Logo
image

‘ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি’ৰে প্ৰচাৰৰ সমাপ্তি

আমাৰ অসম, ২৮ অক্টোবৰঃ ‘ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি...’ গীতেৰে আজি তামুলপুৰত নিৰ্বাচনী প্ৰচাৰৰ সামৰণি মাৰিলে ৰাজ্যৰ যোগান, জনস্বাস্থ্য আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে৷ মন্ত্ৰী দাসে ‘ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি’ শীৰ্ষক গীতটো সলনি কৰি আজি তামলপুৰৰ নিৰ্বাচনী সভাত গালে ‘পদুম ফুল মানে ট্ৰেক্টৰ আৰু ট্ৰেক্টৰ মানেই পদুম ফুল৷’ মন্ত্ৰীয়ে ক’লে– এই নিৰ্বাচনত ট্ৰেক্টৰ আৰু পদুম ফুলৰ কোনো পাৰ্থক্য নাই৷ এতিয়া দুয়োটা একেটাই৷ ২০২৬ত অৱশ্যে কি হ’ব দেখা যাব৷’ লক্ষণীয় যে মন্ত্ৰীৰ আজিৰ শেষ নিৰ্বাচনী প্ৰচাৰ সভাৰ মন্তব্যৰ পাছতেই ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে৷ প্ৰশ্ন উঠিছে– প্ৰতীকি অৰ্থত মন্ত্ৰীজনে ইয়াৰ দ্বাৰা কি বুজাব বিচাৰিছে৷ মন্ত্ৰীৰ কথা যদিহে সঁচা হয় তেন্তে ইউ পি পি এল, বি পি এফ হ’ব পাৰে, বি পি এফ ইউ পি পি এল হ’ব, কংগ্ৰেছী বিজেপি হ’ব পাৰে, বিজেপিৰ পৰা কংগ্ৰেছলৈ ঘূৰি আহিব পাৰে৷– এনে কথাৰে নায্যতা দিলে নেকি মন্ত্ৰীজনে৷ আজিৰ ৰাজনীতিত দলীয় আদৰ্শ, নীতি-নিষ্ঠা বোলা প্ৰসংগবোৰ আপেক্ষিক, চৰ্ত সাপেক্ষে নেকি– গানেৰে ইয়াৰ উত্তৰ দিলে নেকি মন্ত্ৰীয়ে৷ উল্লেখ্য, আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত নাচি-বাগি, কান্দি, হাঁহি ভোটাৰক শেষবাৰৰ বাবে অন্তৰ জয়ৰ চেষ্টা চলালে ৰাজনৈতিক নেতাসকলে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ‘আজমলে মুছলমান মহিলাসকলক তলা-চাবি মাৰি থয়’ বুলি কোৱা মন্তব্য সোঁৱৰি আজি গোসাঁইগাঁৱৰ এক নিৰ্বাচনী সভাত হুকহুকাই কান্দিয়েই পেলালে এ আই ইউ ডি এফৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে৷ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই আজি এক নিৰ্বাচনী সভাত আকৌ ঝুমুৰ নৃত্যতো ভাগ ল’লে৷ নিৰ্বাচনী সভাতে গান গাই আত্মহাৰা হ’ল ভৱানীপুৰৰ বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰ৷ মুঠতে হৰেক নেতা, হৰেক চমক৷

অখিল গগৈ টকাৰ মায়াজালেৰে পৰিৱেষ্টিতঃ মন্ত্ৰী পীয়ূষ হাজৰিকা

উপ-নিৰ্বাচনত বিজেপি দলে ৫০ কোটি টকা খৰচ কৰা বুলি অখিল গগৈয়ে কৰা অভিযোগৰ উত্তৰ দি মন্ত্ৰী পীয়ূষ হাজিৰকাই আজি সংবাদ মাধ্যমৰ আগত কয় যে, অখিল গগৈয়ে টকাৰ এখন মায়াজাল সৃষ্টি কৰি সেই মায়াজালৰ মাজত নিজকে পৰিৱেষ্টিত কৰি ৰাখিছে৷ এটা উপ-নিৰ্বাচনত ৫০ কোটি টকা খৰচ কৰাৰ কথা কেতিযাও শুনা নাই বুলি উল্লেখ কৰি মন্ত্ৰীজনে কয় যে– ৫০ কোটি খৰচ কৰা বুলি শুনি থাওৰা সমষ্টিৰ মানুহেই ভাল নাপাব৷ এয়া থাওৰাৰ মানুহৰ বাবে এক অপবাদ৷ অখিল গগৈয়ে কোৱাৰ দৰে বিজেপিয়ে ৫০কোটি খৰচ কৰাৰ কোনো কথা থাকিবই নোৱাৰে আৰু থাওৰাৰ মানুহৰ ভোট কোনেও কিনিব নোৱাৰে বুলিও উল্লেখ কৰে মন্ত্ৰীজনে৷ তেওঁ কয় যে– থাওৰাৰ মানুহৰ ভোট কোনো পণ্য সামগ্ৰী নহয়৷ বিজেপিয়ে থাওৰাৰ মানুহৰ মৰম বিচাৰি, উন্নয়নৰ কথা কৈ ভোট বিচাৰিব পাৰে কিন্তু কোনোবাই ক’লে বুলিয়েই ৫০ কোটি ১০০ কোটি টকা খৰচ কৰাৰ কথা সম্পূৰ্ণ মিছা আৰু কোনোপধ্যে মানি ল’ব নোৱৰা বিধৰ৷ এইক্ষেত্ৰত অখিল গগৈয়ে কৰা অপমানজনক মিছা অভিযোগৰ বিপক্ষে থাওৰাৰ মানুহে প্ৰতিবাদ কৰিব লাগে বুলিও প্ৰকাশ কৰে মন্ত্ৰীজনে৷ আনহাতে, অখিল গগৈয়ে নিজে পৰাজয় হোৱাৰ কথা জানে বুলি উল্লেখ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে– ১লাখ ১৫হাজাৰ মানুহৰ সমষ্টিটোত অখিল বাহিনীয়ে মাথোঁ ৩০০ মানুহ লৈ সমদল উলিয়াইছে য’ত আধাতকৈ বেছি মানুহ ধুবুৰী অথবা বৰপেটাৰ পৰা আহিছে৷ হাৰিব বুলি জানিয়েই অখিল গগৈ বাহিনীয়ে উল্টা-পুল্টা কাম কৰিছে, কথা কৈছে৷ অখিল গগৈৰ সমৰ্থক আৰু বিজেপিৰ সমৰ্থকৰ মাজত মাৰপিট হোৱাৰ দৰে ঘটনা হোৱা বুলি অখিল গগৈয়ে কৰা অভিযোগৰ উত্তৰ দি মন্ত্ৰী পীয়ূষ হাজিৰকাই কয় যে– তৰ্কা-তৰ্কি হয়তো ক’ৰবাত হৈছে কিন্তু মাৰপিট ক’তো হোৱা নাই৷ বিগত নিৰ্বাচনবোৰত নোহোৱা-নোপোজা এক পৰম্পৰা ৰাইজৰ দলে এইবাৰ আৰম্ভ কৰা বুলি মন্ত্ৰীজনে কয়৷ তেওঁ কয় যে– কোনো এটা দলৰ শীৰ্ষনেতৃত্ব যিটো স্থানত প্ৰচাৰৰ বাবে যায় সেই অঞ্চলত দলীয় পতাকা অথবা হ’ৰ্ডিং থাকেই কিন্তু বিপক্ষ দলে আগতে কেতিয়াও সেই পতাকাৰ মাজত তেওঁলোকৰ পতাকা আঁৰি দিয়া নাছিল৷ কিন্তু যোৱা কালি মুখ্যমন্ত্ৰীয়ে প্তটা স্থানত কৰা সভাস্থলীত ৰাইজৰ দলে বিজেপিৰ পতাকাৰ মাজে মাজে তেওঁলোকৰ হালধীয়া পতাকা স্থাপন কৰিছে যিটো সময়ত সমষ্টিৰ আন স্থানত ৰাইজৰ দলৰ পতাকা দেখিবলৈ নাই৷ এনে অৱস্থাত বিজেপিৰ সমৰ্থকসকল ক্ষুণ্ণ হোৱাটো স্বাভাৱিক বুলি মন্ত্ৰীজনে উল্লেখ কৰে৷ মাৰপিট অথবা কাজিয়া হোৱাটো মন্ত্ৰীজনে কেতিয়াও নিবিচাৰে বুলি উল্লেখ কৰি অখিল গগৈক আহ৩ান জনায় যাতে আগলৈ তেওঁৰ সমৰ্থকসকলে এনেদৰে প্ৰৰোচিতমূলক কাম নকৰে৷ বিগত তিনিটা বিধানসভা নিৰ্বাচনত মন্ত্ৰীজনে নিজেও এনে কাম কৰা নাছিল আৰু আনকো এনে প্ৰৰোচিতমূলক কাম কৰা দেখা নাছিল বুলি উল্লেখ কৰে৷ অসমত ৰাজনৈতিক প্ৰচাৰৰ সময়ত কাজিয়া পেচাল নকৰাৰ যি এক শুভ পৰম্পৰা আছে সেয়া সন্মান জনাই এনে পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈও মন্ত্ৰীজনে অখিল গগৈ আৰু তেওঁৰ সমৰ্থকসকলক অনুৰোধ জনায়৷ কংগ্ৰেছে মুখ্যমন্ত্ৰীক উপ-নিৰ্বাচনৰ প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ কৰা দাবীৰ কথাৰ উত্তৰ দি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে– বিগত সময়ত তৰুণ গগৈয়েও উপ-নিৰ্বাচনত প্ৰচাৰ চলাইছিল৷ আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেনেদৰে চাহ শ্ৰমিকৰ মাজত গৈ ফিল্ডত বহি আহাৰ গ্ৰহণ কৰিছে তেনেদৰে কংগ্ৰেছৰ নেতাসকলে সাধাৰণ শ্ৰমিকসকলৰ লগত মিলিব নোৱাৰে বুলি উল্লেখ কৰে মন্ত্ৰীজনে৷ তেওঁলোকে মুখ্যমন্ত্ৰীক ভয় কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰক তীৰ্থভ্ৰমণ বুলি উলেখ কৰা কথাটোত মুখ্যমন্ত্ৰীক তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে৷ এইবাৰ থাওৰাত ২০ৰ পৰা ২৫হাজাৰ ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থী জিকিব বুলি মন্তব্য কৰে মন্ত্ৰীজনে৷ আনহাতে, জাতীয়তাবাদৰ কথা কোৱা লুৰীণজ্যোতি গগৈয়ে এতিয়া ৰাষ্ট্ৰীয় দল কংগ্ৰেছৰ বোকোচাত উঠা বুলি উল্লেখ কৰি মন্ত্ৰীজনে কয় যে– তেওঁলোকৰ ভৱিষ্যত ৰাইজে নিজেই দেখা পাব৷ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ অখিল গগৈৰ লগত সনা-পোটোকা আছে আৰু সেয়ে থাওৰাত কংগ্ৰেছে দুৰ্বল প্ৰাৰ্থী দিছে বুলি উল্লেখ কৰে মন্ত্ৰী পীয়ূষ হাজিৰকাই৷ নিৰ্বাচনী অংকৰ হিচাপ-নিকাচ কৰি দেৱব্ৰত শইকীয়া নিজে নিৰ্বাচনী প্ৰচাৰত নাহি মুখ্যমন্ত্ৰী প্ৰচাৰত যাব নালাগে বুলি দাবী জনাই আছে বুলি উল্লেখ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷

