Logo
image

২৯ ‘শিক্ষক’ ধৃত, কোলাত কেঁচুৱা লৈও আৰক্ষীৰ জিম্মাত মহিলা

দালালে নাম লৈছে অধ্যাপকৰ

আমাৰ অসম, ৬ অক্টোবৰঃ ভুৱা টে’ট শিক্ষকৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান অব্যাহত ৰাখিছে চি আই ডিয়ে৷ বক্ৰপথেৰে চাকৰি লোৱা বি টি চি শিক্ষা সঞ্চালকালয়ৰ অধীনৰ ৩৬জন হাইস্কুল টে’ট শিক্ষকৰ ২৯জনকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে৷ চি আই ডিয়ে দেওবাৰে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা ২২জন টে’ট শিক্ষকক গ্ৰেপ্তাৰ কৰাৰ পাছত সোমবাৰে নিশাও হাজোকে ধৰি বিভিন্ন স্থানৰ পৰা দালালসহ আন জ্জজন ভুৱা টে’ট শিক্ষকক গ্ৰেপ্তাৰ কৰে৷ আনহাতে, চি আই ডিয়ে বঙাইগাঁৱৰ পৰা গুৱাহাটী দিশে আহি থকা অৱস্থাতে হাজোৰ পৰা মহম্মদ ইছলামুদ্দিন নামৰ টে’টৰ জাল প্ৰমাণ-পত্ৰ চক্ৰৰ এটা দালালক গ্ৰেপ্তাৰ কৰে৷ ধৃত ইছলামুদ্দিনে আৰক্ষীৰ জেৰাত লাখ টকাৰ বিনিময়ত ভুৱা টে’ট উত্তীৰ্ণৰ চাৰ্টিফিকেট বিক্ৰী কৰা বুলিও স্বীকাৰ কৰিছে৷ আনহাতে, সংবাদ মাধ্যমৰ আগত দালাল ইছলামুদ্দিনে চক্ৰটোৰ সৈতে নগাঁৱৰ এ ডি পি কলেজৰ [আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়] জেহিৰুল ইছলাম নামৰ এজন শিক্ষক জড়িত আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ ইপিনে, সোমবাৰে নিশা আৰক্ষীয়ে দক্ষিণ কামৰূপ গৰৈমাৰীৰ পৰা আক্ৰাম হুছেইন নামৰ এজন শিক্ষকক গ্ৰেপ্তাৰ কৰাৰ লগতে হাজোৰ এক নং বেলকৰ আৰু বঙালপাৰাৰ পৰা দিলদাৰ হুছেইন, মুক্তাৰ আলী, আক্কাছ আলী, আজমুল হক আৰু¸ নাজামুদ্দিন আহমেদ নামৰ ভুৱা শিক্ষককেইজনক গ্ৰেপ্তাৰ কৰে৷ ইয়াৰে এজন শিক্ষকে সংবাদ মাধ্যমৰ আগত দালালক ১ লাখ টকা দি টে’ট উত্তীৰ্ণৰ প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰিছিল বুলিও স্বীকাৰ কৰিছে৷ লক্ষণীয়ভাৱে চি আই ডিয়ে গ্ৰেপ্তাৰ কৰা দুগৰাকী মহিলা ৪-৫ মহীয়া সন্তানৰ মাতৃ৷ মঙলবাৰে কোলাত কেঁচুৱা থকা অৱস্থাতে ধৃত মহিলা তথা ভুৱা টে’ট শিক্ষয়িত্ৰী দুগৰাকীকে ধৰি মুঠ ১৩জনক কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই তদন্তকাৰী আৰক্ষীয়ে৷ আদালতে আটাইকেইজন অভিযুক্তকে ৩ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