চুলি ভালে ৰাখিবলৈ ষ্টিম কিয় প্ৰয়োজন
আমাৰ অসম বিশেষঃ চুলিক লৈ বিভিন্ন সমস্যাত সৃষ্টি হয়৷ মানুহৰ সৌন্দৰ্য বৃদ্ধিত চুলিৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা৷ বিভিন্ন কাৰণত অকালতে চুলি পকা, চুলি সৰা আদি সমস্যাত মানুহে ভোগে৷ চুলি একোচাই মানুহক ব্যক্তিত্বকো উজ্বলাই তোলে৷ বহুক্ষেত্ৰত পকা চুলি কলা ৰাখিবৰ বাবে বজাৰত সহজে উপলব্ধ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়৷ যাৰ বাবে এনেধৰণৰ দ্ৰব্য থকা ৰাসায়নিক পদাৰ্থই চুলিৰ প্ৰচুৰ ক্ষতি কৰে৷ সঠিকভাৱে যতন ল’লে চুলিক অকালপক্কৰ পৰা বচাই ৰাখিব পাৰি৷ আধুনিক জীৱন প্ৰণালীত বিউটীপাৰ্লাৰ বহুতৰ বাবে অপিৰহাৰ্য হৈ পৰিছে৷ হেয়াৰ স্পা বা প্ৰটিন টিটমেণ্ট আদিৰ জৰিয়তে চুলিৰ যত্ন লোৱা হয় যদিও চুলি ভালে ৰখাৰ বাবে হিয়াৰ ষ্টিম বেছি ফলপ্ৰসু৷
◾হেয়াৰ ষ্টিম কি ? হেয়াৰ ষ্টিম কৰিলে চুলি নৰম হয়৷ ইয়াৰ ফলত আদ্ৰৰ্তা চুলিৰ গভীৰলৈ যায়৷
◾হেয়াৰ ষ্টিম কিদৰে কৰিব? প্ৰথমতে চুলিত অলপ সময়ৰ বাবে তেল সানি থ’ব লাগে৷ তাৰ পাছত কুহুমিয়া পানীৰে চুলিখিনি ভিজাই ৰাখিব লাগে৷ অলপ সময় এনেদৰে ৰখাৰ পাছত ভেষজ চেম্পুৰে চুলিখিনি ভালকৈ ধুই দিব লাগে৷
◾ষ্টিম চুলিৰ বাবে কিয় জৰুৰী? হেয়াৰ ষ্টিমে চুলিৰ গুৰিক শক্তিশালী কৰে৷ ষ্টিম দিয়াৰ পাছত চুলি গুৰিত থকা মলি আঁতৰি যায়৷
◾ষ্টিম কৰাৰ ফলত ৰক্তসঞ্চালন স্বাভাৱিক অৱস্থাত থাকে৷ আৰু চুলিৰ বৃদ্ধিত সহায়ক হৈ পৰে৷
◾চুলি খুজুৱতি, উফি আদি দূৰ কৰাৰ বাবে সপ্তাহত এবাৰ হ’লেও ষ্টিম কৰাৰ প্ৰয়োজন৷
◾শুকান চুলিৰ বাবে ষ্টিম অত্যন্ত কাৰ্যকৰী৷