Logo
image

উচ্ছ প্ৰাবল্যৰ ফটকা নিষেধ

আমাৰ অসম, ২৫ অক্টোবৰঃ পোহৰৰ উৎসৱ দীপাৱলীৰ পূৰ্বেই অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা৷ দীপাৱলীৰ সময়ত দুঘণ্টাৰ বাবেহে ৰাজ্যবাসীয়ে ফুটাব পাৰিব ফটকা৷ দীপাৱলীৰ নিশা ৮ বজাৰ পৰা ১০ বজালৈ ফটকা বিক্ৰী আৰু জ্বলোৱাত অনুমতি দিয়া হৈছে৷ কেৱল পৰিৱেশ অনুকুল ফটকাৰ বিক্ৰী আৰু জ্বলোৱাৰহে অনুমতি দিছে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে৷ উচ্ছ প্ৰাবল্যৰ ফটকা ফুটোৱা নিষেধ৷ পৰিৱেশ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে৷ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশমৰ্মে অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ সদস্য সচিব ড॰ শান্তনু কুমাৰ দত্তই এই সন্দৰ্ভত জাননী জাৰি কৰিছে৷ এই জাননীত উল্লেখ কৰা হৈছে যে ফটকা-আতচবাজী ফুটালে প্ৰচুৰ পৰিমাণে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ সৃষ্টি হয়৷ এই পদাৰ্থ শ্বাস-প্ৰশ্বাসজনিত ৰোগী আৰু ক’ভিড আক্ৰান্ত ব্যক্তিসকলৰ বাবে অত্যন্ত বিপদজনক৷ সেয়েহে বায়ু [প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ] অধিনিয়ম, ১৯৮১ ধাৰা ৩১ [এ] আৰু বায়ু [প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ] অসম নিয়ম, ১৯৯১ৰ নিয়ম ৩৫ৰ অধীনত প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰি আৰু জনস্বাৰ্থৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি অত্যাধিক বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে নিৰ্দেশাৱলী জাৰি কৰিছে প্ৰদূষণ ব’ৰ্ডে৷ সেই অনুসৰি অসমৰ ক্ষেত্ৰত সেউজীয়া ফটকা-আতচবাজীৰ বাহিৰে অন্য সকলোধৰণৰ ফটকা-আতচবাজী ফুটুৱা তথা বিক্ৰী কৰাত নতুন নিৰ্দেশনা জাৰি নকৰালৈকে নিষিদ্ধ কৰা হৈছে৷ ৰাজ্যত অকল সেউজীয়া ফটকা-আতচবাজীহে বিক্ৰী কৰিব পাৰিব আৰু সেয়াও দিপাৱলীৰ দিনা ৰাতি ৮বজাৰ পৰা ১০ বজালৈকে, ষট পূজাৰ দিনা ৰাতিপুৱা ৬ বজাৰ পৰা ৮ বজালৈ কেৱল দুঘণ্টাৰ বাবে আৰু খ্ৰীষ্টমাচ আৰু নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাতি ১১.৫৫ ৰ পৰা ১২.৩০ বজাৰ ভিতৰত ফটকা-আতচবাজী ফুটুৱাত বাধা নিষেধ নাথাকিব৷ অসমৰ ক্ষেত্ৰত ওপৰত উল্লেখ কৰা নিৰ্দিষ্ট উৎসৱসমূহৰ বাহিৰে অন্য উৎসৱসমূহত সেউজীয়া ফটকা-আতচবাজী সীমিত সময় [দুঘণ্টাতকৈ বেছি নহয়]ৰ বাবে সংশ্লিষ্ট জিলা উপায়ুক্তৰ পৰা অনুমতি লৈ ব্যৱহাৰ কৰিব পাৰিব৷ জিলা দণ্ডাধীশ আৰু উপায়ুক্ত, আৰক্ষী অধীক্ষকসকলে ওপৰোক্ত নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰিব লাগিব৷ প্ৰত্যেক দিনাৰ পদক্ষেপ লোৱা প্ৰতিবেদনসমূহ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডত জমা দিব লাগিব৷