Logo
image

শিক্ষা নহ’ল, পুনৰ চলিল এটা ইঞ্জিনৰ নাও

আমাৰ অসম, ৯ অক্টোবৰঃ যাত্ৰীবাহী ফেৰীখন খুন্দাত ভাগি-ফাটি নদীৰ বুকুলৈ মুহূৰ্ততে সোমাই গৈছিল৷ চকুৰ সন্মুখতে মৃত্যু৷ জীয়াই থকাৰ হেঁপাহত সাঁতুৰিব নেজানিলেও প্ৰাণৰ মমতাত, ঘৰত এৰি অহা পোনাকনক আকৌ দেখাৰ অদম্য তাড়নাত ভৰা লুইতত জাপ দিছিল কোনো মাতৃয়ে৷ পত্নীক পাৰত থৈ কক্‌বকাই থকা আন যাত্ৰীক উদ্ধাৰৰ বাবে পুনৰ নদীত জাপ দিছিল শিক্ষক ইন্দ্ৰেশ্বৰ বৰাই৷ মাজুলীবাসীক চিকিৎসা সেৱা অগবঢ়াবলৈ মাজুলীলৈ ঘূৰি আহিছিল ডাঃ বিক্ৰমজিৎ বৰুৱা৷ শিক্ষাৰ পোহৰ বিলাবলৈ আহিছিল অধ্যাপিকা পৰিমিতা দাস৷ মাজুলী-যোৰহাট সংযোগী নিমাতী ফেৰীঘাটত ৮ছেপ্টেম্বৰত সংঘটিত এই ভয়াৱহ ফেৰী দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাব লগা হ’ল ডাঃ বিক্ৰমজিৎ বৰুৱা, অধ্যাপিকা পৰিমিতা দাস আৰু শিক্ষক ইন্দ্ৰেশ্বৰ বৰাই৷ আজি মাজুলীবাসী ৰাইজৰ সহযোগত প্ৰয়াত তিনিওজনৰ স্মৰণ কৰি মাজুলীবাসীয়ে ৰাজহুৱাভাৱে আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰে৷ মাজুলীৰ বিভিন্ন দল-সংগঠনৰ উদ্যোগত মাজুলীৰ খনাচুক গাঁৱৰ শ্ৰীশ্ৰীমাধৱদেৱ কৃষ্টি কেন্দ্ৰত মাজুলীবাসীয়ে ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা ৰাজহুৱা আদ্যশ্ৰাদ্ধত পুৱা সামূহিক চাফাই, গছপুলি ৰোপণ আৰু তিনি শ্বহীদক শ্ৰদ্বাঞ্জলি জ্ঞাপন কাৰ্যসূচীৰ ৰূপায়ণ কৰে৷ তিনিওজন শ্বহীদৰ প্ৰতিকৃতিত পুষ্পমাল্য প্ৰদান কৰি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ক্ৰমে মাজুলী, মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড॰ আনন্দ হাজৰিকা, ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ নৱ গাম আৰু জ্যেষ্ঠ চিকিৎসক ডাঃ মাণিক মিলিয়ে৷ ইয়াৰ পাছতে খোনাচুকসকলৰ ৰাইজে নাম-প্ৰসংগ কৰে৷ নাম-প্ৰসংগৰ পাছতে অনুষ্ঠিত স্মৃতিচাৰণ সভাত সভাপতিত্ব কৰে ডাঃ মাণিক মিলিয়ে৷ উক্ত সভাতে শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড॰ পীতাম্বৰদেৱ গোস্বামীয়ে স্মৃতিগ্ৰন্থ ‘স্মৃতিমাল্য’ উন্মোচন কৰে৷ স্মৃতিগ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত সত্ৰাধিকাৰগৰাকীয়ে কয় ৮ ছেপ্টেম্বৰত নিমাতী ফেৰীঘাটত যি ঘটনা সংঘটিত হ’ল সেই ঘটনা সমগ্ৰ অসমবাসীৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক৷ ঘটনাটোত যি তিনিজন লোকে অকালতে