নিবাৰ্চনীবিধি উলংঘা কৰা মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা বিৰোধী দলপতিৰ

থাওৰা সমষ্টি আৰু মৰিয়নি সমষ্টিত বিজেপিৰ প্ৰতি ৰাইজৰ উৎসাহ কমি গৈছে৷ যাক লৈ শংকিত হৈছে ৰাজ্যৰ প্ৰতাপী মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শমাৰ্৷ থাওৰা-মৰিয়নি সমষ্টিত  ভাৰতীয় জনতা পাৰ্টীৰ পৰাজয়ৰ উমান পাই মুখ্যমন্ত্ৰীকে প্ৰমুখ্যে কৰি ৰাজ্যৰ প্ৰতিজন কেবিনেট মন্ত্ৰী, ৰাজ্যসভাৰ সাংসদ, লোকসভা সমষ্টিৰ সাংসদ, বিধায়কক সমষ্টিৰ চোকে কোণে নমাই এক মিনি দিছপুৰলৈ ৰূপান্তৰিত কৰি বহুবাৰ নিবাৰ্চনীবিধি উলংঘা কৰি দেশৰ মুখ্য নিবাৰ্চনী আয়োগৰ ৰোষত পৰিছে বুলি  আজি ডিমৌৰ ৰাজীৱ ভৱনত আয়োজিত সংবাদ মেলত এনেদৰে মন্তব্য কৰিছে অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেবব্ৰত শইকীয়াই৷ দেৱব্ৰত শইকীয়াই সংবাদ মেলত ডিমৌৰ সাংবাদিকসকলক সম্বোধন কৰি লগতে কয় যে–  ৰাজ্যৰখনৰ পাঁচটা সমষ্টিৰ উপ-নিবাৰ্চনৰ নিবাৰ্চনী প্ৰচাৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শমাৰ্ই বিভিন্ন আঁচনি ঘোষণা কৰি ভোটাৰ ৰাইজক প্ৰলোভিত কৰি নিবাৰ্চনীবিধি উলংঘা কৰাৰ বাবে দেশৰ মুখ্য নিবাৰ্চনী আয়োগৰ পৰা জাননীৰ সন্মুখীন হ’বলগীয়া হৈছে৷ বিৰোধী দলপতিজনে সংবাদ মেলত কয় যে– মুখ্যমন্ত্ৰীয়ে থাওৰা আৰু মৰিয়নিত ভাৰতীয় জনতা পাৰ্টীৰ পৰাজয়ৰ উমান পাই বিধানসভাৰ বাজেট অধিৱেশনত কোনোধৰণৰ বাজেট অনুমোদন নকৰাকৈ মেডিকেল কলেজ, বাগিচাৰ পথ নিমাৰ্ণ, বিদ্যালয়-মহাবিদ্যালয় স্থাপন, দলং নিমাৰ্ণ, ক্ৰীড়াঙ্গণ নিমাৰ্ণৰ দৰে নিবাৰ্চনী প্ৰতিশ্ৰুতি দি ৰাইজক যি প্ৰতিশ্ৰুতি দিছে তেনে প্ৰতিশ্ৰুতিত ৰাইজ এইবাৰ ভোল নাযায়৷ দেৱব্ৰত শইকীয়াই বিজেপি দলক সকীয়াই দি কয় যে– ভোটাৰ ৰাইজক প্ৰলোভনৰ ৰাজনীতি আৰু  মূল্যবৃদ্ধিৰে গ্ৰামাঞ্চল ৰাইজক কোঙা কৰি এক অনাকাংক্ষিত ভৱিষ্যতৰ দিশে লৈ যোৱাত  ভোটাৰ ৰাইজ শংকিত হৈ বিজেপিৰ প্ৰতি আস্থা কমাই দিছে৷ বিজেপিৰ এনে জনবিৰোধী নীতিৰ বিৰুদ্ধে কংগ্ৰেছে বিগত সময়ত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিলে ভয়-ভীতি প্ৰদৰ্শন কৰে শাসক পক্ষই৷ কিন্তু এনে ভয়-ভীতিত কংগ্ৰেছে কেৰেপ নকৰে বুলি সংবাদ মেলত প্ৰকাশ কৰে দেবব্ৰত শইকীয়াই৷ বৃহৎসংখ্যক গো-পালকে গো-পালন কৰি নিজৰ পৰিয়াল পোহ-পাল দি অহা জনগোষ্ঠীয় লোকৰ বসতিপ্ৰধান থাওৰা সমষ্টিৰ পানীদিহিং মৌজাত ৪অক্টোবৰত  ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শমাৰ্ই বিজেপি মিত্ৰজোঁটৰ প্ৰাথীৰ্ সুশান্ত বৰগোহাঁইৰ হৈ নিবাৰ্চনী প্ৰচাৰ চলোৱা প্ৰথমখন নিবাৰ্চনী সভাত গো-সুৰক্ষা আইনখনক লৈ গোপালকৰ ওচৰত এক মিথ্যাচাৰৰ আশ্ৰয় লৈ গো পালকসকলক চৰম প্ৰতাৰণা কৰে৷  গো-সুৰক্ষা আইন ইতিমধ্যে বিধানসভাত গৃহীত হৈছে৷ বিধানসভাত গৃহীত হোৱা আইনখনক লৈ গৱৰ্ণৰৰ অনুমোদনৰ কথা নাহে৷ গো-পালনেৰে জীৱিকা নিবাৰ্হ কৰা ৰাইজৰ স্বাৰ্থত সেইসময়ত বিৰোধী দলৰ সকলো সদস্যই গো-সুৰক্ষা আইন সংশোধনৰ দাবীত সদন ত্যাগ কৰিছিলোঁ বুলি কয়৷  ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে গা জোৰেৰে এই আইনখন ৰাখি থয় বুলিও প্ৰকাশ কৰে দলপতিজনে৷ সেয়ে মুখ্যমন্ত্ৰীয়ে গো-সুৰক্ষা আইনখনৰ বিপৰীতে পানীদিহিং এলেকাৰ সহজ-সৰল ৰাইজক কেৱল ভোটৰ স্বাৰ্থত এই আইনখন আইনত পৰিণত হোৱা নাই বুলি মিথ্যাচাৰৰ আশ্ৰয় লয়৷ এইক্ষেত্ৰত এজন দায়িত্বশীল মুখ্যমন্ত্ৰী হিচাপে নিজৰ মৰ্যাদা ৰক্ষা কৰি বক্তব্য ৰখাটো কংগ্ৰেছ দলেও বাঞ্চা কৰিছে৷ সংবাদ মেলতে ঋণৰ বোজাত পোত গৈ থকা এই চৰকাৰক তৰুণ গগৈ চৰকাৰে ২০১৬ চনত দহ হাজাৰ কোটি এৰি থৈ গৈছে৷ কিন্তু এতিয়া চৰকাৰখনে ৯৫ হাজাৰ কোটি টকাৰ ঋণ লৈছে৷  ঋণ লৈ ভাল কাম কৰিলে কংগ্ৰেছ দলে আদৰণি জনাম৷ কিন্তু ঋণৰ টকাৰে অপৰিকল্পিত কিছুমান আঁচনি ঘোষণা কৰি ৰাজহুৱা ধন অপচয় কৰাটো কংগ্ৰেছে গ্ৰহণ নকৰে৷  থাওৰা নিবাৰ্চনত থাওৰাবাসীয়ে দীৰ্ঘদিন মূল্যবৃদ্ধিৰে জুৰুলা হৈ থকাৰ উচিত প্ৰত্যুত্তৰ দিব৷ সমষ্টিবাসীয়ে এই উপ-নিবাৰ্চনৰ পাছতে আন এটা উপ-নিবাৰ্চনৰ সন্মুখীন হ’ব ৷ কাৰণ তপন গগৈয়ে এইবাৰ ৰাজ্যৰ ৰাজনীতিলৈ ঘূৰি আহিব ৷ ইয়াৰ পাছতেই তপন গগৈৰ  আসনখন পুৰাবলৈ সুশান্তক দিল্লীৰ ৰাজনীতিলৈ পঠিওৱাৰ পাছতেই থাওৰা সমষ্টিৰ আসনখন খালী হ’লে পুনৰ থাওৰাত উপ-নিবাৰ্চনৰ সম্ভৱনা নুই কৰিব নোৱাৰি৷ সংবাদ মেলত প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, শিৱসাগৰ জিলা সভাপতি লক্ষী সন্দিকৈ, সমাজকমীৰ্ তথা কংগ্ৰেছ নেতা অজয় কুমাৰ গগৈ, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা নৱ গোঁহাই, চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি পৱিত্ৰ শইকীয়া, সম্পাদক অনুপ বৰকটকী, চৰাই মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুণু সন্দিকৈ উপস্থিত থাকে৷

