Logo
image

৩ নৱেম্বৰত দিছপুৰ ফ্লাই অভাৰ মুকলি

আমাৰ অসম, ৩০ অক্টোবৰঃ  অসমকে ধৰি উত্তৰ পূৱৰ ভিতৰত অতি ব্যস্ত অঞ্চল হিচাপে পৰিচিত ৰাজধানী দিছপুৰ অঞ্চলক যানজটৰ সমস্যাৰ পৰা চিৰদিনৰ বাবে মুক্ত কৰি ৰখাৰ বাবে নিৰ্মাণ কৰি থকা উৰণীয়া সেতুখন ৩ নৱেম্বৰৰ দিনা ৰাইজৰ যাতায়তৰ বাবে মুকলি কৰা হ’ব৷ অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ এক উচ্ছস্তৰীয় সূত্ৰই জানিবলৈ দিয়া মতে সিদিনা বিয়লি ৩ বজাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মাংগলিক কাৰ্যৰ মাজেৰে উৰণীয়া সেতুখন ৰাইজৰ যাতায়তৰ বাবে মুকলি কৰিব৷ শুকুৰবাৰে বিয়লি লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ইফালে লোকনিৰ্মাণ বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকাই জানিবলৈ দিয়া মতে ইতিমধ্যে উৰণীয়া সেতুখনৰ নিৰ্মাণকাৰ্য শুকুৰবাৰ পৰ্যন্ত প্ৰায় ৯৮ শতাংশ সম্পূৰ্ণ হৈছে৷ লোকনিৰ্মাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা কৰা অনুসৰি অহা ৩ নৱেম্বৰত যাতে যান বাহনৰ চলাচলৰ বাবে মুকলি কৰিব পাৰি তাৰবাবে সম্পূৰ্ণ সাজু কৰি তোলা হৈছে৷ আনকি লোকনিৰ্মাণ বিভাগৰ দায়িত্বত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৭ অক্টোবৰৰ দিনা নিশা প্ৰায় চাৰে ন’ মান বজাত দিছপুৰ লাষ্টগেটৰ দিশৰ পৰা আকস্মিকভাৱে উৰণীয়া সেতুত উপস্থিত হয়৷ তেওঁৰ কনভয়টো উৰণীয়া সেতুৰওপৰৰে পাৰ হৈ জি এছ ৰোডেৰে জনতা ভৱনলৈ যায় যদিও মুখ্যমন্ত্ৰীয়ে খোজকাঢ়ি উৰণীয়া সেতুখন পৰিদৰ্শন কৰি জনতা ভৱনলৈ আহে৷ পৰিদৰ্শন কালত উৰণীয়া সেতু নিৰ্মাণৰ ঠিকা লাভ কৰা অসমীয়া থলুৱা ঠিকাদাৰ অনিল দাস, সেতুখনৰ নিৰ্মাণ কাৰ্যৰ তদাৰকৰ দায়িত্বত থকা লোক নিৰ্মাণ বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাদ্বয় বিশ্বজিৎ কলিতা আৰু প্ৰাণজিত তালুকদাৰ, সহকাৰী অভিযন্তাদ্বয় ৰূপক ডেকা আৰু আবু চৈয়দ কনিষ্ঠ অভিযন্তা বুৰহান আহমেদকে ধৰি নিৰ্মাণ কাৰ্যৰ তদাৰক তথা পৰ্যবেক্ষণ কৰি থকা সকলোৰে সৈতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই প্ৰায় ৪০ মিনিট সময় উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্য সন্দৰ্ভত মত বিনিময় কৰে৷ ড॰ শৰ্মাই ঠিকাদাৰ অনিল দাস আৰু লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলক এটা টীমৰ দৰে কাম কৰি নিৰ্ধাৰিত সময়ৰ বহু পূৰ্বেই উৰণীয়া সেতুখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলা বিষয়টোৰ ভূয়সী প্ৰশংসা কৰে৷ উল্লেখযোগ্য যে ২০১৯ চনৰ ৮ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰা আৰু ১২৭.২০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি থকা সেতুখন নিৰ্মাণ সম্পূৰ্ণ কৰাৰ তিনি বছৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল৷ কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকাই সদৰি কৰা অনুসৰি দুইলেন যুক্ত সেতুখনৰ মুঠ দৈৰ্ঘ হ’ব ১,২০৫ মিটাৰ৷  উৰণীয়া সেতুখনৰ নিৰ্ধাৰিত নিৰ্মাণকাৰ্য তিনি বছৰ অৰ্থাৎ ২০২২ চনৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল৷ উৰণীয়া সেতুখনৰ নিৰ্মাণকাৰ্য নিৰ্ধাৰিত সময়তকৈ প্ৰায় ১৪ মাহ পূৰ্বে সম্পূৰ্ণ হোৱাটো অসমৰ লোকনিৰ্মাণ বিভাগৰ ইতিহাসত এক উল্লেখনীয় ঘটনা হিচাপে পৰিগণিত হব৷ ইয়াৰ উপৰিও উৰণীয়া সেতুখনৰ নিৰ্মাণকাৰ্যত প্ৰতিটো খণ্ডতে অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে৷  মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি বিভাগৰ মুখ্য অভিযন্তাকে ধৰি বিভাগীয় অভিযন্তা-বিষয়াসকলে নিশাৰ ভাগতো উৰণীয়া সেতুলৈ আহি নিৰ্মাণকাৰ্য তদাৰক কৰি আছে৷ বৰ্তমান ওপৰৰ অংশৰে বাহন চলাব পৰা হৈছে৷  মুঠ ২৫টা স্পান থকা উৰণীয়া সেতুখনত সৌন্দৰ্য্য বৰ্ধনৰ বাবে বৰ্তমান পেইণ্টিং, পোহৰৰ বাবে ষ্ট্ৰীট লাইট আৰু সুৰক্ষাৰ বাবে ফেন্সিং স্থাপনৰ শেহতীয়া কাম চলি আছে৷ আনকি উৰণীয়া সেতুখনৰ আধাতকৈ বেছি অংশত অসমকে ধৰি উত্তৰ পূৱৰ বাৰে ৰহনীয়া কলা-কৃষ্টি, লোক কৃষ্টি, সংস্কৃতি প্ৰতিফলিত হোৱাকৈ চিত্ৰ অংকন কৰা হৈছে৷ তেনেদৰে সমগ্ৰ সেতুখন নিশাৰ ভাগত পোহৰাই ৰাখিবৰ বাবে উচ্ছক্ষমতা সম্পন্ন এল ই ডি লাইট স্থাপন কৰা হৈছে৷ আনহাতে উৰণীয়া সেতুখন যাতায়াতৰ বাবে মুকলি হলে যানজঁটৰ সমস্যাৰ পৰা ৰাইজে সকাহ লাভ কৰাৰ লগতে সময় ৰাহি হ’ব৷