Logo
image

পেট্ৰ’লৰ ২০০ টকা হ’লেই বাইকত তিনিজন উঠাৰ ব্যৱস্থা

আমাৰ অসম, ১৯ অক্টোবৰঃ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ পৰা হাত সৰাৰ উপায় হিচাপে এখন বাইকত তিনিজনকৈ লোকক উঠিবলৈ পৰামৰ্শ দি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা৷ এই বিতৰ্ক মাৰ নৌযাওতেই সোমবাৰে সভাপতি কলিতাই অন্য এক বিতৰ্কৰ সৃষ্টি কৰি ৰাজহুৱাভাৱে ঘোষণা কৰে যে পেট্ৰ’লৰ মূল্য ২০০ টকা হ’লে চৰকাৰে এখন বাইকত যাতে তিনিজনকৈ লোকক উঠাৰ অনুমতি দিয়ে তাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ ভৱেশ কলিতাই এখন বাইকত তিনিজনকৈ লোকক উঠাৰ পৰামৰ্শ দিয়াৰ পাছতে গুৱাহাটীৰ ৰাজপথত ছাত্ৰ-কংগ্ৰেছৰ সদস্যই এখন বাইকত তিনিজনকৈ উঠি প্ৰতীকি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ ইয়াৰ পাছত আজি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এক অনুষ্ঠানত সভাপতি কলিতাই কয়– পেট্ৰ’লৰ মূল্য যেতিয়া ২০০ টকা হ’ব তেতিয়া চৰকাৰৰ পৰা অনুমতি লৈ বাইকত তিনিজন উঠাৰ ব্যৱস্থা কৰি দিম৷ আৰু নহ’লে উদ্ভাৱনী শক্তিৰে তিনিজনীয়া বাইক নিৰ্মাণ কৰিম৷ কিন্তু প্ৰথমে পেট্ৰ’লৰ মূল্য ২০০ টকা হ’ব লাগিব৷ এতিয়াওতো পেট্ৰ’লৰ মূল্য ২০০ টকা হোৱা নাই৷ ৰাজ্যক শীঘ্ৰে সামগ্ৰীৰ মূল্যও হ্ৰাস পাব৷ ইয়াৰ পূৰ্বে সভাপতি কলিতাই পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ পৰা হাত সাৰিবলৈ অসমৰ ৰাইজক খোজকাঢ়ি, চাইকেল চলাই ঘূৰি ফুৰিবলৈ, বজাৰলৈ যাবলৈ পৰামৰ্শ দিছিল৷ ৰাইজক এনে কিছুমান অদ্ভূত পৰামৰ্শ দিয়া ভৱেশ কলিতাই পেট্ৰ’ল-ডিজেলৰ ওপৰত ৰাজ্য চৰকাৰৰ কৰৰ অংশ কৰ্তন কৰি ইয়াৰ মূল্য হ্ৰাসৰ কথা কিন্তু এবাৰো ভুলতো নকলে৷ উল্লেখ্য যে আজিৰ দিনটোত গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০২.২৬ টকা৷ আনহাতে ডিমা হাচাও জিলাত সৰ্বাধিক ১০৫.১৩ টকা প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য নিৰ্ধাৰণ কৰা হয় আজিৰ দিনটোৰ বাবে৷ ডিমা হাচাওৰ পাছত লখিমপুৰত দ্বিতীয় সৰ্বাধিক ১০৫.০৪ টকা প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য৷ গতিকে এতিয়া ৰাজ্যবাসী এখন বাইকত তিনিজনকৈ উঠিবৰ বাবে পেট্ৰ’লৰ মূল্য ২০০ টকা হোৱালৈ ৰ’ব লাগিব৷ যিদিনাখন ৰাজ্যত পেট্ৰ’লৰ মূল্য ২০০ টকা হ’ব সিদিনাই হয়তো ৰাজ্য চৰকাৰে এখন বাইকত তিনিজন লোকক উঠাৰ অনুমতি দিব বা ভৱেশ কলিতাই দাবী কৰাৰ দৰে উদ্ভাৱনী শক্তি ব্যৱহাৰ কৰি তিনিজনীয়া বাইক সাজি উলিয়াব৷