Logo
image

৫.৯ প্ৰাবল্যৰ ভূমিকম্পত মৃত ২০, আহত ৩০০

থৰ থৰকৈ কঁপিল পাকিস্তানৰ কেইবাখনো জিলা, বহু ঘৰ ধবংস, ঠায়ে ঠায়ে ভূমিস্খলন

আমাৰ অসম, ৮ অক্টোবৰঃ পাকিস্তানৰ বালুচিস্তানত বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত অহা এটা শক্তিশালী ভূমিকম্পই ত্ৰাস সৃষ্টি কৰে৷ ৰিখ্‌টাৰ স্কেলত ৫.৯ প্ৰাবল্যৰ ভূমিকম্পটোৰ ফলত এতিয়ালৈকে ২০জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ৩০০ৰো অধিক লোক আহত হৈছে৷ এতিয়াও বহু লোক সন্ধানহীন হৈ আছে৷ ভূমিকম্পই জোকাৰণি তোলাৰ সময়ত সকলোৱে গভীৰ টোপনিত আছিল৷ গতিকে বহু লোকে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ সক্ষম নহ’ল৷ সেয়ে হতাহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে৷ পাকিস্তানৰ সংবাদ পত্ৰ ‘ড’ন’ত প্ৰকাশিত বাতৰি অনুসৰি দক্ষিণ পাকিস্তানৰ বালুচিস্তানৰ পাহাৰীয়া এলেকাত অহা ভূমিকম্পত বহু ঘৰ ধবংস হয়৷ বিশেষকৈ মাটিৰে সজা ঘৰবোৰ নিমিষতে ধবংস হোৱাৰ ফলতে হতাহতৰ সংখ্যা ইমান বেছি হয়৷ বালুচিস্তানৰ প্ৰাদেশিক দুৰ্যোগ পৰিচালনা প্ৰধিকৰণৰ মতে প্ৰদেশখনৰ হাৰ্নাই জিলা আছিল ভূমিকম্পটোৰ অভিকেন্দ্ৰ৷ ভূ-গৰ্ভৰ ১৫ কিলোমিটাৰ গভীৰত অভিকেন্দ্ৰ হোৱা বাবেই জোকাৰণি অধিক শক্তিশালী হয়৷ পাকিস্তানৰ ৰাষ্ট্ৰীয় ভূ-কম্পন নিৰীক্ষণ কেন্দ্ৰৰ মতে ভূমিকম্পৰ জোকাৰণি কুৱেট্টা, ছিব্বি, পিছিন, মুছলিম বাগ, জিয়াৰাট, কিলা আব্দুল্লা, ছাঞ্জাৱি, ঝ’ভ আৰু চমনত অনুভূত হয়৷ প্ৰকৃততে কিমান ক্ষয়-ক্ষতি হৈছে, সেয়া এতিয়াই ক’ব পৰা নাযায় বুলি বালুচিস্তানৰ প্ৰদেশিক দুৰ্যোগ পৰিচালনা প্ৰাধিকৰণে প্ৰকাশ কৰে৷ উদ্ধাৰ অভিযান অব্যাহত আছে৷ হাৰ্নাই জিলাতে সৰ্বাধিক ১৩জন লোকৰ মৃত্যু হয়৷ ইয়াৰ ভিতৰত সৰহভাগেই শিশু৷ আহত লোকক জিলাৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে৷ বালুচিস্তানৰ মুখ্যমন্ত্ৰী জাম কামাল খান আলিয়ানিয়ে প্ৰকাশ কৰে যে ৰক্তদাতা, এম্বুলেন্স সেৱা, জৰুৰী সেৱাৰ লোকে সকলোধৰণৰ সহায় অব্যাহত ৰাখিছে৷ সেনা আৰু আৰক্ষীয়ে ভূমিকম্পত ক্ষতিগ্ৰস্ত এলেকাত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷ সেনাৰ চিকিৎসক আৰু পেৰামেডিকেলৰ ষ্টাফে প্ৰশাসনক সহায় কৰিছে৷ ভূমিকম্পৰ ফলত পাহাৰীয়া হাৰ্নাই জিলাৰ বাট-পথ বন্ধ হৈ পৰে৷ ভূমিকম্পই কেইবাঠাইতো ভূমিস্খলনৰ সৃষ্টি কৰে৷ ৯জন গুৰুতৰভাৱে আহত লোকক সেনাৰ হেলিকপ্টাৰেৰে চিকিৎসালয়লৈ নিয়া হয়৷ কেইবাটাও চৰকাৰী ভৱনো ধবংস হোৱাৰ বাতৰি আহিছে৷ এটা কয়লা খনিত ১৫জন কৰ্মচাৰী আবদ্ধ হৈ থকাত তেওঁলোকক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰখা হৈছে৷