Logo
image

পৃথিৱীমুখী গ্ৰহাণুক ধবংস কৰিব নাছাই

আমাৰ অসম, ৯ অক্টোবৰঃ পৃথিৱী অভিমুখে নিতৌ আহি আছে গ্ৰহাণু৷ এই গ্ৰহাণুৰ আকৃতি যদি ক্ষুদ্ৰ হয় তেন্তে চিন্তাৰ কোনো কাৰণ নাথাকে৷ কিন্তু আকাৰ ডাঙৰ হ’লে গ্ৰহাণুৰ খুন্দাই ভয়ংকৰ বিপদ কঢ়িয়াই আনিব পাৰে পৃথিৱীবাসীলৈ৷ সেয়ে গ্ৰহাণুৰ পৰা পৃথিৱীবাসীক ৰক্ষা কৰিবলৈ উপায় বিচাৰি উলিয়াইছে নাছাই৷ পৃথিৱী অভিমুখে আহি থকা গ্ৰহাণু মহাকাশতেই ধবংস কৰাৰ পৰিকল্পনা হাতত লৈছে নাছাই৷ অহা নৱেম্বৰ মাহত নাছাই ইয়াৰ বাবে মহাকাশলৈ প্ৰেৰণ কৰিব এটা পৰীক্ষামূলক মিছন ৰকেট৷ অৱশ্যে এই ৰকেটটো হ’ব মানৱ বিহীন৷ এই মিছনৰ লক্ষ্য হ’ব ভৱিষ্যতে পৃথিৱীৰ পিনে ধাৱমান হোৱা উল্কা বা গ্ৰহাণুক পথচ্যুত কৰা অথবা মহাকাশতেই ধবংস কৰি দিয়া৷