Logo
image

পেট্ৰ’লৰ জুইত ঘিঁউ ঢালিছে নেতা-মন্ত্ৰীয়ে

আমাৰ অসম, ১১ অক্টোবৰঃ  নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ ফলত সৰ্বসাধাৰণ লোকৰ বাবে যি সময়ত ৰুদ্ধশ্বাসকৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ সেই সময়ত মূল্যবৃদ্ধিক সমৰ্থন কৰিবলৈ গৈ হকে বিহকে মন্তব্য কৰিছে শাসকীয় দলৰ ৰাজনেতাসকলে৷ ৰাজ্যৰ সৰ্বত্ৰতে আজিৰ দিনটোত পেট্ৰ’লৰ মূল্য ১০০টকা অতিক্ৰম কৰিলে৷ ইয়াৰ পাছতো কিন্তু ৰাইজক সকাহ দিয়াটো দুৰৰে কথা বিভিন্ন তৰল কথাৰে মূল্যবৃদ্ধিৰ যুক্তি যুক্ততা প্ৰতিপন্ন কৰিবলৈ যেন উঠি পৰি লাগিছে একাংশ মন্ত্ৰী বিধায়কে৷ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্ব তেলীয়ে পেট্ৰ’ল ডিজেলৰ অভাৱনীয় মূল্য বৃদ্ধিক সমৰ্থন কৰি কয় – হিমালয়ৰ পানী যদি খায় এবটলৰ দাম ১০০টকা৷ পানীৰ দামহে বেছি৷ তেলৰ দাম নহয়৷ পেট্ৰ’লৰ দাম বেছি হোৱা নাই৷ পেট্ৰলত কিছুমান টেক্স লগোৱা থাকে৷ আপোনালোকে নিশ্চয় ভেকচিন লৈছে ক’ভিডৰ৷ এই ভেকচিনৰ টকা বিলাক কৰ পৰা আহিব৷ আপোনালোকে দিয়া নাই ভেকচিনৰ টকা৷ ভেকচিনৰ টকা বিলাক এনেদৰে সংগ্ৰহ কৰা হয়৷ টেক্সৰ জৰিয়তে টকা সংগ্ৰহ হয়৷ পেট্ৰ’লৰ দাম ৪০টকা৷ কিন্তু টেক্স লগোৱা আছে৷ সমগ্ৰ দেশৰ ভিতৰত অসমতে পেট্ৰ’লৰ ওপৰত আটাতকৈ কম টেক্স লগোৱা আছে৷ ২৮টকা টেক্স লগোৱা আছে প্ৰতি লিটাৰ পেট্ৰ’লত৷ পেট্ৰ’লিয়াম মন্ত্ৰণালয়ে ৩০ টকা টেক্স লগাইছে পেট্ৰ’লৰ ওপৰত৷ যাৰ ফলত ১০০টকা হৈছে পেট্ৰ’লৰ মূল্য৷ আন্তৰ্জাতিক বজাৰত তেলৰ মূল্য বৃদ্ধি পালে ভাৰততো বৃদ্ধি পাব৷ আন্তৰ্জাতিক বজাৰত হ্ৰাস পালে দেশতো কমিব৷ আনহাতে প্ৰদেশ বিজেপিৰ সভাপতি তথা বিধায়ক ভৱেশ কলিতাই পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি সন্দৰ্ভত মত প্ৰকাশ কৰি কয়– ৰাস্তাত কিমান গাড়ী চলে৷ আমি যদি কম-কম গাড়ী ব্যৱহাৰ কৰো তেন্তে পেট্ৰ’ল ডিজেলৰ মূল্য এনেই কমি যাব৷ বজাৰ কৰিবলৈ গলেও ডাঙৰ গাড়ী লৈ যায়৷ চাইকেলখন লৈ গলেওতো হয়৷ বজাৰলৈ খোজ কাঢ়ি গ’লেও পেট্ৰ’ল-ডিজেলৰ দাম কমিব৷ কৰবাত নহয় কৰবাত ত্যাগ স্বীকাৰ কৰিব লাগিব৷ ল’ৰাটোক কিয় বাইক দিব লাগে৷ একোখন ঘৰত ৫খনকৈ গাড়ী থাকে৷ যোগান কম থাকিলে মূল্য বৃদ্ধি হবই৷ মই সেইকাৰণে এখন গাড়ী ব্যৱহাৰ কৰো৷ এছকোৰ্ট নলওঁ৷ সাংবাদিক সকলেও চাইকেল ব্যৱহাৰ কৰক৷ এখন বাইকত ৩জনকৈ আহক৷ হাল্লা কৰি থাকিলে নহ’ব৷ বস্তুৰ দাম ১০পইচা বাঢ়িলে আকৌ ২০ পইচা কমি যায়৷ এইবোৰ চলি থাকিব৷ মাটিৰ পৰা আৰু কিমান তেল ওলাব৷ আমি উৎপাদন মুখী হ’ব লাগিব৷ দুয়োজন নেতাৰ এনে উদ্ভৱ মন্তব্যৰ বিপৰীতে মন্ত্ৰী পীয়ুষ হাজৰিকাই মূল্যবৃদ্ধিৰ সন্দৰ্ভত মত প্ৰকাশ কৰি কয়– তেলৰ মূল্য কম হ’ব লাগে বুলি মই উপলব্ধি কৰে৷ আন্তৰ্জাতিক বজাৰত ঘৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৫৫০০টকা হৈছে৷ সেয়ে পেট্ৰ’লৰ মূল্য বৃদ্ধি গৈছে৷ কিন্তু তেলৰ মূল্য কম থাকিলে মানুহৰ কাৰণে সুবিধা হয়৷ দাম কমিলে মই ভাল পাওঁ৷  দাম নিশ্চয় সোনকালে কমিব৷ উল্লেখ্য যে কিছুদিন পূৰ্বে ৰাজ্যত কণীৰ মূল্য অভাৱনীয় বৃদ্ধি পোৱাৰ সময়ত যোগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দাবী কৰিছিন যে ক’ভিডৰ সময়ত মানুহ বেছিকৈ কণী খাবলৈ লোৱাৰ ফলতে অসমত কণীৰ মূল্য বেছি হৈছে৷