনিজ পদাৰ্থ থকাত ই চুলি ভালে ৰখাত সহায় কৰে৷ কাজুত থকা ভিটামিন ‘ই’য়ে মানসিক চাপ কমায়৷ ফলত চুলি বৃদ্ধি পায়৷

[৩] কাজুত থকা ভিটামিন ‘ই’ আৰু মেংগানিজে ছালৰ অকাল বাৰ্ধক্য ৰোধ কৰে৷

[৪] কাজুৱে হজম শক্তি বৃদ্ধি কৰে৷ তদুপৰি যিকোনো সংক্ৰমণজনিত ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷

[৫] কাজুৱে অতিৰিক্ত ওজন হ্ৰাস কৰাত সহায় কৰাৰ লগতে ভোক কমায়৷ ফলত অতিৰিক্ত খাদ্য গ্ৰহণৰ প্ৰৱণতা আঁতৰ হয়৷

[৬] কাজুত থকা ভিটামিন ‘ই’য়ে বয়সৰ ফলত হোৱা স্মৃতিশক্তি লোপ পোৱা ৰোগ প্ৰতিৰোধ কৰাৰ লগতে ইয়াত থকা মেগনেছিয়ামে মস্তিষ্কৰ শক্তি বৃদ্ধি কৰে৷