Logo
image

‘মানিকে মাগে হিতে’ৰ... ছন্দত বিমান পৰিচাৰিকাৰ নৃত্যৰ চমক

ভিৱাৰ ৬ কোটি

সিংহলী গায়িকা ইয়োহানি ডি ছিলভাৰ ‘মানিকে মাগে হিতে’ৰ জনপ্ৰিয়তা সৰ্বত্ৰ৷ গীতটোৰ সুৰৰ যাদুত সকলো মতলীয়া৷ ভাষা বোধগম্য নহ’লেও ইয়োহানিয়ে সুৰৰ যাদুৰে সকলোকে বশ কৰিছে৷ আনকি গীতটো ৰিমিক্স হৈছে বিভিন্ন দেশত৷ অকল ধৰাৰ বুকুতেই নহয় আকাশ মাৰ্গতো গীতটোৰ ঈৰ্ষণীয় জনপ্ৰিয়তা৷ আকাশমাৰ্গত গীতটোৰ জনপ্ৰিয়তা দেখি সকলোৱে আশ্চৰ্য মানিছে৷ আশ্চৰ্য মানিবৰ কথাই৷ কাৰণ গীতটোৰ তালে তালে আকাশমাৰ্গত বিমানৰ ভিতৰত নাচি ৰাতিটোৰ ভিতৰতে জনপ্ৰিয় হৈছে এগৰাকী বিমান পৰিচাৰিকা৷ মাত্ৰ কেইমিনিটতে নাচৰ ভিডিঅ’টো অনুৰাগীয়ে প্ৰত্যক্ষ কৰে ৬ কোটি বাৰ৷ ‘মানিকে মাগে হিতে’ গীতৰ  তালে তালে বিমানত নৃত্য কৰা এয়াৰ হোষ্টেছ গৰাকী হ’ল আফৰিণ৷ বেচৰকাৰী বিমান সংস্থা ইণ্ডিগ’ৰ বিমান পৰিচাৰিকা আফৰিণ৷ সিংহলী গান ‘মানিকে মাগে হিতে’ৰ তালে তালে বিমানৰ ভিতৰতে খোজ মিলাই নিশাটোৰ ভিতৰতে ‘স্পৰ্ট লাইট’ হৈ পৰে এয়াৰ হোষ্টেছ আফৰিণ৷ ভিডিঅ’টো আফৰিণে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাত কেইমিনিটমানতে ৬ কোটি বাৰ দৰ্শকে উপভোগ কৰে৷ সিংহলী গীতৰ নৃত্য কৰি ছ’চিয়েল মিডিয়াত বিখ্যাত হ’ল এয়াৰ হোষ্টেছ আফৰিণ৷ এই ভিডিঅ’ আনকি অমিতাভ বচ্ছন, মাধুৰী দীক্ষিত, টাইগাৰ শ্ৰফৰ দৰে তাৰকায়ো নেটমাধ্যমে উপভোগ কৰি বাঃ বাঃ দিছে আফৰিণক৷