থাওৰাৰ স্বাভিমানক কোনেও টকাৰে কিনিব নোৱাৰেঃ পীয়ূষ হাজৰিকা

উপ-নিবাৰ্চনৰ দিন ঘোষণাৰে পৰাই মই থাওৰা সমষ্টিত আছোঁ৷ থাওৰা সমষ্টিবাসী ৰাইজে এইবাৰ উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটৰ প্ৰাথীৰ্ সুশান্ত বৰগোঁহাইক বিপুল ভোটত জয়ী কৰিব৷ প্ৰথমে বিশ হাজাৰত জিকিব বুলি অনুমান কৰিছিলোঁ যদিও আজি প্ৰচাৰৰ শেষ দিনটোত মই নিশ্চিত হৈছোঁ যে সুশান্ত বৰগোঁহাই এইবাৰ ২৫ হাজাৰতকৈ অধিক ভোটত জিকিব-আজি ডিমৌত সাংবাদিকৰ সৈতে মত বিনিময় কৰি এনেদৰে কয় অসম চৰকাৰৰ জলসম্পদ আৰু তথ্য জনসংযোগ মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কালি এখন সংবাদ মেলত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ বিৰুদ্ধে ধন,বল, বাহুবল প্ৰয়োগেৰে থাওৰাৰ উপ-নিবাৰ্চনত প্ৰাথীৰ্ সুশান্তক জয়ী কৰিবৰ বাবে পঞ্চাশ কোটি টকা খৰচ কৰা অভিযোগ খণ্ডন কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে থাওৰাবাসী স্বাভিমান টকাৰে কিনিব নোৱাৰি৷ অখিল গগৈয়ে এনে কথা কৈ থাওৰাবাসীক অপামনিত কৰিছে আৰু থাওৰাবাসীয়ে  ইয়াৰ উত্তৰ অহা ত্ৰিশ অক্টোবৰত সুশান্ত বৰগোহাঁইক ২৫ হাজাৰ ভোটত জয়ী কৰি অখিল গগৈক উচিত প্ৰত্যুত্তৰ দিব৷  মই নিজেই তিনিবাৰকৈ নিবাৰ্চন খেলি জয়ী হৈছোঁ৷ কিন্তু এনেধৰণে ধনবল, বাহুবল আমি প্ৰশ্ৰয় দিয়া নাই আৰু কোনোদিন নিদিওঁ৷ সুশান্ত বৰগোহাঁইক থাওৰা সমষ্টিৰ প্ৰতিজন ভোটাৰে জয়ী কৰিবলৈ ইতিমধ্যে পণ লৈছে আৰু ইয়াৰ প্ৰমাণ দুই নবেম্বৰত সমষ্টিবাসীয়ে পাব৷ ইফালে মুখ্যমন্ত্ৰীৰ সভালৈ যোৱাৰ পথত বিজেপি আৰু অগপ, গণশক্তি সন্মিলিত পতাকাৰে মুখ্যমন্ত্ৰীক আদৰণি জনাবলৈ কমীৰ্সকলে ব্যৱস্থা কৰিছিল যদিও ৰাইজৰ দলৰ সমৰ্থকসকলে আমাৰ বেনাৰ-পোষ্টাৰৰ মাজত ৰাইজৰ দলৰ বেনাৰ-পোষ্টাৰ মাৰি এটা অশুভ পৰম্পৰা সৃষ্টি কৰিলে৷ এনে পৰম্পৰা আমি কোনোদিন দেখা নাছিলোঁ আৰু আমি নিবাৰ্চনত গণতান্ত্ৰিক ব্যৱস্থাক সন্মান জনাই আহিছিলোঁ৷ এনেস্থলত আমাৰ প্ৰাথীৰ্ৰ কোনো সমৰ্থকে ৰাইজৰ দলৰ সমৰ্থক খণ্ডযুদ্ধত লিপ্ত হোৱাটো স্বাভাৱিক৷ তেওঁলোকে এটা অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰি খুজি কিল খাবলগীয়া হৈছে যদিও আমি সেয়া অৱগত নহয়৷ মুখ্যমন্ত্ৰীয়ে থাওৰা সমষ্টিৰ পঞ্চায়তে পঞ্চায়তে গৈ প্ৰত্যক্ষভাৱে ৰাইজৰ অভাৱ অভিযোগৰ বুজ লৈছে আৰু সুশান্তক জয়ী কৰাবৰ বাবে ৰাইজক আহ্বান জনাইছে৷ এইয়া এক গণতান্ত্ৰিক প্ৰক্ৰিয়া৷ এইক্ষেত্ৰত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে বেজাৰ কৰি লাভ নাই৷ থাওৰাৰ উন্নয়নৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু সুশান্ত বৰগোহাঁয়ে থাওৰাৰ উন্নয়ন যাত্ৰাত নেতৃত্ব বহন কৰিব৷ ইফালে বিৰোধী দলপতি দেবব্ৰত শইকীয়াক কটাক্ষ কৰি কয় যে ২০২৬ চনৰ  নিবাৰ্চনৰ অংক কৰি এইবাৰ থাওৰাত ৰাইজৰ দল আৰু কংগ্ৰেছে একহৈ নিবাৰ্চন খেলিছে৷ থাওৰাত দুৰ্বল প্ৰাথীৰ্ দি দেৱব্ৰত শইকীয়াই অখিল গগৈক সহায় কৰিছে আৰু অহা চ্ছ অখিল গগৈয়ে নাজিৰাত দুৰ্বল প্ৰাথীৰ্ দি দেবব্ৰত শইকীয়াক সহায় কৰিব বুলি পীয়ূষে কটাক্ষ কৰে৷ কংগ্ৰেছ প্ৰাথীৰ্ মনোৰঞ্জন কোঁৱৰ আমাৰ দলৰ প্ৰাথীৰ্ৰ সৈতে আজিপৰ্যন্ত প্ৰতিদ্বন্দ্বিতাত নাই৷ অৱশ্যে অধ্যাপক অজয় কুমাৰ গগৈক কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়া হ’লে নিশ্চিতভাৱে প্ৰত্যাহ্বানৰ সন্মুখীন হ’লোহেঁতেন৷ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে– মৰিয়নি আৰু থাওৰাত বিপুল ভোটত জয়ী হোৱাৰ লগতে আন তিনিটা সমষ্টিটো বিজেপিৰ সমৰ্থিত প্ৰাথীৰ্ জয়ী হোৱাটো ৰাইজে নিশ্চিত কৰিছে৷  ইফালে জাতীয়তাবাদৰ কথা কোৱা লুৰীণজ্যোতি গগৈক তীব্ৰ সমালোচনা কৰি কয় যে যিজন ছাত্ৰ নেতাই ৮৫৫ জন শ্বহীদৰ কথা কৈ পিছলৈ আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিলে সেইজন আঞ্চলিকতাবাদৰ নেতাই ৮৫৫ জন শ্বহীদৰ হত্যাকাৰী দল কংগ্ৰেছৰ বোকোছাত উঠাটো দুৰ্ভাগ্যজনক৷ ইফালে আজি প্ৰশান্ত ফুকনে ডিমৌত উপস্থিত হৈ আগন্তুক নিবাৰ্চনৰ ফলাফলৰ সন্দৰ্ভত ডিমৌৰ সাংবাদিকৰ আগত মত ব্যক্ত কৰি কয় যে থাওৰা সমষ্টিত এইবাৰ আশী শতাংশৰ ওপৰত ভোট পুল হ’ব৷ এই নিবাৰ্চনত শাসকীয় পক্ষই সবািৰ্ধক সংখ্যক ভোট লাভ কৰিব৷ নিবাচনৰ মূল প্ৰতিদ্বন্দ্বিতা ৰাইজৰ দলৰ সৈতেহে হ’ব বুলি ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে প্ৰকাশ কৰিছে৷ এই নিবাৰ্চনত কংগ্ৰেছ দল তৃতীয় স্থানত আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টী চতুৰ্থ স্থানত থাকিব বুলিও প্ৰকাশ কৰে৷

