Logo
image

এই মাহতেই হেৰাই যাব ফেচবুক

আমাৰ অসম, ২১ অক্টোবৰঃ বিশ্বৰ অগণিত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ জনপ্ৰিয়তম মঞ্চ ফেচবুক আৰু নাথাকিব৷ এই এটা বাক্যই ফেচবুক ব্যৱহাৰকাৰীক উচপ খুৱাই দিয়াৰ বাবে যথেষ্ট৷ নাথাকিব মানে একেবাৰে শেষ হৈ নাযায়, যিদৰে শক্তিৰ বিনাশ নহয়, তাৰ ৰূপান্তৰহে ঘটে; ঠিক সেইদৰে ছ’চিয়েল মিডিয়াৰ অন্যতম শক্তি ফেচবুকৰো ৰূপান্তৰ ঘটিব, একেবাৰে নোহোৱা হৈ নপৰে৷ অচিৰেই ফেচবুকৰ নাম সলনি হ’ব৷ ইয়াৰ কাৰ্যকলাপৰো পৰিৱৰ্তন ঘটিব৷ কেৱল নেট মাধ্যম হিচাপেই সীমিত হৈ নাথাকি ফেচবুক হৈ পৰিব ‘ভাৰ্চুৱেল ৰিয়েলিটী’ মঞ্চ৷ সেই জগতখনৰ নাম ‘মেটা ভাৰ্ছ’৷ এতিয়া চলি থকা ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাট্‌ছএপতকৈ বহু পৃথক আৰু অধিক চিত্তাকৰ্ষক হ’ব ফেচবুকৰ নতুন ৰূপ মেটা ভাৰ্ছৰ পৃথিৱীখন৷ ফেচবুকৰ নতুন নাম কি হ’ব সেই বিষয়ে অতিশয় গোপনে ৰাখিছে মাৰ্ক জুকেৰবাৰ্গৰ ফেচবুক কতৃৰ্পক্ষই৷ আনকি একেবাৰে শীৰ্ষ বিষয়াৰ বাহিৰে ফেচবুকৰ কোনো কৰ্মকৰ্তাই নাজানে কি হ’ব তাৰ নতুন নাম৷ অথচ এক আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানৰ মতে অহা ২৮ অক্টোবৰ, বৃহস্পতিবাৰৰ পৰাই সলনি হৈ পৰিব ফেচবুকৰ নাম৷ বিশ্বৰ আগশাৰীৰ এটা সংবাদ প্ৰতিষ্ঠানে এই খবৰ প্ৰকাশ কৰাৰ লগে লগে চৌদিশে হুলস্থূলৰ সৃষ্টি হৈছে৷ সংবাদ প্ৰতিষ্ঠানটোৰ দাবী নতুন নামটোৰ সৈতে ‘হৰাইজ’ন’ বা অসমীয়াত দিগন্ত শব্দটো যুক্ত হৈ থাকিব৷ কিন্তু হৰাইজ’নেই যে ফেচবুকৰ সম্পূৰ্ণ নাম হ’ব সেই সন্দৰ্ভত কোনেও নিশ্চিত কৰা নাই৷ ফেচবুকে যে দিগন্ত স্পৰ্শ কৰাৰ সপোন দেখিছিল সেই বিষয়ে বহুদিন পূৰ্বে ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকেৰবাৰ্গে ইংগিত দিছিল৷ এতিয়াই সেই সময় আহি পৰিছে বুলি ধাৰণা কৰা হৈছে৷ কোৱা হৈছে অহা ২৮ অক্টোবৰত ফেচবুকৰ ‘এনুৱেল কানেক্ট কনফাৰেন্স’ত ফেচবুকৰ নতুন সংস্কৰণ আৰু নতুন নাম কতৃৰ্পক্ষই প্ৰকাশ কৰিব৷ সেইদিনাৰ পৰাই ফেচবুকে নতুন ৰূপত আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা আছে৷ ফেচবুক নতুন হৈ পৰিলেও তাৰ এপটোৰ নাম সম্ভৱতঃ সলনি নহ’ব৷

প্ৰসংগতঃ উল্লেখযোগ্য সোতৰ বছৰ পূৰ্বে হাৰ্ভাৰ্ড কলেজত নিজৰ নাম পাইছিল ফেচবুকে৷ কলেজৰ শিক্ষাৰ্থীয়ে দিয়া ফেচবুক ডাইৰেক্টৰীজৰ পৰাই ফেচবুকৰ নামকৰণ হৈছিল৷ প্ৰকৃততে ফেচবুক যে কেৱল এটা নেট মাধ্যম সংস্থা নহয়, সেয়া উপলব্ধি কৰোৱাৰ বাবেই নাম সলনিৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ অৱশ্যে নতুন ৰূপৰ মেটা ভাৰ্ছ সংস্থাৰ পূৰ্ণাংগ ৰূপ ল’বলৈ ফেচবুকক কেইবাবছৰো সময় লাগিব৷ সেই নতুন ৰূপত ফেচবুকৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে ভাৰ্চুৱেল ৰিয়েলিটী বা অধিবাস্তৱ মাধ্যমত কাম কৰাৰ সুযোগ পাব৷ স্বভাৱতে সেই মাধ্যম হ’ব অভাৱনীয়ভাৱে আকৰ্ষণীয়৷ ভাৰ্চুৱেল ৰিয়েলিটীৰ মাধ্যম ব্যৱহাৰ কৰাৰ পাছত ফেচবুকৰ ব্যৱহাৰকাৰীয়ে এই মাধ্যম তাৰ অমোঘ আকৰ্ষণৰ বাবেই কেতিয়াও ত্যাগ কৰিব নোৱাৰিব৷ এই মেটা ভাৰ্ছ ৰূপৰ প্ৰথম পথিক হ’ব ফেচবুক৷ পৰৱৰ্তী সময়ত আন আন ছ’চিয়েল মিডিয়ায়ো একে পথেৰে বাট বুলিব লাগিব৷ সেই ক্ষেত্ৰত ফেচবুক হৈ পৰিব অগ্ৰণী সংস্থা৷