Logo
image

ভোক, ওজন নিয়ন্ত্ৰণ কৰে টেঙা দৈয়ে

আমাৰ অসম বিশেষঃ দৈ বহুতৰে প্ৰিয়৷ গাখীৰৰ দৰে দৈতো থাকে অসাধাৰণ পুষ্টি গুণ৷ টেঙা দৈৰ উপকাৰিতা বহু বেছি৷ বিভিন্ন শাৰীৰিক সমস্যাৰ পৰা দৈৰ জৰিয়তে পৰিত্ৰাণ পাব পৰা যায়৷ পুষ্টিবিশেষজ্ঞ সকলৰ মতে দৈনিক অন্ততঃ একাপকৈ যদি টেঙা দৈ খাব পৰা যায় তেন্তে বহু শাৰীৰিক সমস্যা চিৰদিনৰ বাবে নাইকিয়া হয়৷ দৈৰ ৬বিধ উপকাৰী গুণ–

[১] টেঙা দৈত ফেট কম থাকে৷ ফলত তেজত কলেষ্টে’ৰল কমোৱাত বিশেষ সহায় হয়৷ তদুপৰি টেঙা দৈ খালে হৃদৰোগৰ আশংকা কমে৷

[২] বহুতে দেহৰ অতিৰিক্ত ওজনক লৈ চিন্তাত পৰে৷ এই ক্ষেত্ৰত দৈৰ সহায় ল’ব পাৰে৷ দৈনিক টেঙা দৈ খালে দেহৰ অতিৰিক্ত ওজন হ্ৰাস পায়৷ তদুপৰি টেঙা দৈৰ সৈতে ফলাহাৰ কৰিলে সঘনাই ভোক নালাগে৷

[৩] বহুতৰ বাবে অতি যন্ত্ৰণাদায়ক এটা সমস্যা হৈছে– কৌষ্ঠকাঠিন্য৷ টেঙা দৈত থকা লেক্‌টিক এচিদে কৌষ্ঠকাঠিন্য সমস্যা আঁতৰ কৰে৷ টেঙা দৈ খালে কেন্সাৰৰ আশংকা কমে৷

[৪] অতিৰিক্ত ভজা-পোৰা আৰু মছলাযুক্ত খাদ্য গ্ৰহণৰ বাবে বহুতে বদ্‌হজমৰ সমস্যাত ভোগে৷ এই সমস্যাও আঁতৰ কৰে টেঙা দৈয়ে৷ টেঙা দৈত থকা ফাৰমেণ্টেড এনজাইমে খাদ্যবস্তু হজম কৰাত সহায় কৰাৰ লগতে বদ্‌হজম আঁতৰায়৷

[৫] নিতৌ টেঙা দৈ খালে উচ্ছ ৰক্তচাপৰ সমস্যাৰ পৰা পৰিত্ৰাণ  পাব পৰা যায়৷

[৬] কিডনীয়ে সঠিকভাৱে কাম নকৰিলে তেজত ট’ক্সিন জমা হ’বলৈ ধৰে৷ টেঙা দৈ নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিলে তেজ পৰিশোধিত হয়৷ ফলত তেজৰ পৰা ট’ক্সিন নাইকিয়া হয়৷