Logo
image

ক’ভিডৰ চক্ৰবেহু, ১৮খন স্কুল বন্ধ

আমাৰ অসম, ৩০ অক্টোবৰঃ ক’ভিডৰ চক্ৰবেহুত সোমাই পৰিছে অসম৷ এখন দুখন নহয়– ক’ভিডৰ বাবেই বন্ধ কৰি দিয়া হৈছে ১৮খনকৈ শিক্ষানুষ্ঠান৷ ৰাজ্যত পুনৰ ক’ভিড ভাইৰাছে এফালৰ পৰা ছানি ধৰিছে৷ বিশেষকৈ ক’ভিডৰ বাবে বিপদজনক হৈ পৰিছে শিক্ষানুষ্ঠানসমূহ৷ বিগত ১৯ অক্টোবৰৰ পৰা সকলো শ্ৰেণীৰ পাঠদান আৰম্ভ হৈছে যদিও শেহতীয়াকৈ এখনৰ পাছত এখন শিক্ষানুষ্ঠানত শিক্ষক-শিক্ষাৰ্থী ক’ভিডত আক্ৰান্ত হৈছে৷ যাৰ ফলত বন্ধ কৰি দিবলগীয়া হৈছে ৰাজ্যৰ ১৮ খনকৈ শিক্ষানুষ্ঠানৰ সমগ্ৰ পাঠদান ব্যৱস্থা৷ লক্ষণীয়ভাৱে শিক্ষানুষ্ঠানৰ দুৱাৰ খোলাৰ পাছত এই পৰ্যন্ত ৰাজ্যৰ ১৮ খন শিক্ষানুষ্ঠানত সৰ্বমুঠ ৩৫ জন শিক্ষক-শিক্ষাৰ্থীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ আক্ৰান্ত সকলৰ ভিতৰত ৩ জন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীও আছে৷ তথ্য অনুসৰি বৰ্তমানলৈ ১৯জন শিক্ষক-শিক্ষয়িত্ৰী আৰু ১৬জন শিক্ষাৰ্থী ক’ভিডত আক্ৰান্ত হৈছে৷ ক’ভিড সংক্ৰমণৰ পাছতেই গুৱাহাটীৰ দুখন শিক্ষানুষ্ঠান প্ৰশাসনে মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ লগতে ডিব্ৰুগড়, ঢেকিয়াজুলি আদি কেইবাটাও স্থানত বহু শিক্ষানুষ্ঠান ক’ভিড সংক্ৰমণৰ বাবে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে৷ ৫০ শতাংশ শিক্ষাৰ্থী আৰু শিক্ষকৰ উপস্থিতিৰে পাঠদান চলাৰ মাজতে ক’ভিড সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাত স্বাস্থ্য বিভাগৰ লগতে অভিভাৱকসকলকো চিন্তিত কৰি তুলিছে৷ গুৱাহাটীৰ মালিগাঁৱৰ কামাখ্যা উচ্ছ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ক’ভিড আক্ৰান্ত হোৱাৰ পাছতেই বৃহস্পতিবাৰৰে পৰা কাৰ্যকৰি হোৱাকৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে বিদ্যালয়খন বন্ধ কৰি মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷ ইপিনে গাড়ীগাঁৱৰ বালিকা মোক্তাব স্কুলৰ তিনি শিক্ষকৰ পজিটিভ ধৰা পৰাত শিক্ষানুষ্ঠানখন মহানগৰ প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷ ইপিনে গুৱাহাটীৰ ভঙাগড়স্থিত মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষৰ কেইবাজনো আৰক্ষী বিষয়া-জোৱান ক’ভিডত আক্ৰান্ত হোৱাত সমগ্ৰ কাৰ্যালয়টো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷ আনহাতে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ ৪ খন