নিৰ্বাচনী আয়োগক অভিযোগ দি মোক ধৰি ৰাখিব নোৱাৰেঃ হিমন্ত

‘হিন্দু মানুহৰ বাবে যেনেকৈ কাশী-বৃন্দাবন তীৰ্থভূমি, মক্কা যেনেকৈ মুছলমানসকলৰ বাবে পবিত্ৰ স্থান তেনেকৈ আপোনালোকৰ এই মুখ্যমন্ত্ৰীজনৰ বাবে অসমৰ গাঁৱে-ভূঁঞে থকা সাধাৰণ ৰাইজ হৈছে তীৰ্থ আৰু অসমৰ প্ৰতিটো দুখীয়া পজা মোৰ বাৱে তীৰ্থভূমি৷’ এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি ভৱানীপুৰ সমষ্টিৰ সৰুপেটাত অনুষ্ঠিত বিজেপিৰ এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে, যিহেতু অসমৰ প্ৰতিটো পৰিয়াল মোৰ বাবে তীৰ্থ আৰু প্ৰতিটো দুখীয়াৰ পজা মোৰ বাবে তীৰ্থভূমি৷ গতিকে মই তেওঁলোকৰ অভাৱ- অভিযোগবোৰ বুজিবলৈ অসমৰ পঞ্চায়তে পঞ্চায়তে যামেই৷ সেই কথাত কংগ্ৰেছ দলে মই ভয় খাই প্ৰতিটো সমষ্টিৰ পঞ্চায়তে পঞ্চায়তে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা বুলি সমালোচনা কৰি লাভ নাই বুলি মন্তব্য কৰে৷ লগতে তেওঁ পুনৰ কংগ্ৰেছ দলক সমালোচনা কৰে যে, বিগত কংগ্ৰেছ চৰকাৰৰ দিনত অসমৰ প্ৰতিটো চৰকাৰী বিভাগত যিদৰে দুৰ্নীতিৰ এটা অপসংস্কৃতিৰ জন্ম দিছিল সেই অপসংস্কৃতিৰ বেহা আমি বিজেপি চৰকাৰে বন্ধ কৰি দিছোঁ৷ কংগ্ৰেছৰ দিনত শিক্ষক, অংগনৱাড়ী আনকি আশাকৰ্মীৰ চাকৰি দিওঁতেও ঘোচ লৈছিল৷ তদুপৰি, কংগ্ৰেছৰ দিনত মানুহ জন্মিলেও পইছা দিব লাগে আৰু মৰিলেও পইছা দিব লাগে, এনেকুৱা এটা বেয়া পৰিৱেশ গঢ়ি তুলি সৰ্বসাধাৰণ ৰাইজক জ্বলা-কলা খুৱাইছিল৷ কিন্তু বিজেপি চৰকাৰে সেই অপসংস্কৃতি বন্ধ কৰি দি এটকাও নোলোৱাকৈ টেটৰ চাকৰি দিছোঁ৷ বৰ্তমান মাটিৰ দালালি বন্ধ কৰি দিছোঁ, ড্ৰাগ্‌ছৰ বেপাৰীক ধৰি গুলীয়াইছোঁ৷ কিন্তু কংগ্ৰেছ দলে আকৌ ড্ৰাগ্‌ছৰ বেপাৰীক কিয় গুলীয়ালোঁ বুলি বিধানসভাত প্ৰশ্নহে সোধে৷ গতিকে মই কংগ্ৰেছ দলক প্ৰশ্ন কৰিছোঁ যে, ড্ৰাগ্‌ছ বেপাৰীক গুলী নামাৰি কি চুমা খাব লাগিছিল নেকি বুলি কংগ্ৰেছ দলক মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰে৷  তদুপৰি, মুখ্যমন্ত্ৰীয়ে আমাৰ অসমখন আমি সলনি কৰিবই লাগিব বুলি মন্তব্য কৰি কয় যে, এইখন অসমত সাধাৰণ মানুহে যাতে এটা ঘৰৰ বাবে ঘোচ দিব নালাগে, পেন্সন পাবলৈ ঘোচ দিব নালাগে তথা সৰ্বসাধাৰণ ৰাইজে যাতে সকলোতে ন্যায় পায় তেনে এখনৰ কাম্য বৰ্তমানৰ বিজেপি চৰকাৰখনৰ বুলিও আশা প্ৰকাশ কৰে৷ মুঠতে বিগত দিনবোৰত কংগ্ৰেছে দি যোৱা কলংকৰ দাগ আমাৰ বিজেপি চৰকাৰে অসমৰ কপালৰ পৰা মচিবই লাগিব সেয়া খাটাং৷ ৰাইজৰ মৰম আৰু আশীৰ্বাদত আমি আগন্তুক চাৰে চাৰি বছৰত এখন নতুন অসম গঢ়ি তুলিবই লাগিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় - যোৱা চাৰি মাহে অসমৰ ৰাইজৰ পৰা মই যি মৰম পাইছোঁ সেই মৰমৰ প্ৰতিদান মই ওভোটাই দিম অসমৰ জীৱনলৈ উন্নয়ন আৰু বিকাশৰ এক নতুন গংগা বোৱাই আনি৷ আৰু ৰাইজে এই উপ-নিৰ্বাচনত বিজেপিৰ পক্ষত ভোট দিলে ড্ৰাগ্‌ছ বেপাৰী, মাটিৰ দালাল, সুলভ মূল্যৰ দোকানীয়ে গম পাই যাব যে ৰাইজ মুখ্যমন্ত্ৰীৰ পক্ষত আছে৷ আনহাতে, কংগ্ৰেছ আৰু এআই ইউ ডি এফ দলক সাম্প্ৰদায়িক ৰাজনীতি কৰা বুলি সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে, কংগ্ৰেছ আৰু এইআইইউ ডিএফ দলে কেৱল মুছ্‌লমান লোক থকা অঞ্চলতহে নিৰ্বাচনী প্ৰচাৰ চলাই আছে৷ তেওঁলোকে বুজাব বিছাৰিছে যে বিজেপি মানে হিন্দু লোক আৰু কংগ্ৰেছ, এআই ইউডিএফ মানে মুছলমানলোক৷ তেওঁলোকে আগতেই ধৰি লৈছে যে হিন্দু লোকে কংগ্ৰেছক ভোট নিদিয়ে বুলি৷ অতি সম্প্ৰতি তেওঁলোকে এনেদৰে অসমত এটা সাম্প্ৰদায়িক ৰাজনীতিৰ আশ্ৰয় লৈ নিৰ্বাচনী বৈতৰণী পাৰ হ’ব খুজিছে৷ কিন্তু তেওঁলোকক সকলোৱে ভোট কিয় দিব কাৰণ তেওঁলোকে ভোট দিব জানে কিন্তু ৰাইজক একো দিব নাজানে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ভৱানীপুৰ সমষ্টিবাসী ৰাইজক বিজেপি দলৰ পক্ষত ভোট দি চৰকাৰৰ লগত অংশগ্ৰহণ কৰি ভৱানীপুৰ সমষ্টিৰ উন্নয়নত সহায় কৰিবলৈ সকলোকে আহ৩ান জনায়৷ সকলো ৰাইজে জানে যে এই উপ-নিৰ্বাচনৰ দ্বাৰা চৰকাৰ ভঙা-গঢ়া নহয়৷ কেৱল বিধায়ক নিৰ্বাচন কৰি সমষ্টিটোৰ উন্নয়নত বিজেপি চৰকাৰক সহায় কৰিবলৈ এক আবেগিক ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে৷ তেওঁ পুনৰ কয়, এইখন অসম হিন্দু-মুছলমান সকলোৰে এক পবিত্ৰ বাসস্থান৷ কিন্তু এটা কথা স্পষ্ট যে আমি ৰাস্তা বুজি পাওঁ, আমি কি কৰিব লাগে জানোঁ৷ লগতে এটা চৰকাৰী বিভাগত গ’লে মুখ্যমন্ত্ৰীয়ে যি সন্মান পায় সেই সন্মান প্ৰতিজন লোকে পাবই লাগিব৷ সেই পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব৷ তদুপৰি, মুখ্যমন্ত্ৰীয়ে কয় যে, ভাওনা আমি সকলোৱে দেখিছোঁ, কিন্তু আমি সেইখন ভাওনাহে চাব লাগে যিখন ভাওনাত শ্ৰীকৃষ্ণ আছে, যিখন ভাওনাত ৰুক্মিনী হৰণ হৈছে, যিখন ভাওনাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদ আছে৷ কিন্তু যিকোনো ভাওনা, নৃত্য-নাটিকা চলিয়ে থাকিব তাত কোনো আপত্তি নাই কিন্তু আচল কৰ্মযোগ্য ক’ত হ’ব, তাত হ’ব যিখন চৰকাৰে দিল্লী-দিছপুৰৰ পৰা ভৱানীপুৰ সমষ্টিৰ এই পৱিত্ৰ ভূমি লৈ উন্নয়নৰ পবিত্ৰ গংগা বোৱাই আনিব৷ ইফালে তেওঁ আগন্তুক দিনসমূহত ভৱানীপুৰ সমষ্টিত ব্লক অফিচ, ষ্টেট বেংকৰ শাখা, বি এইচ বি মহাবিদ্যালয়ত বিজ্ঞান শাখা, সৰুপেটা ৰে’লৱে গেটত অভাৰব্ৰীজ, পি এইচ চিখনক উন্নীতকৰণকে ধৰি আন আন বহুতো উন্নয়নমূলক কাৰ্য ভৱানীপুৰ সমষ্টিত কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে৷ আনহাতে, আজিৰ এই নিৰ্বাচনী সভাখনত বিজেপি প্ৰাৰ্থী ফণী তালুকদাৰ, প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাসেও ভাষণ প্ৰদান কৰে৷ আনহাতে, আজিৰ এই সভাখনত হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱা, বিজনীৰ বিধায়ক অজয় ৰয়, বিজেপি নেতা মনোজ বৰুৱা, ৰাতুল শৰ্মা, অগপ নেতা মণিমাধৱ মহন্ত, তপন দাসকে ধৰি আন বহুতো নেতা-কৰ্মী উপস্থিত থাকে৷ তদুপৰি, সভাৰ আগমুহূৰ্তত সংগীত শিল্পী কল্লোল বৰঠাকুৰ আৰু গীতালী কাকতিয়ে গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰি তোলে৷

‘ট্ৰেক্টৰ মানে পদুম, পদুম মানে ট্ৰেক্টৰ’

