ৰাজনৈতিক দলৰ টুপী আৰু শ্লোগান
স্বাধীনতা আন্দোলনৰ পটভূমিত গঠিত কংগ্ৰেছৰ সদস্যসকলে এটা সময়ত বিশেষধৰণৰ টুপী পিন্ধিছিল৷ টুপীটোক কংগ্ৰেছী টুপী বুলিয়ে জনা গৈছিল আৰু টুপীটো পিন্ধাসকলক কংগ্ৰেছৰ ভলুণ্টিয়াৰ বুলি জনা গৈছিল৷ পাছত দেখা গ’ল– বিজেপিৰ মানুহবোৰেও BJP বুলি লিখা একধৰণৰ টুপী পিন্ধিবলৈ ল’লে৷ উত্তৰ প্ৰদেশত ‘সমাজবাদী দলে’ ৰঙা টুপী আৰু দিল্লীত অৰবিন্দ কেজৰিৱালৰ ‘আপ’ পাৰ্টীৰ মানুহে আৰম্ভণিৰ পৰাই AAP লিখা টুপী পিন্ধিছে৷ শেহতীয়া নিৰ্বাচনৰ সময়ত দেখা গৈছিল অসমত ‘অগপ’ দলৰ মানুহেও AGP বুলি লিখা টুপী পিন্ধিছিল৷ এই কথা লক্ষ্য কৰি মানুহে ধৰি লৈছে– পুৰণি আৰু ডাঙৰ দলৰ মানুহবোৰে নিজেও টুপী পিন্ধিছে আৰু ৰাইজকো টুপী পিন্ধাবলৈ সাজু হৈছে৷ হয়তো দুদিনমান পাছত দেখা যাব– নতুন দলৰ মানুহবোৰেও মূৰত বিশেষধৰণৰ টুপী পিন্ধিবলৈ ল’ব৷
নিৰ্বাচনী ৰাজনীতিৰ আলেখলেখ লক্ষ্য কৰি সচেতন লোকৰ মনত প্ৰশ্ন উঠিছে– এই গতিত গৈ থাকিলে ভৱিষ্যতে হয়তো ৰাজনৈতিক অধঃপতনে সমাজৰ বিশৃংখলতাৰ মূল কাৰণ হৈ পৰিব৷
যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত পশ্চিমবংগত মমতাৰ দলে ‘খেলা হবে’ বুলি গানৰ সুৰত এক শ্লোগান তৈয়াৰ কৰিছিল আৰু শ্লোগানটোৰ জনপ্ৰিয়তা দেখি স্বয়ং নৰেন্দ্ৰ মোদীয়ে ‘বিকাশ হবে’ বুলি ক’বলৈ বাধ্য হৈছিল৷ তাকে দেখি অসমত ৰকিবুল হুছেইনৰ দৰে কংগ্ৰেছৰ উৎসাহীসকলে ‘খেলা হ’ব, খেলা হ’ব’ বুলি শ্লোগান দি চিঞৰিছিল আৰু প্ৰত্যুত্তৰত বিজেপিৰ সেইসময়ৰ সভাপতি ৰঞ্জিত দাসে ঠাট্টাৰ সুৰত ‘খেলা নহয়, মেলা হ’ব’ বুলি কৈছিল৷ শেষত বিজেপিৰ প্ৰচাৰৰ মূল তাৰকা ড॰ হিমন্ত বিশ্ব শৰ্মাই এখোপ ওপৰলৈ গৈ কৈছিল– ‘খেলা-মেলা একো নহ’ব, কেৱল মোদীৰ চৰকাৰ হ’ব৷’
নিৰ্বাচন পাৰ হোৱাৰ পাছত দেখা গ’ল বেছিভাগতে বিজেপিৰ চৰকাৰ হৈছে আৰু খেলাৰ নামত দেশত বস্তুৰ দাম হোৰাহোৰে বাঢ়িছে আৰু ব্যক্তিগতকৰণ জোৰদাৰ হ’বলৈ ধৰিছে৷ দেশত উচ্ছ শিক্ষা ব্যয়বহুল হৈছে, নিবনুৱা সমস্যা প্ৰকট হৈছে৷ লকডাউনৰ সময়ত ধনীবোৰ বেছি ধনী আৰু দুখীয়াবোৰক বেছি দুখীয়া হোৱা দেখা গৈছে৷
ৰাজনৈতিক দলৰ টুপী আৰু শ্লোগানবোৰ ৰাইজৰ বাবে ভৱিষ্যত দিনৰ ভয়াৱহতাৰ ইংগিত হৈ পৰা দেখা গৈছে৷ দলবোৰে ৰাইজক টুপী পিন্ধাই খেল দেখুৱাবলৈ ওলাইছে৷ ৰাজনৈতিক অপসংস্কৃতিৰ প্ৰভাৱৰ ফলত সামাজিক বিশৃংখলা আৰু তেনে বিশৃংখলাৰ ফলত নানা সমস্যা জটিল হ’বলৈ ধৰিছে৷ বায়ুমণ্ডলত প্ৰদূষণ বাঢ়িছে, সমাজত ড্ৰাগ্ছ-ভাং-মদখোৱা মানুহ বেছি হৈছে, ৰাস্তাত ট্ৰেফিক জাম বাঢ়িছে আৰু চহৰবোৰতো বান হ’বলৈ ধৰিছে৷
ৰাজনৈতিক দলবোৰৰ ব্যৰ্থতা আৰু ক্ষমতাৰ প্ৰতিযোগিতাৰ বাবে এতিয়া ধৰ্মৰ নামত সমাজখন ভাগ-ভাগ হ’বলৈ ধৰিছে আৰু সেইখন খেলে সমাজখন কলুষিত কৰিবলৈ ওলাইছে৷ যদিহে সাংঘাতিক পৰিৱৰ্তন নহয়, সমাজৰ এনে বিশৃংখলা আৰু কলুষিতাৰ ফলত অদূৰ ভৱিষ্যতে সমাজত মানুহৰ শান্তি বিঘ্নিত হোৱা বহু ঘটনা-পৰিঘটনা সংঘটিত হ’ব বুলি আশংকা কৰাৰ থল আছে৷






