Logo
image

১৯ নৱেম্বৰত বছৰটোৰ অন্তিম চন্দ্ৰগ্ৰহণ

ভাৰতৰ কেৱল অসম-অৰুণাচলত হ’ব দৃশ্যমান

আমাৰ অসম, ১৯ অক্টোবৰঃ চলিত বৰ্ষৰ অন্তিমটো চন্দ্ৰগ্ৰহণ হ’ব অহা ১৯ নৱেম্বৰত৷ উক্ত দিনা ভাৰতীয় সময় অনুসৰি পুৱা ১১-৩৪ বজাত গ্ৰহণ আৰম্ভ হ’ব৷ শেষ হ’ব বিয়লি ৫-৩৩ বজাত৷ এই আংশিক চন্দ্ৰগ্ৰহণ  ভাৰতৰ কেৱল মাত্ৰ অসম আৰু অৰুণাচল প্ৰদেশতহে দৃশ্যমান হ’ব৷ ইয়াৰ বিপৰীতে আমেৰিকা, উত্তৰ ইউৰোপ, পূৱ এছিয়া, প্ৰশান্ত মহাসাগৰ আৰু অষ্ট্ৰেলিয়াসহ একাধিক দেশতো চন্দ্ৰগ্ৰহণ প্ৰত্যক্ষ হ’ব৷