অসম বিধানসভাৰ উপ-নিৰ্বাচনৰ পাঁচটা সমষ্টিৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা অসমৰ মুখ্যমন্ত্ৰী ড॰   হিমন্ত বিশ্ব শৰ্মাই তামুলপুৰৰ কটাহবাৰী মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত অনুষ্ঠিত বিজেপি, এজিপি আৰু ইউপিপিএলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ সমৰ্থনত অনুষ্ঠিত কৰা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কয় -ট্ৰেক্টৰ মানে পদুম, পদুম মানে ট্ৰেক্টৰ৷ ট্ৰেক্টৰক ভোট দিয়া মানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰা৷  মুখ্যমন্ত্ৰীয়ে বিগত এবছুৰ আন্দোলনত শ্বহীদ হোৱা অঞ্চলটোৰ বাৰগৰাকী শ্বহীদ অভিৰাম বড়ো, শুক্লেশ্বৰ বড়ো, মাণিক চন্দ্ৰ বড়ো, অনু বড়ো,  সুনি বড়ো সম্বাৰ বড়ো, জয়দেৱ বড়ো, কালিচৰণ বড়ো, ব্ৰজেন ৰামচিয়াৰী, বীৰেণ ৰামচিয়াৰীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷  সাধাৰণ নিৰ্বাচন, উপ-নিৰ্বাচনৰ কথা বিশ্লেষণ কৰিবলৈ গৈ কয়- ক’ভিডত আক্ৰান্ত হৈ তামুলপুৰ সমষ্টিটোৰ বিধায়ক লেহোৰাম বড়োৰ মৃত্যু নহ’লে উপ-নিৰ্বাচন নহ’লহেঁতেন৷  বিজেপি চৰকাৰখন দিছপুৰত ২০২৬চনলৈ থাকিব৷ বিটিচিত আৰু দিল্লীতো ২০২৬ চনলৈ থাকিব৷  ট্ৰেক্টৰত ভোট দিলে গাখীৰ ওলাব বুলি উল্লেখ কৰি কয়- গৰুৱে গাখীৰ দিয়া আৰম্ভ কৰিছেই অহা চ্ছজানুৱাৰীৰ দিনা তামুলপুৰ জিলাৰ পতাকা উৰিব৷ অসমৰ ভিতৰত এটাই সমষ্টি থকা একমাত্ৰ জিলাখন হ’ল তামুলপুৰ৷ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সেইদিনা জিলাৰ পতাকা উত্তোলন কৰি জিলা গঠনৰ আনুষ্ঠানিকতা সম্পন্ন কৰিব৷ পদ্ম আনন্দ বজাৰত মেডিকেল, পদ্ম আনন্দ হাইস্কুলক উচ্ছতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ, কটাহবাৰী গাঁৱক আদৰ্শ গাঁৱলৈ উন্নতকৰণ, দৰঙানদীত প্ৰটেক্‌চন বান্ধ আদি নিৰ্বাচনৰ পাছত সমাধান কৰা হ’ব৷  এটকাও নিদিয়াকৈ ৰাজ্যত ২৫হাজাৰ আৰক্ষীৰ পদ খালি হ’ব লগা আৰু শীঘ্ৰেই পদসমূহ পূৰণ কৰা হ’ব৷ ৭৫হাজাৰ লোক বিভিন্ন পদত চাকৰি দিয়া হ’ব৷ ৷ এছ চি, শৰণীয়া-কছাৰী জনগোষ্ঠীক প্ৰমাণ-পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব৷ বন্ধন বেংকৰ ঋণ ৰেহাই দিয়াৰ লগতে অৰুণোদয় আঁচনিৰ সুবিধা অতিৰিক্তভাৱে দিয়া হ’ব৷  জলজীৱন আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱা পানীৰ সুবিধা প্ৰধান কৰা হৈছে৷ বিগত পাঁচবছৰত ৰাইজে বিজেপি চৰকাৰখনৰ ওপৰত আস্থা পোষণ কৰিছে৷  স্থানীয় মহিলা শিপিনীসকলক  আৰনাই, গামোচা বনাবলৈ দি সেইবোৰ স্থানীয়ভাৱে গঠন কৰা বস্ত্ৰ বেংকত জমা কৰি পাছত চৰকাৰে কিনি শিপিনীসকলক স্বাৱলম্বী হোৱাৰ সুযোগ প্ৰদান কৰা হ’ব৷ ৷ যোৱাবছৰ কনকলতা আঁচনি কাৰ্যকৰী কৰা হৈছিল৷  বিটিআৰ চুক্তিৰ পাছত শান্তিৰ কপৌজনী ঘূৰি আহিল৷ এনডিএফবিৰ আত্মসমৰ্পণ কৰিলে৷  এতিয়া বিটিআৰত উন্নয়ন আৰু বিকাশৰ ঢল বৈছে৷ এতিয়া বিটিআৰত বন্দুকৰ শব্দ নাই৷ বিটিআৰলৈ শান্তি ঘূৰি আহিছে৷  এটা সময়ত দুখীয়া মানুহে কাম কৰিব পৰা নাছিল আজি পিকেটিং কালি ধৰ্মঘট আদি প্ৰায়েই হৈ আছিল৷ এতিয়া সেইদিন আঁতৰি গ’ল৷  কোনজন অসমৰ মুখ্যমন্ত্ৰীয়ে এনেদৰে মুকলিভাৱে সভা পাতিব পাৰিছে৷ পৰিৱেশ সলনি হ’ল৷  বিটিআৰত উন্নয়নৰ গংগা বোৱাই আনিব৷ হিন্দু, মুছলমান, আদি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰস্থলী বিটিআৰত এতিয়া শান্তি আৰু বিকাশৰ ঢল বৈছে৷ এই ভোট কাৰোবাক মন্ত্ৰী বনোৱাৰ বাবে নহয় নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰাৰ বাবে, শান্তি আৰু প্ৰগতিৰ বাবে৷ অহা ২০নবেম্বৰত  অমিত শ্বাহে গৰীৱৰ আঁচনি এখন মুকলি কৰিব৷ গান্ধীৰ সপোন নৰেন্দ্ৰ মোদীৰ চিন্তা বাস্তৱায়িত কৰাৰ চেষ্টা কৰা হৈছে৷ ধনীতকৈ দুখীয়া গৰীৱে বেছি সন্মান পাব লাগিব৷ পাঁচটা বছৰত আদৰ্শ অসম গঢ়ি তোলা হ’ব আৰু তাৰ বাবে বিজেপি, ইউপিপিএল আৰু এজিপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ৩ান জনায় মুখ্য মন্ত্ৰীয়ে৷ সভাত অবড়ো সুৰক্ষা সমিতিৰ প্ৰাক্তন সভাপতি ব্ৰজেন মহন্তই ভাষণ প্ৰসঙ্গত কয় - এটা সময়ত বিটিচিৰ ক’লা দিন চলি আছিল, বন্দুকৰ ঝনঝন চলি আছিল এতিয়া সেই দিন নাই৷ কি বড়ো কি অবড়ো বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছিল৷  সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সহধৰ্মিনী পাৰুল বড়ো ভড়ালীয়ে কয়– আমাৰ কাৰণে আজিৰ দিনটো ভাল দিন৷ এনেকুৱা অনগ্ৰসৰ অঞ্চল এটাত অসমৰ মুখ্যমন্ত্ৰী আহিছে৷  বক্তব্যত এইবুলি উল্লেখ কৰে যে, ৰাস্তাঘাট নিৰ্মাণ হ’লেও নহ’ব মানুহৰ মান  উন্নত হ’ব লাগিব৷ সভাত মন্ত্ৰী ৰঞ্জিত দাস,  উৰ্খাও গৌৰা ব্ৰহ্ম,  তামুলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী,  প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, প্ৰমোদ বড়োৰ সহধৰ্মীনী পাৰুল বড়ো ভড়ালী, বিটিচিৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰী, এমচিএলএ পবিত্ৰ বড়ো, অবড়ো সুৰক্ষা সমিতিৰ প্ৰাক্তন সভাপতি ব্ৰজেন মহন্ত, বিপুল বসুমতাৰী, বিজেপিৰ বাগ্‌সা জিলা সমিতিৰ সভাপতি ভিক্টৰ দাস, এমচিএলএ বিজিত গৌৰা নাৰ্জাৰী, প্ৰাক্তন এমচিএলএ মদন মোহন মুছাহাৰীৰ উপৰিও বিজেপি আৰু ইউপিপিএল দলৰ নেতা-কৰ্মীসকল উপস্থিত থাকে৷ 

