Logo
image

হেপাটাইটিছ-চিৰ ভাইৰাছ আৱিষ্কাৰকলৈ নোবেল

আমাৰ অসম, ০৬ অক্টোবৰঃ সমগ্ৰ বিশ্বক কৰ’না অতিমাৰীয়ে আবৰি ধৰাৰ সময়তে সোমবাৰে চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ঘোষণা কৰা হৈছে৷ ২০২০ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেলৰ বাবে নিৰ্বাচিত হৈছে হাৰ্ভে জে অল্টাৰ, মাইকেল হ’টন আৰু চাৰ্লছ এম ৰাইচ৷ এই তিনিওগৰাকী চিকিৎসা বিজ্ঞানীক হেপাটাইটিছ-চি ভাইৰাছ সম্পৰ্কীয় উদ্ভাৱনৰ বাবে নোবেল আগবঢ়োৱা হৈছে৷ এই চিকিৎসা বিজ্ঞানীত্ৰয়ে ৰক্তজাত হেপাটাইটিছত থকা চি ভাইৰাছ সন্দৰ্ভত বিস্তৃত তথ্য আৱিষ্কাৰ কৰিছে, যিসমূহ তথ্য এ আৰু বি ভাইৰাছৰ ক্ষেত্ৰত উদ্ভাৱন, বিশ্লেষণ আৰু ব্যাখ্যা নোহোৱাকৈ ৰৈ গৈছিল৷

নোবেল বঁটা প্ৰদান কৰা কমিটীয়ে এক বিবৃতিত জনাইছে, বিজ্ঞানীত্ৰয়ে উদ্ভাৱন কৰা তথ্য চিকিৎসা বিজ্ঞানৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ৷ হেপাটাইটিছ চিৰ দ্বাৰা তেজৰ জৰিয়তে বিয়পা ৰোগ সাম্প্ৰতিক বিশ্বৰ বাবে গুৰুতৰ স্বাস্থ্যজনিত সমস্যা, য’ৰ পৰা মাৰাত্মক কৰ্কট ৰোগ আৰু চিৰ’ছিছৰ দৰে জটিল ৰোগৰ সৃষ্টি হয়৷ তেওঁলোকে যি আৱিষ্কাৰ কৰিছে তাৰ দ্বাৰা উচ্ছ সংবেদনশীল ৰক্ত পৰীক্ষাৰ জৰিয়তে চি ভাইৰাছ ধৰা পেলাব পৰা যাব৷ ইয়াৰ ফলত চি ভাইৰাছজনিত হেপাটাইটিছ সম্পৰ্কিত ৰোগ নিৰ্মূল কৰাতো সহজ হৈ পৰিব৷ ইয়াৰ উপৰি হেপাটাইটিছ চিৰ এণ্টিভাইৰেল ঔষধ দ্ৰুতভাৱে উদ্ভাৱন কৰাতো সহজসাধ্য হৈ পৰিব৷ ‘বিশ্বৰ চিকিৎসা ইতিহাসত এতিয়া প্ৰথমবাৰৰ বাবে হেপাটাইটিছ চি নিৰ্মূল কৰা আৰু ইয়াৰ পৰা উদ্ভৱ হোৱা ৰোগ নিৰাময় কৰিব পৰাতো নিশ্চিত হৈছে’– বিবৃতিটোত নোবেল কমিটীয়ে এইদৰে কয়৷ প্ৰসংগতঃ উল্লেখযোগ্য, সমগ্ৰ বিশ্বত বছৰি ৭০ নিযুত লোক হেপাটাইটিছ-চিত আক্ৰান্ত হয় আৰু প্ৰতি বছৰ চাৰি লাখৰ মৃত্যু হয়৷

চিকিৎসা বিজ্ঞানৰ নোবেল বঁটাৰ বাবে নিৰ্বাচিত হাৰ্ভে জে অল্টাৰ আৰু চাৰ্লছ এম ৰাইচ হৈছে মাৰ্কিন নাগৰিক আৰু মাইকেল হ’টন হৈছে ব্ৰিটিছ নাগৰিক৷ কোৱা বাহুল্য মাথোঁ তিনিওগৰাকী চিকিৎসাবিজ্ঞানী মূলতঃ ভাইৰ’লজিষ্ট৷ কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বত সংহাৰ চলোৱাৰ সময়ত এতিয়া বিশ্বৰ চুকে কোনে সকলোৱেই ভাইৰাছ আৰু ভাইৰ’লজিষ্ট শব্দ দুটাৰ সৈতে পৰিচিত হৈ পৰিছে৷ এনে ক্ষেত্ৰত সাধাৰণ লোকৰ মনত উদয় হোৱা প্ৰশ্ন হৈছে– কৰ’না ভাইৰাছৰ বাবে কৰা প্ৰতিষেধক বা অন্যান্য গৱেষণাৰ বাবে কোনো বিজ্ঞানী কিয় নোবেলৰ বাবে বিবেচিত নহ’ল? কোৱা বাহুল্য মাথোঁ, নোবেলৰ বাবে বিবেচিত বিজ্ঞানীৰ গৱেষণাৰ দীৰ্ঘদিনৰ ফলাফল বিশ্লেষণ কৰা হয় আৰু এইবাৰ কৰ’নাৰ ক্ষেত্ৰত কৰা গৱেষণা বিবেচনালৈ নাহে বুলি আগতীয়াকৈ নোবেল কমিটীয়ে প্ৰকাশ কৰিছিল৷