Logo
image

কেপছিকাম খালে পাব পৰা যায় এইবোৰ উপকাৰ

আমাৰ অসম বিশেষঃ সু-স্বাস্থ্যৰ বাবে কেপছিকাম খুবেই উপকাৰী৷ বজাৰত সকলো সময়তে পোৱা গ’লেও কেপছিকামৰ সোৱাদ বহুতে ভাল নাপায়৷ কিন্তু কেপছিকামত থাকে বহু উপকাৰী গুণ৷ পুষ্টি বিশেষজ্ঞসকলৰ মতে সু-স্বাস্থ্য বৰ্তাই ৰাখিবলৈ দৈনিক খাদ্যৰ সৈতে অন্ততঃ এটুকুৰা হ’লেও কেপছিকাম খোৱা উচিত৷ কেপছিকামত থকা উপকাৰী গুণসমূহ–

[১] কেপছিকামত প্ৰচুৰ পৰিমাণে ভিটামিন-চি থাকে৷ যাৰ বাবে ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে৷

[২] যিসকলে চকুৰ বিভিন্ন সমস্যাত ভুগি আছে, তেওঁলোকে নিতৌ কেপছিকাম খোৱা উচিত৷ কেপছিকামত থকা ভিটামিন ‘এ’ৰ বাবে চকুৰ বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷

[৩] কেপছিকামত ‘কেপছাইচিনছ’ নামৰ এবিধ উপাদান থাকে৷ এইবিধ উপাদানে কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷

[৪] নিতৌ কেপছিকাম খালে কলেষ্টে’ৰল কমে৷ ফলত অতিৰিক্ত ওজন হ্ৰাস পায়৷

[৫] কেপছিকামক ‘মাইগ্ৰেন’ৰ দৰৱ বুলিও কোৱা হয়৷ ৰঙা বা সেউজীয়া যিকোনো কেপছিকামে শৰীৰ আৰু মূৰত তেজৰ সঞ্চালন বৃদ্ধি কৰে৷ ফলত মূৰৰ বিষ, মাইগ্ৰেনৰ সমস্যা আদিৰ পৰা নিৰাময় লাভ কৰিব পৰা যায়৷