বাইক ৰেলীৰে বিজেপি-ৰাইজৰ দলৰ চমক

থাওৰা সমষ্টিৰ উপ-নিবাৰ্চনৰ প্ৰচাৰ কাৰ্যসূচী আজি বিয়লি চাৰি বজাত সামৰণি পৰে৷ প্ৰচাৰৰ আজি অন্তিম দিনটোত শাসকীয় বিজেপি মিত্ৰজোঁটৰ প্ৰাথীৰ্ সুশান্ত বৰগোহাঁয়ে কেইবাটাও বাইক ৰেলীত অংশগ্ৰহণ কৰাৰ উপৰিও ভালেকেইখন সৰু সৰু সভাত অংশগ্ৰহণ কৰে৷ বাইক ৰেলীত অংশগ্ৰহণ কৰি সুশান্ত বৰগোহাঁয়ে সাংবাদিকাৰ আগত কয় যে– এইবাৰ থাওৰাত মোৰ বিজয় নিশ্চিত৷ মুখ্যমন্ত্ৰী ড॰    হিমন্ত বিশ্ব শমাৰ্ৰ কৰ্মদক্ষতা আৰু জনপ্ৰিয়তাৰ প্ৰতি আকৃষ্ট হৈ থাওৰা সমষ্টিবাসীয়ে এইবাৰ বিজেপি দলৰ প্ৰতি পূৰ্ণ সমৰ্থন আৰু আস্থা প্ৰকাশ কৰিছে৷ ইতিমধ্যেই থাওৰা সমষ্টিৰ উন্নয়নে ক্ষীপ্ৰ গতি লাভ কৰিছে আৰু মোৰ বিজয়ে উন্নয়নৰ গতি দুগুণ বৃদ্ধি কৰিব৷ থাওৰা সমষ্টিৰ প্ৰতিজন ভোটাৰক ত্ৰিশ অক্টোবৰত পদুম ফুলৰ চিনত ভোট দি জয়যুক্ত কৰাবলৈ প্ৰাথীৰ্ সুশান্ত বৰগোহাঁয়ে আহ্বান জনায়৷ ইফালে আজি সুশান্ত বৰগোঁহাইৰ সমৰ্থনত থাওৰা সমষ্টিৰ বিশখন পঞ্চায়তত বিশাল বাইক ৰেলী বাহিৰ কৰে৷ পঞ্চায়তসমূহত এইবাৰ নিবাচনী প্ৰচাৰত দায়িত্ব থকা বিধায়ক ক্ৰমে চক্ৰধৰ গগৈ, উৎপল বড়া, সুৰেণ ফুকন, ভূৱন পেগু, প্ৰশান্ত ফুকন, ধৰ্মেশ্বৰ কোঁৱৰ, তৰংগ গগৈ, মানৱ ডেকা, বিনোদ হাজৰিকা আৰু ৰূপেছ গোৱলাই নেতৃত্ব লয়  প্ৰতিটো পঞ্চায়ততে ঘৰে ঘৰে গৈ সুশান্ত বৰগোহাঁইক ভোটদান সাব্যস্ত কৰিবলৈ আহ্বান জনায় আৰু প্ৰতিজন বিধায়কে প্ৰকাশ কৰা অনুসৰি, বৰ্তমানলৈ বিজেপিৰ প্ৰাথীৰ্জনে নিবাৰ্চনী প্ৰচাৰৰ শীৰ্ষত আছে৷ অন্যহাতে, চি পি আইৰ প্ৰাথী কৃষ্ণ গগৈয়ে বৰুৱা চাংমাই নামঘৰত সেৱা কৰি ৰাইজৰ আশীবাৰ্দ লয় চি পি আই ডিমৌস্থিত মুখ্য কাযাৰ্লয়লৈকে খোজ কাঢ়ি এক সমদল বাহিৰ কৰে৷ প্ৰাথীৰ্ কৃষ্ণ গগৈয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়ে যে মই দৃঢ় বিশ্বাসী৷ এইবাৰ থাওৰা সমষ্টিত সমষ্টিবাসী ৰাইজে মুল্যবোধৰ ৰাজনীতিক গুৰুত্ব প্ৰদান কৰিব৷ অন্যহাতে, ৰাইজৰ দলৰ প্ৰাথীৰ্ ধৈৰ্য কোঁৱৰে নিবাৰ্চনী প্ৰচাৰৰ অন্তিম দিনা সমষ্টিৰ কেউটা দিশ দলীয় সমৰ্থকক লৈ এক বাইক ৰেলী বাহিৰ কৰে৷ ধৈৰ্য কোঁৱৰে কয় যে, প্ৰলোভনৰ ৰাজনীতিৰ বিপৰীতে থাওৰা সমষ্টিবাসীয়ে এইবাৰ ৰাইজৰ দলক আশীবাৰ্দ প্ৰদান কৰিব৷ নিৰ্দলীয় প্ৰাথীৰ্ লোহিত গোৱালাইও আজি পুৱাৰে পৰা বাগিচা অধ্যুষিত অঞ্চলত ঘৰে ঘৰে গৈ ভোটভিক্ষা কৰি ত্ৰিশ অক্টোবৰত ভোটদান সাব্যস্ত কৰিবলৈ আহ্বান জনায়৷  ইফালে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাথীৰ্ মনোৰঞ্জন কোঁৱৰে আজি ডিমৌ চাৰিআলিৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত হাতৰ চিনত ভোট দিবলৈ আহ্বান জনায়৷  আনহাতে, থাওৰা সমষ্টিৰ উপ-নিবাৰ্চনক লৈ সমষ্টিটোত আজিও নিবাৰ্চনী হিংসা অব্যাহত আছে৷ সমষ্টিটোৰ পশ্চিম পানীদিহিঙৰ পঞ্চায়তৰ  জনগোষ্ঠীয় বসতিপ্ৰধান এলেকাত একাংশ দুষ্কৃতিকাৰীয়ে ৰাইজৰ দলৰ কাযাৰ্লয় ভাঙি চূৰ্ণ-বিচুৰ্ণ কৰাক লৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিবাৰ্চন আয়োগক আহ্বান জনায়৷ অন্যহাতেদি ভাৰতীয় কমিউনিষ্ট পাটীৰ্ৰ হৈ শিৱসাগৰ জিলাৰ কাৰ্যনিবাৰ্হক সদস্য অনুপ গগৈয়ে আজি ডিমৌ আৰক্ষী থানাত ৰাইজৰ দলৰ মানস কোঁৱৰ আৰু ৰিতুমণি হাজৰিকাই চি পি আই প্ৰাথীৰ্ কৃষ্ণ গগৈৰ বিৰুদ্ধে বিভিন্ন অভিযোগ কৰাত খৰ্গহস্ত হৈ এখন এজাহাৰ দাখিল কৰে৷ দুই ৰাইজৰ দলৰ কমীৰ্য়ে চি পি আই দলৰ প্ৰাথীৰ্ কৃষ্ণ গগৈ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শমাৰ্ৰ লগত যোগাযোগ কৰি বৃহৎ অংকৰ ধন লৈ থাওৰাত নিবাৰ্চন খেলা বুলি মুকলিকৈ প্ৰাথীৰ্জনৰ বিৰুদ্ধে বদনাম কৰিছে৷ সেয়ে এনেধৰণৰ প্ৰৰোচনামূলক কাৰ্যক কমিউনিষ্ট পাৰ্টীয়ে প্ৰতিবাদ জনাই ইয়াৰ সুবিচাৰ বিচাৰি উক্ত লোকদুজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডিমৌ আৰক্ষীক দাবী জনায়৷

