Logo
image

পেটৰ ভিতৰত এক কিলো লোহা!

আমাৰ অসম, ৬ অক্টোবৰঃ পূব ইউৰোপৰ লুথিয়ানিয়াত ঘটিছে আজব ঘটনা৷ এজন ব্যক্তিৰ পেটত পোৱা গৈছে বিভিন্ন ধাতু৷ লোহাৰ নাট-বল্টু-স্কু আদি   অস্ত্ৰোপচাৰৰ জৰিয়তে পেটৰ পৰা বাহিৰ কৰা হৈছে৷ যাৰ ওজন এক কেজিৰো অধিক৷ অস্ত্ৰোপচাৰৰ অন্তত চিকিৎসকৰ চকু কপালত উঠে৷ উল্লেখ্য, লোৰ বিভিন্ন সামগ্ৰী ভক্ষণ কৰাৰ ফলত লোকজনৰ পেটত অসহ্য বিষ হয়৷ যেতিয়া চিকিৎসকৰ কাষ চাপে তেতিয়া এক্সৰেত লোকজনৰ পেটৰ ভিতৰত থকা লোহাৰ সামগ্ৰীবোৰ পোহৰলৈ আহে ৷ জানিব পৰা মতে সুৰাসক্ত লোকজনে সুৰা এৰি লোহা আদি খাবলৈ অভ্যাস কৰে৷ যাৰ ফলত তেওঁৰ স্বাস্থ্য দ্ৰুত অৱনতি ঘটে৷ তিনিঘণ্টা অস্ত্ৰোপচাৰ চলাই এই ধাতুখিনি বাহিৰ কৰা হয়৷