প্ৰাণ হেৰুৱালে তেওঁলোক প্ৰকৃততে মাজুলীৰ প্ৰতি অত্যন্ত শ্ৰদ্ধাশীল আছিল৷ কেৱল কৰ্মসূত্ৰেই নহয় মাজুলীৰ লগত এক আত্মিক প্ৰীতি-সম্বন্ধৰে বান্ধ খাই পৰিছিল৷ মাজুলীবাসী ৰাইজেও আজি ৰাজহুৱাভাৱে আদ্যশ্ৰাদ্ধ পাতি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাজ্ঞাপন কৰাটো অতি সৎ চিন্তা কৰা হৈছে৷ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰসমূহ কাৰ্যসূচীত ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ডাঃ বিক্ৰমজিৎ বৰুৱাৰ ভাতৃ গৌতম চাহু আৰু দুজন সহযোগী চিকিৎসক, ইন্দ্ৰেশ্বৰ বৰাৰ সহধৰ্মিনী, পিতৃ প্ৰভাত বৰাকে ধৰি ভাতৃ আৰু ভাতৃ বোৱাৰী উপস্থিত থাকে৷ উল্লেখ্য, আজিৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধভাগি সফলতাৰে ৰূপায়ণৰ বাবে ইতিমধ্যে ড॰ নৱ গাম, যুটীয়া সঞ্চালক নীল পেগু, যুগল হাজৰিকা, গুণেশ্বৰ গায়ন, সূৰ্য্য কুমাৰ ভূঞা, আৰু সমূহ জাতীয় সংগঠনৰ সভাপতি সম্পাদকসকলক উপদেষ্টা, ডাঃ মাণিক মিলিক সভাপতি, ডিম্বেশ্বৰ দত্তক কাৰ্যকৰী সভাপতি, জগত হাজৰিকা, পবিত্ৰ গোস্বামীক সম্পাদক হিচাপে লৈ ৰাজহুৱা সভাযোগে এখন আয়োজক সমিতি গঠন কৰি দিছিল৷ একেদৰে কাজল দত্তক সভাপতি, বিতোপন শৰ্মা আৰু পবিত্ৰ বৰাক সম্পাদক হিচাপে লৈ স্মৃতিগ্ৰন্থ সম্পাদনা সমিতি আৰু মহেন্দ্ৰ কাকতিক সভাপতি দিপু বৰাক সম্পাদক হিচাপে লৈ গঠন কৰি দিয়া হৈছিল ব্যৱস্থাপনা সমিতি৷ এই তিনিওখন সমিতিয়ে পুৱাৰ পৰা সন্ধিয়ালৈ সম্পূৰ্ণ সহযোগিতাৰে ৰাজহুৱা আদ্যশ্ৰাদ্ধভাগি সুচাৰুভাৱে সম্পন্ন কৰে৷

যোৰহাট-মাজুলী সংযোগী দলঙেই মাজুলী ৰক্ষাৰ শেষ অস্ত্ৰঃ ড॰ পীতাম্বৰদেৱ গোস্বামী

মাজুলীৰ উন্নয়ন আৰু বিকাশৰ মূলমন্ত্ৰ হ’ব যোৰহাট-মাজুলী সংযোগী দলং, এইখন দলং প্ৰগতিৰ বাৰ্তাবাহক হ’ব, এইখন দলঙেই আধুনিক সভ্যতাৰ পোহৰ কঢ়িয়াই আনি মাজুলীৰ দুই লাখ জনগণক মুক্তি দিব, বৰ্তমান বিশ্বমুখী সভ্যতাৰ সকলো অসূয়া-অপ্ৰীতি দূৰ কৰি মাজুলীৰ মানুহৰ চাৰি বজাৰ পাছত আৰম্ভ হোৱা আবদ্ধ জীৱনক গতি দিবৰ বাবেই যোৰহাট-মাজুলী সংযোগী দলং তৎকালীনভাৱে নিৰ্মাণ কৰিব লাগে’—— এই মন্তব্য আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড॰ পীতাম্বৰদেৱ গোস্বামীৰ৷ অভিশপ্ত ৮ছেপ্টেম্বৰত নিমাতীঘাটত সংঘটিত ভয়ানক ফেৰী দুৰ্ঘটনাত সলিল সমাধি ঘটা চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰুৱা, অধ্যাপিকা