শিক্ষানুষ্ঠান ক’ভিডৰ বাবে প্ৰশাসনে বন্ধ ঘোষণা কৰিছে৷ ঢেকিয়াজুলিৰ বৰছলাৰ ধিৰাই মাজুলী অঞ্চলত ছাত্ৰসহ মুঠ ৩ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাত স্থানীয় ৪ খন বিদ্যালয় এসপ্তাহৰ বাবে বন্ধ কৰি দিছে৷ শিক্ষা বিভাগৰ এছ অ’ পি অনুসৰি কোনো অঞ্চলত ক’ভিড পজিটিভ ধৰা পৰিলে এক কিলোমিটাৰ ব্যাসাৰ্ধৰ শিক্ষানুষ্ঠানসমূহ এসপ্তাহৰ বাবে বন্ধৰ নিৰ্দেশ প্ৰদান কৰা হৈছে৷ সেই সূত্ৰেই ধিৰাইমুখ প্ৰাথমিক বিদ্যালয়, ধিৰাই মাজুলী এম ই স্কুল, ধিৰাই মাজুলী হাইস্কুল আৰু ধিৰাই মাজুলী শংকৰদেৱ শিশু নিকেতন এসপ্তাহৰ বাবে শিক্ষা বিভাগে বন্ধ কৰি দিছে৷ আনহাতে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ অসম বিদ্যাপীঠ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসহ ৬ গৰাকী ছাত্ৰীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাত বৃহস্পতিবাৰে বিদ্যালয়খন এসপ্তাহৰ বাবে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে শিক্ষা বিভাগে৷ ইপিনে শুকুৰবাৰে ডিব্ৰুগড় চৰকাৰী উচ্ছতৰ মাধ্যমিক আৰু বহুমুখী বালিকা বিদ্যালয় আৰু বৰবৰুৱা ৰামেশ্বৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকী ছাত্ৰীৰ ক’ভিড পজিটিভ ধৰা পৰিছে৷ কেৱল শিক্ষানুষ্ঠানতে ক’ভিডৰ সংক্ৰমণ এনে নহয়, আৰক্ষী বিভাগৰো কেইবাজনো শীৰ্ষ বিষয়া-জোৱান ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হ’ব লগা হৈছে৷ নিৰ্বাচনৰ মাজতে যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈন আৰু বজালীৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ কুমাৰ দাস ক’ভিডত আক্ৰান্ত হোৱাত নিৰ্বাচন আয়োগে সাময়িকভাৱে জিলা দুখনত নতুন আৰক্ষী অধীক্ষক নিযুক্তি দিছে৷ বি আই ই অ’ৰ আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মনক বজালীৰ আৰক্ষী অধীক্ষক আৰু একাদশ আৰক্ষী বাহিনীৰ অধিনায়ক কল্যাণ ফুকনক যোৰহাটৰ আৰক্ষী অধীক্ষক নিযুক্তি দিছে৷ উল্লেখ্য, শুকুৰবাৰে ৰাজ্যত নতুনকৈ ৩২২জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ শুকুৰবাৰৰ দিনটোত ৪৩,৮৪১জন লোক ক’ভিড পৰীক্ষা কৰাৰ বিপৰীতে পিজিটিভিটীৰ হাৰ হৈছে ০.৭৩ শতাংশ৷ বিগত ২৪ ঘণ্টাত গুৱাহাটী মহানগৰীত ১১২জন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ৰাজ্যত ৩জন লোকৰ ক’ভিডত মৃত্যু হোৱাৰ তথ্য স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷

