Logo
image

মডেল-অভিনেত্ৰীৰ মুখত হীৰাৰ মাস্ক

দেশৰ আগশাৰীৰ ‘বল্ড এণ্ড বিউটিফুল’ মডেল অভিনেত্ৰী উৰ্বশী ৰাউটেলা৷ এই পৰ্যন্ত সুন্দৰী প্ৰতিযোগিতাত দেশৰ আটাইতকৈ অধিক বিজয়ী হৈ ৰেকৰ্ড গঢ়া মডেলগৰাকীয়ে  হ’ল উৰ্বশী ৰাউটেলা৷ শাৰীৰিক সৌন্দৰ্য আৰু মেধা গুণেৰে দৰ্শকৰ  হৃদয় কৰিছে তেওঁ৷ শেহতীয়াকৈ হীৰাৰ মাক্স পৰিধান কৰি চৰ্চালৈ আহিছে মডেল-অভিনেত্ৰীগৰাকী৷ মডেলিং হিচাপে কেৰিয়াৰ আৰম্ভ কৰা উৰ্বশীয়ে ‘চনম ৰে’, পাগল পান্তি, সিংছাব দ্য গ্ৰেট, গ্ৰেট গ্ৰাণ্ড মস্তিকে ধৰি বহু ছবিত অভিনয় কৰি সফলতা বুটলিছে সৌন্দৰ্য আৰু অভিনয়ৰ যুগলবন্দী উৰ্বশীয়ে৷ ছ’চিয়েল মিডিয়াতো বেছ সক্ৰিয়  তেওঁ৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এটা ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰিছে ছ’চিয়েল মিডিয়াত৷ হীৰাৰ মাস্ক পৰিধান কৰা অৱস্থাত দেখা গৈছে উৰ্বশীক৷. মাস্কৰ মাজৰখিনি কাঁচ দি ঢকা৷ বাকী অংশক হীৰাৰ কাৰুকাৰ্য৷ কেপচনত নায়িকাই লিখিছে ‘সম্পূৰ্ণ মুখৰ কাৰণে হীৰাৰ মাস্ক’৷ বহুতে অতিমাৰীৰ সময়ত এয়া নায়িকাৰ বিলাসিতা বুলি ট্ৰ’ল কৰা দেখা গৈছে৷ এইগৰাকীয়ে ব্যতিক্ৰমী মডেল-অভিনেত্ৰী উৰ্বশী৷ কিছুদিন পূৰ্বে স্বল্প বসনা নায়িকাগৰাকীয়ে উদং শৰীৰত মাটিৰ প্ৰলেপ সানি বহি থকা ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল৷ ৰাণী ক্লিউপ্লেটাৰ দৰে তেওঁ শৰীৰত মাটিৰ প্ৰলেপ সানি সৌন্দৰ্য চৰ্চা কৰিছিল৷ এনে কৰিলে শৰীৰ সুস্থ থাকে, ৰক্ত সঞ্চালন ভাল হয়, ত্বকৰ সৌন্দৰ্য বাঢ়ে আৰু উজ্বল হয় বুলি দাবী কৰিছে উৰ্বশীয়ে৷ উৰ্বশীৰ পৰৱৰ্তী ছবি ‘ব্লেক ৰোজ’ আৰু ভাৰ্জিন, ভানুপ্ৰিয়া৷ ইন্সপেক্টৰ অবিনাশ’ ৱেব ছিৰিজতো দেখা গৈছিল উৰ্বশীক৷ য’ত উৰ্বশীৰ বিপৰীতে আছে ৰণদীপ হুদা৷ ব্যতিক্ৰমী নায়িকা উৰ্বশীয়ে ‘এক্সপীডিশ্বন মেগাজিনৰ ক’ভাৰৰ বাবে এটা ফটোশ্বুট কৰিছিল৷ যাৰ বাবে মডেল উৰ্বশীয়ে ৪২ কোটি টকা মূল্যৰ সোণ খটোৱা পোছাক পৰিধান কৰিছিল৷ সেইদৰে গায়িকা নেহা কক্কৰৰ বিবাহ অনুষ্ঠানত যিবোৰ লেহেংগা উৰ্বশীয়ে পিন্ধিছিল তাৰ মূল্য আছিল ৫৫ লাখ টকা৷  সেইদৰে 'Soul Arab' ক’ভাৰৰ বাবে ব্যয়বহুল পোছাক পৰিধান কৰিছিল উৰ্বশীয়ে৷ পোছাকযোৰৰ মূল্য আছিল ৫০ লক্ষাধিক টকা৷ সুন্দৰী প্ৰতিযোগিতাত অধিক বিজয় মুকুট পিন্ধা মডেল উৰ্বশী ৰাউটেলাই  দক্ষিণ কোৰিয়াৰ মিছ এছিয়ান ছুপাৰ মডেল ২০১১, মিছ ট্যুৰিজিম কুইন অৱ দ্য ইয়েৰ, মিছ ইউিনভাৰ্ছ ইণ্ডিয়া ২০১২, মিছ ডিভা ইউনিভাৰ্ছৰ্ ২০১৫ খিতাপ জয় কৰি বলীউডত খোজ পেলাইছিল৷ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা এইগৰাকী সুন্দৰী নায়িকাই ২০১৩ চনত ছানি দেউলৰ বিপৰীতে ‘সিং চাব দ্য গ্ৰেট’ ছবিৰ যোগেদি বলীউডত খোজ দিয়ে৷ ‘ভাৰ্জিন ভানুপ্ৰিয়া’ তেওঁৰ দ্বাৰা অভিনীত শ্ৰেষ্ঠ ছবি বুলি অভিনেত্ৰীগৰাকীয়ে ক’ব খোজে৷ নাৰী কেন্দ্ৰিক থ্ৰিলাৰ ‘ব্লেক ৰ’জ’ ছবিৰ যোগেদি উৰ্বশীয়ে তেলেগু ছবি উদ্যেগত ভৰি দিয়ে৷ হায়দৰাবাদত ছবিখনৰ শ্বুটিং চলা বুলি জানিব পৰা গৈছে৷ ছবিখনৰ পৰিচালনা মোহন ভৰদ্বাজৰ৷ এখন ছুপাৰহিট তামিল ছবিৰ ৰিমেক ‘ভাৰ্জিন ভানু প্ৰিয়া’৷ ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰত তেওঁ অভিনয় কৰিছে৷