পৰিমিতা দাস আৰু শিক্ষক ইন্দ্ৰেশ্বৰ বৰাৰ স্মৃতিত আজি মাজুলীত ‘অনুষ্ঠিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান’ত স্মৃতিগ্ৰন্থ ‘স্মৃতি মালা’ উন্মোচন কৰি ড॰ গোস্বামীয়ে তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সভাপতি ডাঃ মাণিক মিলিৰ সভাপতিত্বত অনুষ্ঠিত সভাত আউনীআটীয় সত্ৰাধিকাৰ ড॰ গোস্বামীয়ে মাজুলীৰ মানুহ যাতে আৰু ব্ৰহ্মপুত্ৰৰ বুকুত হেৰুৱাই বেদনা পাব নালাগে, তাৰ বাবে দলংখন নিৰ্মাণৰ কাম তৎকালীনভাৱে কৰিবলৈ চৰকাৰীপক্ষক আহ্বান জনায়৷ উদ্‌যাপন সমিতিৰ সভাপতি জগত হাজৰিকাই আঁতধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মাজুলীৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে৷ সদৌ মাজুলী জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতি, মাজুলী জিলা সাংবাদিক সন্থা, আপকুৰ জিলা সমিতি, টি এম পি কে, এম এম কে, মাজুলী জিলা কৰ্মচাৰী পৰিষদ, মাজুলী জিলা চিকিৎসা সেৱা সন্থা, জিলা হাইস্কুল শিক্ষক সন্থা, মাজুলী জিলা সাহিত্য সভা, মাজুলী কলেজ শিক্ষক সন্থা আৰু ৰঙাচাহী মহাবিদ্যালয়ৰ সামূহিক উদ্যোগত, মাজুলীবাসীৰ সহযোগত আজি খোনাচুকৰ মাধৱদেৱ কৃষ্টি কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে উক্ত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়৷  শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কাৰ্যসূচী হিচাপে পুৱা ঊষাকীত্তৰ্ন পৰিৱেশন কৰে খোনাচুকৰ যুৱক-যুৱতীসকলে৷ তাৰ পাছত নিমাতীঘাটত মৃত্যু হোৱা শিক্ষক ইন্দ্ৰেশ্বৰ বৰা, চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰুৱা আৰু অধ্যাপিকা পৰিমিতা দাসৰ স্মৃতিত গছপুলি ৰোপণ কৰে দেবেন হাজৰিকা, ডিম্বেশ্বৰ দত্ত আৰু মিনতি শইকীয়াই৷ স্মৃতি তৰ্পণ কৰে ড॰ নৱ কুমাৰ গাম, ড॰ আনন্দ হাজৰিকা আৰু ডাঃ মাণিক মিলিয়ে৷ পুৱা দহ বজাৰ পৰা খোনাচুক গাঁৱৰ ৰাইজৰ নেতৃত্বত অঞ্চলটোৰ শতাধিক বৈষ্ণৱে নাম - প্ৰসংগ পৰিৱেশন কৰে৷ নাম প্ৰসংগত শতাধিক মহিলাইও অংশগ্ৰহণ কৰে৷ উক্ত,  স্মৃতিচাৰণ সভাত প্ৰয়াত ইন্দ্ৰেশ্বৰ বৰাৰ পিতৃ, পত্নী, ডাঃ বিক্ৰমজিৎ বৰুৱাৰ ভাতৃয়ে এক শোকাকুল পৰিৱেশত আবেগিক বক্তব্য প্ৰদান কৰে৷  সন্ধিয়া বন্তি প্ৰজ্বলন কৰে বিপুল হাজৰিকাই৷ মাজুলীৰ প্ৰতিঘৰ পৰিয়ালৰ পদূলিত আজি সন্ধিয়া এগছিকৈ বন্তি জ্বলাই কাৰ্যসূচীৰ সামৰণি মৰা হয়৷