ডিব্ৰুগড়ত বিদ্যালয়ে বিদ্যালয়ে ক’ভিডৰ ত্ৰাস

ৰাজ্যত পুনৰ আৰম্ভ হৈছে ক’ভিডৰ সংহাৰ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাতো বিদ্যালয়ে বিদ্যালয়ে ক’ভিডে সংহাৰী ৰূপ লৈছে৷ বৃহস্পতিবাৰে জিলাখনৰ চাবুৱাৰ অসম বিদ্যাপীঠ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসহ ৬ গৰাকী ছাত্ৰীৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰাৰ পাছতে বিদ্যালয়খন এসপ্তাহৰ বাবে জিলা শিক্ষা বিষয়াই ঘোষণা কৰিছে কণ্টেইনমেণ্ট জ’ন৷ ইয়াৰ পাছতে আজি পুনৰ ডিব্ৰুগড়ৰ দুখন বিদ্যালয়ত দুগৰাকী ছাত্ৰীৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰাৰ লগে লগে তীব্ৰ আতংকৰ সৃষ্টি হৈছে৷ ডিব্ৰুগড় জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে জানিবলৈ দিয়া মতে– শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি ডিব্ৰুগড় চৰকাৰী উচ্ছতৰ মাধ্যমিক আৰু বহুমুখী বালিকা বিদ্যালয়ত আজি ৩৮৩জনক কৰা ৰেপিড এণ্টিজেণ্ট টেষ্টত বিদ্যালয়খনৰ দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি৷ সেইদৰে বৰবৰুৱা ৰামেশ্বৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়তো ২৩৩জন শিক্ষক-শিক্ষয়িত্ৰীসহ ছাত্ৰ-ছাত্ৰীক ৰেপিড এণ্টিজেণ্ট টেষ্ট কৰাত এগৰাকী ছাত্ৰীৰ দেহত ক’ভিড ধৰা পৰিছে৷ এগৰাকী শিক্ষাৰ্থী ক’ভিড পজিটিভ চিনাক্ত কৰাৰ ফলত চৰকাৰী এছঅ’পি অনুসৰি কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হোৱা নাই এই বিদ্যালয় দুখনক৷ ইয়াৰ পৰিৱৰ্তে বিদ্যালয়ৰ শ্ৰেণীৰ পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে ভালদৰে ছেনিটাইজাৰ ব্যৱহাৰ কৰি ক’ভিড প্ৰট’কল অনুসৰি শ্ৰেণীৰ পাঠদান আৰম্ভ কৰিবলৈ বিদ্যালয় দুখনৰ কতৃৰ্পক্ষক ইতিমধ্যে নিৰ্দেশ দিয়াহৈছে৷ তদুপৰি কাইলৈৰ পৰা ডিব্ৰুগড় জিলা প্ৰশাসনে জিলা স্বাস্থ্য বিভাগৰ সহযোগত বিদ্যালয়ে বিদ্যালয়ে ৰেণ্ডম টেষ্টো কৰা হ’ব৷ উল্লেখ্য, শিক্ষা বিভাগে শিক্ষানুষ্ঠান খোলাৰ নিৰ্দেশনাৰ পাছতে এই পৰ্যন্ত ৮গৰাকী শিক্ষক-শিক্ষয়িত্ৰীসহ ছাত্ৰ-ছাত্ৰী ক’ভিডত আক্ৰান্ত হৈছে৷ ইফালে জিলাখনত এই পৰ্যন্ত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২৪,৬১৪ জনলৈ বৃদ্ধি পাইছে৷ ইয়াৰে ৭৫ জন বৰ্তমানেও চিকিৎসাধীন হৈ আছে৷

যোৰহাটৰ আৰক্ষী অধীক্ষক ক’ভিডত আক্ৰান্ত

যোৰহাট জিলাৰ মৰিয়নি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত জিলাখনৰ আৰক্ষী অধীক্ষক অংকুৰ জৈন ক’ভিডত আক্ৰান্ত হৈছে৷ অৱশ্যে, জৈনৰ নেতৃত্বত ইতিমধ্যে উপ নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা বুলি জানিব পৰা গৈছে৷ অৱশ্যে শনিবাৰে ভোটগ্ৰহণ হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন বিভাগৰ অনুৰোধ মৰ্মে ৰাজ্যৰ গৃহ বিভাগে গোলাঘাট জিলাৰ দেৰগাঁও স্থিত একাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক কল্যাণ ফুকনক সাময়িকভাৱে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পণ কৰিছে৷ অংকুৰ জৈনে পুনৰ যোগদান নকৰা পৰ্যন্ত অসম আৰক্ষী সেৱাৰ বিষয়া ফুকনে এই দায়িত্ব পালন কৰিব৷ ইফালে, ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া অংকুৰ জৈন সম্প্ৰতি চৰকাৰী আৱাসত আইচ’লেশ্যনত আছে৷ মন কৰিবলগীয়া যে কল্যাণ ফুকনক যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়াৰ বিষয়ে প্ৰচাৰ হোৱাত সৰ্বসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হয়৷

