Logo
image

পুৱাই ফল খাওক পাব আশ্চৰ্যজনক ফল

আমাৰ অসম, ০৬ অক্টোবৰঃ আমি সকলোৱে জানো যে ফলাহাৰে স্বাস্থ্যৰ উপকাৰ কৰে৷  কথাতে আছে যে সুদা পেটত পানী, আৰু ভৰা পেটত ফলাহাৰ কৰাৰ দৰে উপকাৰ ক’তো পোৱা নাযায়৷ পিছে ভৰা পেটত ফলাহাৰ, কিন্তু সুদা পেটত নহয়, এই ধাৰণা মুঠেই শুদ্ধ নহয়৷ এচিডিটি বা গেছৰ সমস্যাৰ আশংকা কৰিয়েই আমি ফলাহাৰক সদায় আন খাদ্য গ্ৰহণৰ পিছত ৰাখো৷ আনকি আমি নিশাৰ ভাগতো ফলাহাৰ গ্ৰহণ কৰিবলৈ ভয় কৰো৷ কিন্তু এই কথা জানি আপুনি আচৰিত হ’ব যে পুৱা টোপনিৰ পৰা উঠি সুদা পেটত ফলাহাৰ কৰাৰ দৰে উপকাৰ আন ক’তো পোৱা নাযায়৷ অৱশ্যে ইয়াৰ পূৰ্বে নিৰ্দিষ্ট পৰিমাণৰ পানী খাই ল’ব লাগিব৷ নিতৌ পুৱা শুই উঠাৰ পিছত এনেদৰে ফলাহাৰ গ্ৰহণ কৰিলে আপুনি এচিডিটিৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিব৷ লগতে আপোনাৰ হজম শক্তিও বৃদ্ধি পাব৷ তদুপৰি ফলাহাৰেৰে দিনটো আৰম্ভ কৰিলে আপোনাৰ মানসিক অৱস্থা আৰু স্বাস্থ্য সতেজ হৈ থাকিব৷ নিতৌ পুৱা ফলাহাৰ গ্ৰহণ কৰাৰ পাছত শৰীৰ চৰ্চা কৰিলে অধিক উপকাৰ লাভ কৰিব পৰা যায়৷ এনে কৰিলে শাৰীৰিক দুৰ্বলতা আঁতৰ হয়৷ মন কৰিব যে উপবাস ভংগ সদায় ফলৰ ৰসেৰে কৰা হয়৷ গতিকে সুদা পেটত গ্ৰহণ কৰা ফলাহাৰে আপোনাৰ কেতিয়াও সমস্যাৰ সৃষ্টি নকৰে৷