পাঁচবছৰত গোসাঁইগাঁৱৰ চেহেৰা সলনি কৰি দিমঃ মুখ্যমন্ত্ৰী

উপ-নিৰ্বাচনৰ আজি অন্তিম প্ৰচাৰৰ দিন৷ অন্তিম দিনা অসমৰ মুখ্যমন্ত্ৰীয়ে গোসাঁইগাঁৱত চতুৰ্থবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলায়৷ গোসাঁইগাঁও সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ভাষণত কয় যে, আপোনালোকে ট্ৰেক্টৰক সমৰ্থন কৰিছে মানে বিজেপিক সমৰ্থন কৰিছে সেয়া স্পষ্ট৷ মানুহৰ উপস্থিতিয়ে ইউ পি পি এলৰ জয় নিশ্চিত বুলি প্ৰমাণিত কৰিছে৷ ইয়াত বহ সমস্যা আছে৷ ট্ৰেক্টৰৰ চৰকাৰ অহাৰ পাছত সকলো সমস্যা সমাধান কৰা হ’ব৷ তলা-চাবি আৰু হাতে মানুহৰ ব্যৱসায় কৰে কোনো কাম নকৰে৷  যদি শিক্ষা, উন্নতি বিচাৰে তেন্তে ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক৷ অযথা সময় নষ্ট নকৰিব৷ সময় নষ্ট কৰি একো লাভ নাই সময়ক উপযুক্তভাৱে ব্যৱহাৰ কৰক৷ অসমত এক লাখ চৰকাৰী চাকৰি দিয়া হ’ব৷ ইয়াৰে ২৫ হাজাৰে আৰক্ষী চাকৰি লাভ কৰিব৷ শিক্ষিত যুৱক-যুৱতীসকলৰ বাবে গোসাঁইগাঁৱত প্ৰশিক্ষণ কেন্দ্ৰ খুলিব লাগে যাতে নিজে নিজে কিবা কাম কৰি চলিব পাৰে৷ চৰকাৰী চাকৰি লোৱাত কোনেও এটা টকা ঘোচ দিব নালাগে৷ বন্ধন বেংকৰ ঋণ আছে মাতৃসকলৰ বাবে চৰকাৰে ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব৷ লকডাউনত ঋণৰ ধন ঘূৰাই দিবলৈ কষ্ট হৈছে৷ নবেম্বৰৰ পৰা ইয়াৰ কাম আৰম্ভ হ’ব বুলি কয়৷ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী ভাষণ প্ৰসংগত আকৌ কয় যে,  বিজেপি-ট্ৰেক্টৰ চৰকাৰৰ অহাৰ পাছত বহু ডাঙৰ ডাঙৰ আঁচনিৰ কাম হাতত লোৱা হৈছে৷ মোদী চৰকাৰ অহাৰ পাছত নতুন নতুন আঁচনি আহিছে৷ গৰীৱ-দুখীয়া পৰিয়ালক অৰুণোদয় আঁচনিৰ অধীনত এটা পৰিয়ালক ৮৩০ টকাৰ পৰা এতিয়া বৃদ্ধি কৰি ১০০০ টকা কৰা হৈছে৷ গোসাঁইগাঁও সমষ্টিত দুখীয়া মানুহ যিমান আছে আন সমষ্টিত তেনে দুখীয়া মানুহ নাই৷ গতিকে সকলো দুখীয়া মানুহক এই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰা হ’ব৷ বেংক একাউণ্টৰ জৰিয়তে পাব৷ যিসমূহ দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰ পোৱা নাই তেনে পৰিয়ালৰ ঘৰে ঘৰে গৈ তদন্ত কৰি বঞ্চিত সকলোকে দিয়া হ’ব৷ জাতি, ভাষা-গোষ্ঠী হিচাপে প্ৰতিটো পৰিয়ালে পকী ঘৰ লাভ কৰিব৷ ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী দিয়া হ’ব৷ প্ৰত্যেক গাঁৱত নতুন ট্ৰান্সফৰ্মাৰ বহুৱাই বিদু্যৎ সমস্যা দূৰ কৰা হ’ব৷ এই অঞ্চলত থাকি সকলো কাম আৰম্ভ কৰা হ’ব৷ ২০২৬ চনলৈ অসমত বিজেপি চৰকাৰ আছে৷ কোক্‌ৰাঝাৰত ট্ৰেক্টৰৰ চৰকাৰ আছে৷ গোসাঁইগাঁও সমষ্টিৰ প্ৰাৰ্থীজন দুই নম্বৰত আছে৷ ট্ৰেক্টৰত ভোট দিব গাখীৰ ওলাই থাকিব পাঁচবছৰ৷ ট্ৰেক্টৰ হিন্দু, মুছলমান, খ্ৰীষ্টান সকলোৰে লগত আছে৷ ইয়াত কোনো ধনী মানুহ নাই গৰীৱ-দুখীয়া মানুহ আছে৷ পাঁচবছৰত গোসাঁইগাঁৱৰ চেহেৰা সলনি কৰি দিম আমাক এবাৰ সুবিধা কৰি দিয়ক৷ মই নাথাকোঁ মোৰ কাম আপোনালোকে কৰিব৷ যোৱা নিৰ্বাচনত আমি ১০ হাজাৰ ভোটত হাৰিছোঁ এইবাৰ ৫০হাজাৰ ভোটত জয়ী হ’ম৷ দিল্লীৰ পৰা টকা আহিব গোসাঁইগাঁও, কোক্‌ৰাঝাৰৰ পৰা টকা আহিব৷  গোসাঁইগাঁৱত বংগৰ পৰা মানুহ আহি প্ৰথমে গোসাঁইগাঁও দেখা পায়৷ কোক্‌ৰাঝাৰ, বৰপেটা ভাল হওক নহওক গোসাঁইগাঁও ভাল হ’ব লাগিব৷ বজাৰৰ পৰা গাখীৰ দিয়া গৰু কিনিব লাগিব৷ গাখীৰ নিদিয়া গৰু কিনি লাভ নাই৷

গোসাঁইগাঁৱৰ প্ৰচাৰ সভাত কংগ্ৰেছক তুলাধুনা সোণোৱালৰ

কংগ্ৰেছে ষাঠি বছৰ কাল শাসন চলাই গোটেই ভাৰতৰ শাসনব্যৱস্থা কলংকিত কৰি তুলিছে৷ এই অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ উল্লেখ্য যে, কোক্‌ৰাঝাৰ জিলাৰ গোসাঁইগাঁও বিধানসভা সমষ্টিৰ বালাগাঁৱত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মিত্ৰজোঁটৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷ উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত এইদৰে অভিযোগ উত্থাপিত কৰি  মাথোঁ সাতোটা বছৰ শাসন চলাই নৰেন্দ্ৰ মোদী চৰকাৰে উন্নয়নৰ দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিলে সংস্কাৰসাধন কৰিলে বুলি দাবী কৰে৷ নিৰ্বাচনী প্ৰচাৰ সভাত সোণোৱালে ইউপিপিএল, বিজেপি সমৰ্থিত প্ৰাৰ্থী জিৰণ বসুমতাৰীক ভোট প্ৰদানৰ আহ্বান জনাই সৰ্বানন্দ সোণোৱালে যোৱা পাঁচটা মাহত অসমত আমূল পৰিৱৰ্তন হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সকলোৱে সুৰক্ষিত হৈছে৷ কংগ্ৰেছৰ দৰে দলে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে৷ হিন্দু, ইছলাম, শিখ, খ্ৰীষ্টান সকলোৰে উন্নয়ন হৈছে বুলিও তেওঁ মন্তব্য কৰে৷ আনপিনে সৱকা সাথ সৱকা বিকাশ কেৱল ৰাজনীতিৰ শ্লোগান নহয়৷ সকলোকে লৈ ঐক্যৱদ্ধভাৱে আগুৱাই যাব বিচৰা হৈছে৷ কংগ্ৰেছৰ শাসনকালত ব্যাপক দুৰ্নীতি হৈছিল৷ কংগ্ৰেছে ষাঠি বছৰত কৰিব নোৱৰা কাম বিজেপিয়ে সাত বছৰত কৰি দেখুৱাইছে বুলি তেওঁ দাবী কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে৷ তেওঁ এতিয়া সমগ্ৰ দেশৰ সকলো শ্ৰেণীৰ জনগণে আন্তৰিকতাৰে বিশ্বাস কৰে যে বিজেপি থাকিলেহে উন্নয়ন সম্ভৱ বুলি উল্লেখ কৰি জনগণে উন্নয়ন বিচাৰে শান্তি বিচাৰে আৰু মৰ্যাদা সহকাৰে জীয়াই থাকিব বিচাৰে৷ যিখিনি বিজেপিয়ে দিবলৈ সক্ষম হৈছে বুলি কয়৷ ভাষণ প্ৰসংগত তেওঁ বিটিআৰত শান্তি ঘূৰি আহিছে বুলি উল্লেখ কৰি ৰাইজে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে বুলি সদৰি কৰি তেওঁ কংগ্ৰেছৰ শাসনকালত কেৱল লুণ্ঠন হৈছিল৷ কংগ্ৰেছে গৰীৱৰ মুখৰ ভাত কাঢ়ি খাবলৈ কুণ্ঠাবোধ কৰা নাছিল বুলিও কটাক্ষ কৰে৷ কোক্‌ৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিটিআৰপ্ৰধান প্ৰমোদ বড়ো, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, বিধায়ক লৰেন্স ইছলাৰী উপস্থিত থাকে৷

‘আমাৰ অসম’ৰ গোসাঁইগাঁৱৰ প্ৰতিনিধিঃ মুখ্যমন্ত্ৰীয়ে শ্ৰীৰামপুৰত ইউ পি পি এলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ পাছত বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বিটিচিপ্ৰধান প্ৰমোদ বড়োৱে নিৰবিচ্ছিভাৱে আজি নিৰ্বাচনী প্ৰচাৰ চলায়৷ নিৰ্বাচনী প্ৰচাৰে ইউ পি পি এলৰ প্ৰাৰ্থীজনৰ জয় নিশ্চিত কৰি তুলিছে৷ গোসাঁইগাঁও বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলৰ লগতে গুৰুফেলাত এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়৷ অন্তিম সময়ত অনুষ্ঠিত সভাখনত সভাপতি ভৱেশ কলিতাই ভাষণত কয় যে, এইবেলি গোসাঁইগাঁও বিধানসভা সমষ্টিৰ প্ৰাৰ্থী জীৰণ বসুমতাৰীৰ জয় নিশ্চিত৷