Logo
image

মূৰৰ কাষত ম’বাইল ৰাখি নুশুব

আমাৰ অসম, ০৭ অক্টোবৰঃ শোৱাৰ সময়ত মূৰৰ কাষত ম’বাইল থৈ কেতিয়াও নুশুব৷ ইয়ে কেতিয়াবা মাৰাত্মক ক্ষতি কৰিব পাৰে৷ মূৰৰ কাষত ম’বাইল লৈ শুলে কি কি ক্ষতি হ’ব পাৰে জানি থওক– দীৰ্ঘ সময় ধৰি ম’বাইল ফোনত কথা নাপাতিব৷ একেলেথাৰিয়ে ১৫ মিনিটতকৈ বেছি সময় কথা নাপাতিব৷ এয়া কোনো কাৰণতে উচিত নহয়৷ দীৰ্ঘ সময় ম’বাইল ফোনত কথা পাতিব লাগিলে স্পীকাৰ বা হেডফোনৰ জৰিয়তে কথা পাতিব৷ এই সময়ত ম’বাইলটো দুই-তিনি ইঞ্চি দূৰৈত ৰাখিব৷ ব্যৱসায়িক প্ৰতিষ্ঠান বা কাৰ্যালয়ত যদি লেণ্ডফোন থাকে তেতিয়া লেণ্ডফোনতে কথা পাতক৷ যেতিয়া ম’বাইল ফোনত ছিগ্‌নেল দুৰ্বল থাকে বা বেটাৰীৰ চাৰ্জ কম থাকে তেতিয়াও ম’বাইল ব্যৱহাৰৰ নকৰিব৷ কোনো যান-বাহন যেনে– কাৰ, বাছ, ট্ৰেইন, প্লেন আৰু লিফ্‌টত ম’বাইল ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক৷ কাৰণ ধাতৱ বস্তু ওচৰত থাকিলে ৰেডিয়েচনৰ মাত্ৰা বাঢ়ি যায়৷ পকেট বা শৰীৰৰ সংস্পৰ্শত ম’বাইল ফোন নাৰাখি বেগত ৰাখিব৷ অত্যন্ত জৰুৰীৰ বাহিৰে শিশুৰ হাতত ম’বাইল নিদিব৷ বিশেষকৈ যাৰ বয়স ১৮ বছৰৰ কম৷ মূৰৰ কাষত ম’বাইল থৈ কেতিয়াও নুশুব৷ কমপক্ষেও কেইবা ফুট দূৰৈত ম’বাইল ৰখাৰ ব্যৱস্থা কৰক৷ যদি ফোনত এলাৰ্ম দিয়াৰ ব্যৱস্থা কৰিব বিচাৰে তেতিয়া ম’বাইলটো এয়াৰপ্লেন মুডত ৰাখিব৷ লেপটপ বা টেবলেটত কাম কৰাৰ সময়ত ম’বাইলটো টেবুলত ৰাখিব৷ ম’বাইল ফোন চাৰ্জ দি থকা অৱস্থাত কেতিয়াও ব্যৱহাৰ নকৰিব৷ আপুনি ব্যৱহাৰ কৰা বেডৰূম বা যিটো কোঠা আপুনি বেছিকৈ ব্যৱহাৰ কৰে তাত ৱাই-ফাইৰ ব্যৱস্থা দূৰৈত ৰাখক আৰু নিশাৰ সময়ত বন্ধ ৰাখক৷ আন্ধাৰত ম’বাইল, লেপটপ ব্যৱহাৰৰ পৰা বিৰত থাকিব৷ কাৰণ আন্ধাৰত মণিটৰৰ পৰা যি ৰশ্মি নিৰ্গত হয় সেই ৰশ্মি আমাৰ চকুৰ কাৰণে অত্যন্ত ক্ষতিকাৰক৷