Logo
image

বাংলাদেশত দীপাৱলী বৰ্জন ঘোষণা হিন্দু সমাজৰ

আমাৰ অসম, ২৩ অক্টোবৰঃ সদ্য সমাপ্ত দুৰ্গা পূজাত বাংলাদেশৰ মৌলবাদীয়ে ভয়ংকৰ অত্যাচাৰ চলাই এইবাৰৰ দুৰ্গা পূজা সম্পূৰ্ণৰূপে বিধবস্ত কৰি দিয়া আৰু সমান্তৰালভাৱে সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণ চলোৱাৰ ফলত এইবাৰ দেশখনত থকা হিন্দু ধৰ্মাৱলম্বী লোকে দীপাৱলী উৎসৱ বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে৷ পূৰ্বে দুৰ্গা পূজাৰ দৰেই লক্ষ্মী পূজা আৰু শ্যামা পূজা অৰ্থাৎ দীপাৱলী বাংলাদেশত হিন্দু ধৰ্মাৱলম্বীয়ে ধুমধামেৰে পালন কৰিছিল৷ এইবাৰ দুৰ্গা পূজাত মৌলবাদী মুছলমানে সংঘটিত কৰা ভয়ংকৰ অত্যাচাৰৰ ফলত দেশখনত সংখ্যালঘু হিন্দুৰ সুৰক্ষা নথকা বুলিয়েই দীপাৱলী বৰ্জনৰ সিদ্ধান্ত লৈছে পূজা উদ্‌যাপন কমিটীসমূহে৷ তেওঁলোকে ধুমধামেৰে দীপাৱলী আয়োজন কৰাৰ পৰিৱৰ্তে তেনেও অনাড়ম্বৰভাৱে শ্যামা পূজাৰ প্ৰতিমা পূজা কৰিয়েই এইবাৰ সামৰণি মাৰিব বুলি সিদ্ধান্ত লৈছে৷ বাংলাদেশ পূজা উদ্‌যাপন পৰিষদৰ মতে এইখন দেশত উৎসৱ পালন কৰা মূৰ্খামিৰ বাহিৰে আন একো নহয় বুলি সংখ্যালঘু হিন্দু পতিয়ন গৈছে৷ উল্লেখ্য, দুৰ্গা পূজাৰ সময়ত কুমিল্লাত সংঘটিত হোৱা এটা ঘটনাৰ পৰা সমগ্ৰ দেশজুৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল৷ য’ত মুছলমান মৌলবাদীয়ে গাঁৱে গাঁৱে সংখ্যালঘু হিন্দুৰ ঘৰ জ্বলাই দিয়া, মাৰধৰ কৰা, হত্যা আৰু মহিলাৰ ওপৰত অশালীন কৰাৰ দৰে ঘটনা সংঘটিত হৈছিল৷ সেই ঘটনা পৰিকল্পিত বুলি দেশখনত বসবাস কৰা হিন্দু পতিয়ন গৈছে৷ কিয়নো কুমিল্লাৰ নানুৱাৰ দিঘীড়পাৰ পূজা মণ্ডপত যি দুষ্কৃতিকাৰীয়ে এখন কোৰান থৈ সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰিলে তেওঁক চিচি টিভিৰ ফুটেজ চাই চিহ্নিত কৰিছে বাংলাদেশৰ আৰক্ষীয়ে৷ সেই দুষ্কৃতিকাৰীৰ নাম ইকবাল হুছেইন৷ তেওঁ ওচৰৰে এটা মছজিদৰ পৰা এখন কোৰান আনি দুৰ্গা পূজাৰ মণ্ডপত থৈ হিন্দু ধৰ্মাৱলম্বীয়ে কোৰান অৱমাননা কৰা বুলি অপপ্ৰচাৰ চলাইছিল৷ তাৰ পৰাই দেশজুৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হয়৷