ধুবুৰীত ক’ভিড বিধি মানি সমাগত কালী পূজা আৰু ষটপূজা উদ্‌যাপন নিশ্চিত কৰা বাবে আজি জিলা প্ৰশাসনে পূজা উদ্‌যাপন সমিতিসমূহৰ সৈতে এখন বৈঠকত মিলিত হয়৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত অম্বামুথন এম পিৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত উৎসৱ উদ্‌যাপন সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰা সাধাৰণ নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি চলাৰ সিদ্ধান্ত লোৱা হয়৷ অৰ্থাৎ কালীপূজা উদ্‌যাপনৰ ক্ষেত্ৰতো দুৰ্গাপূজা আয়োজনৰ সময়ত চৰকাৰে বান্ধি দিয়া নিয়মবোৰ বাহাল থাকিব৷  সেই অনুসৰি ৰাজহুৱা কালীপূজা উদ্‌যাপনৰ অনুমতিৰ বাবে পূজা সমিতিসমূহে জিলা প্ৰশাসনৰ ওচৰত আবেদন জনাব লাগিব৷ পূজা সমিতিবোৰে সমিতিৰ সদস্য আৰু স্বেচ্ছাসেৱকসকলৰ নাম আৰু সকলোৱে অন্ততঃ এপালি প্ৰতিষেধক লোৱাৰ প্ৰমাণ-পত্ৰ দাখিল কৰিব লাগিব৷ পূজামণ্ডপসমূহ সকলোফালে মুকলি থাকিব লাগিব৷ একেসময়তে সৰ্বাধিক দুশ লোক সামাজিক দূৰত্ব ৰক্ষা কৰি মণ্ডপৰ ভিতৰত সমৱেত হ’ব পাৰিব৷ পূজা মণ্ডপত চি চি কেমেৰা লগাব লাগিব৷ মণ্ডপত ভক্তৰ প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে পৃথক পথ উপযুক্ত চিহ্নৰে নিৰ্দিষ্ট কৰিব লাগিব৷ পূজা মণ্ডপৰ বাহিৰত ‘ভেকচিন নললে প্ৰৱেশ নিষেধ’ আৰু ‘মাস্ক নিপিন্ধিলে প্ৰৱেশ নিষেধ’ বুলি লিখি ৰাখিব লাগিব আৰু তাক নিশ্চিত কৰিব লাগিব৷ কালীপূজাৰ লগত সংগতি ৰাখি কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজনৰ অনুমতি নিদিয়ে জিলা প্ৰশাসনে৷ আতছবাজী ব্যৱহাৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ নিৰ্দেশনা সকলোৱে মানি চলিব লাগিব৷ নিশা ১১ বজাৰ পাছত হ’বলগীয়া পূজাত সীমিতসংখ্যক লোকহে উপস্থিত থাকিব পাৰিব৷ বৈঠকত ষটপূজা উদযাপন সন্দৰ্ভতো আলোচনা কৰা হয়৷ ষটপূজা সমিতিসমূহে নৈৰ ঘাটত পূজা আগবঢ়োৱাৰ সময়ত সন্মুখীন হোৱা বিভিন্ন অসুবিধাৰ বিষয়ে উল্লেখ কৰে আৰু সেই বিষয়ে আলোচনা কৰি জিলা প্ৰশাসনে সমাধানৰ দিহা কৰে৷