Logo
image

নিৰ্বাচনী শোভাযাত্ৰা বাইক ৰেলী নিষিদ্ধ

আমাৰ অসম, ৮ অক্টোবৰঃ ৰাজ্যৰ ৫ সমষ্টিত হ’ব লগা বিধানসভাৰ উপ-নিৰ্বাচনক লৈ কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচন আয়োগে৷ অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই বৃহস্পতিবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি উপ-নিৰ্বাচন সম্পৰ্কীয় ক’ভিড বিধি ঘোষণা কৰে৷ ৩০ অক্টোবৰত মৰিয়নি, থাওৰা, গোসাঁইগাঁও, ভৱানীপুৰ আৰু তামুলপুৰ সমষ্টিত হ’ব লগা উপ-নিৰ্বাচনৰ প্ৰচাৰত শোভাযাত্ৰা, ৰোড-শ্ব’, বাইক-চাইকেল ৰেলী সম্পূৰ্ণ নিষিদ্ধ ঘোষণা কৰিছে৷ ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াজনে প্ৰকাশ কৰা মতে ৩০ অক্টোবৰত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ভোটদানৰ ব্যৱস্থা থাকিব৷ কঠোৰ ক’ভিড প্ৰট’কলৰ মাজেৰে অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন৷ মনোনয়ন দাখিলৰ সময়ত ৰাজহুৱা সভা-শোভাযাত্ৰা আদি নিষিদ্ধ কৰা হৈছে৷ প্ৰাৰ্থীজনৰ সৈতে আন দুজন ব্যক্তিহে মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকিব পাৰিব৷ আনহাতে, প্ৰচাৰৰ ক্ষেত্ৰতো মাত্ৰ পাঁচজন ব্যক্তি-সমৰ্থকে ভোটাৰৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাব পাৰিব৷ ভোটদানৰ ৭২ ঘণ্টা পূৰ্বে বন্ধ কৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ অভিযান৷ ভোটাৰসকলে মাস্ক পিন্ধি ভোটকেন্দ্ৰলৈ আহিব লাগিব বা তেওঁলোকক কেন্দ্ৰত নিৰ্বাচন আয়োগৰ ফালৰ পৰা মাস্ক যোগান ধৰা হ’ব৷ সন্ধিয়া ৭ বজাৰ পৰা পুৱা ১০ বজালৈ কঠোৰভাৱে নিষিদ্ধ হ’ব প্ৰচাৰ অভিযান৷ ১০০০তকৈ অধিক ভোটাৰ থকা ভোটকেন্দ্ৰ সমূহৰ ক্ষেত্ৰত অতিৰিক্ত কেন্দ্ৰ স্থাপন কৰা হ’ব৷ ক’ভিড প্ৰট’কল উলংঘা কৰা প্ৰাৰ্থীসকলক প্ৰচাৰৰ বাবে অযোগ্য ঘোষণা কৰা হ’ব৷ ৮০ বছৰ ঊধবৰ্ৰ আৰু শাৰীৰিকভাৱে অক্ষম জ্যেষ্ঠ নাগৰিকসকলে পোষ্টেল ভোটৰ সুবিধা লাভ কৰিব৷