Logo
image

মুকলিৰ বাবে সাজু উৰণীয়া সেতুত শিল্পীৰ তুলিকাৰ বোল

আমাৰ অসম, ২৭ অক্টোবৰঃ শিল্পীৰ তুলিকাৰ বোলেৰে আমোলমোল মুকলিৰ বাবে সাজু হৈ উঠা গুৱাহাটীৰ উৰণীয়া সেতু৷ ৰাজ্যৰ ১৫জন শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে নৱনিৰ্মিত ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতু৷ দেশৰ সভ্যতা সংস্কৃতিৰ সুন্দৰ প্ৰতিচ্ছবি প্ৰতিফলিত ঘটিছে নৱনিৰ্মিত ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতুৰ দেৱালত৷ দেশৰ সভ্যতা, সংস্কৃতি, ঐতিহ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সভ্যতা সংস্কৃতি, বন্যপ্ৰাণী, বুঢ়ী আইৰ সাধু, সত্ৰীয়া নৃত্য, বিহুনৃত্য, প্ৰয়াত শিল্পী প্ৰভাত শৰ্মাৰ চিত্ৰৰ পৰা আৰম্ভ কৰি এক বৰ্ণাঢ্য চিত্ৰশিল্পৰ সমাহাৰ ঘটিছে৷  তৰুণ প্ৰজন্ম একাংশ শিল্পীৰ আঙুলিৰ পৰশত প্ৰাণ পাই উঠিছে এক নিখুঁত চিত্ৰকৰ্ম৷ এই সম্পৰ্কে এই সেতুখনত চিত্ৰ অংকনত ব্যস্ত থকা চিত্ৰশিল্পী নীলিম মহন্তই কয় ‘ আমি চলিত মাহৰ পাঁচ অক্টোবৰৰ পৰা চিত্ৰ অংকনৰ কাম আৰম্ভ কৰিছোঁ আৰু বুধবাৰে আমাৰ কামৰ সামৰণি পৰিব৷ এই কামৰ সৈতে নকুল মিলি, অংশুমান, নীলকমল, মিনু, নাৰায়ণ, জ্যোৰ্তিময়, নিৰঞ্জন, ভাস্বতী, সূৰ্য, আকাশনীল, মিফ্‌ টাহুলকে ধৰি মুঠ ১৫জন চিত্ৰশিল্পী জড়িত হৈ আছে৷ আমি প্ৰতি সন্ধিয়া পাঁচ বজাৰ পৰা কাম আৰম্ভ কৰোঁ আৰু পুৱা ৬ বজালৈ কাম কৰোঁ৷ আমি অতি কষ্টৰে চিত্ৰসমূহ অংকন কৰিছোঁ৷ ইয়াক মহানগৰবাসীয়ে আদৰ কৰিলে ভাল লাগিব৷ এই সুন্দৰ দেৱাল সমূহ পিক আদি পেলাই নষ্ট কৰিলে আমাৰ চিত্ৰশিল্পক অপমান কৰা যেন লাগিব৷ নিজৰ মহানগৰখন সৰ্বাংগ সুন্দৰ কৰি ৰখা দায়িত্ব প্ৰতিজন সমাজ সচেতন লোকৰ থকা উচিত৷ ‘ উল্লেখ্য, মহানগৰীখন যানজঁটৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰি থকা হৈছে উৰণীয়া সেতুখন৷ এই সেতুখনৰ নিৰ্মাণ সম্পূৰ্ণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু ৪ নৱেম্বৰত মুকলি কৰাৰৰ সম্ভাবনা আছে৷  প্ৰাপ্ত তথ্য অনুসৰি গুৱাহাটীত লোকনিৰ্মাণ বিভাগৰ অধীনত নিৰ্মীয়মাণ উৰণীয়া সেতুকে ধৰি আন আন বৃহৎ প্ৰকল্প সমূহৰ ঠিকা লাভ কৰিছে থলুৱা ঠিকাদাৰে৷ ইয়াৰ অংশ হিচাপে দিছপুৰ ছুপাৰ মাৰ্কেট নিৰ্মাণ কৰি থকা উৰণীয়া সেতু নিৰ্মাণৰ দায়িত্বও দিয়া হৈছে গুয়াহাটীৰ পাশ্বৰ্বৰ্তী মিৰ্জাৰ অনিল দাস নামৰ এজন ঠিকাদাৰক৷ উল্লেখ্য, ২০১৯ চনৰ ৮ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰা আৰু ১২৭.২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা এই সেতুৰ নিৰ্মাণ তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিদ্ধৰ্াৰণ কৰা হৈছিল৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত শৰ্মাৰ শেহতীয়া নিৰ্দেশনা অনুসৰি সমাগত দীপাৱলীৰ সময়তে সেতুখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ বাবে এতিয়া যুদ্ধকালীন তৎপৰতা চলিছে৷ প্ৰায় তিনি শতাধিক শ্ৰমিকে দিনে নিশাই উৰণীয়া সেতু নিৰ্মাণৰ কামত ব্যস্ত আছে৷  দুইলেনযুক্ত সেতুখনৰ মুঠ দৈৰ্ঘ্য ১,২০৫ মিটাৰ৷ ইয়াৰে গণেশগুৰিৰ পৰা ছুপাৰ মাৰ্কেট সংযোগী জি এছ ৰোডৰ অংশখিনিৰ দৈৰ্ঘ্য ৮২৫ মিটাৰ আৰু ছুপাৰমাৰ্কেটৰপৰা লাষ্টগেটলৈ অংশটোৰ দৈৰ্ঘ্য ৩৯৪ মিটাৰ৷ উল্লেখ্য, এই উৰণীয়া সেতুখনত চিত্ৰশিল্প সমূহক এক জীৱন্তৰূপ দিবলৈ সক্ষম হোৱা এই সকল চিত্ৰশিল্পীৰ চিত্ৰকৰ্মই মহানগৰীৰ লগতে দুৰণীবতীয়া লোককো আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব৷