Logo
image

ৰাজ্যত ডিজেলৰ চেঞ্চুৰী

আমাৰ অসম, ৩০ অক্টোবৰঃ ৰাজ্যত চেঞ্চুৰী কোবালে ডিজেলৰ মূল্যই৷ অসমৰ ভিতৰত ঢকুৱাখনাত প্ৰথম ডিজেলৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰি এক অনাকাংক্ষিত অভিলেখ সৃষ্টি কৰিছে৷ ঢকুৱাখনাৰ ভাৰত পেট্ৰ’লিয়াম আৰু ইছাৰৰ পেট্ৰ’ল পাম্পত বৃহস্পতিবাৰে মাজনিশা ডিজেলৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰে৷ এই দুটা তেল কোম্পানীৰ আউটলে’ত অৰ্থাৎ পেট্ৰ’ল পাম্পত আজিৰ দিনটোত ডিজেলৰ মূল্য ১০০.০৬ টকা আৰু পেট্ৰ’লৰ মূল্য ১০৭.৬৬ টকা৷ বিপৰীতে ৰিলায়েন্স আউটলে’ত ডিজেলৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিবলৈ ২৪ পইছা বাকী৷ ৰিলায়েন্স পেট্ৰ’ল পাম্পত ডিজেলৰ মূল্য ৯৯.৭৬ টকাৰ বিপৰীতে পেট্ৰ’লৰ মূল্য ১০৭.৩৭ টকা৷ পেট্ৰ’ল আৰু ডিজেলৰ অপ্ৰতিৰোধ্য মূল্যই নিম্ন মধ্যবিত্ত আৰু সাধাৰণ ৰাইজক কোঙা কৰি তুলিছে৷ ঢকুৱাখনাৰ দৰে বান জৰ্জৰ আৰু কৃষি প্ৰধান এলেকাৰ ৰাইজৰ মাজত পেট্ৰ’ল আৰু ডিজেলৰ ইতিহাস সৃষ্টিকাৰী মূল্যবৃদ্ধিয়ে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিশেষকৈ এই ৰবিশস্যৰ বতৰত ঢকুৱাখনাৰ হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমিত সৰিয়হ খেতিৰ বাবে কৃষকে টেক্টৰেৰে মাটি চহোৱাত ব্যস্ত থাকে৷ কিন্তু ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে এইবাৰ সৰিয়হ খেতি কৰা কৃষকৰ ওপৰত পোনপটীয়াকৈ প্ৰভাৱ পেলাইছে৷ বিগত ৰবিশস্যৰ বতৰৰ তুলনাত এইবাৰ প্ৰতিলিটাৰ ডিজেলৰ মূল্য ২৫ টকাৰো অধিক হোৱাত স্বাভাৱিকভাৱেই টেক্টৰৰ মালিকসকলে প্ৰতি বিঘা মাটিত হাল বোৱা মূল্যও যথেষ্ট বৃদ্ধি কৰাত আৰ্থিকভাৱে দুৰ্বল কৃষকসকল সৰিয়হ খেতি কৰাৰ পৰা বিৰত থাকিবলৈ বাধ্য হৈছে৷ স্থানীয় ৰাইজে ইন্ধন জাতীয় সামগ্ৰীৰ এই আকাশলংঘী মূল্যবৃদ্ধি ৰোধৰ বাবে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰিছে৷ শীঘ্ৰে ডিজেল, পেট্ৰ’ল আৰু ৰন্ধন গেছৰ দাম হ্ৰাস নকৰিলে বহু অনাহুত ঘটনা সংঘটিত হ’ব পাৰে বুলি ৰাইজে আশংক কৰিছে৷ সেইদৰে প্ৰতিদিনেই ইন্ধন জাতীয় সামগ্ৰীৰ দামবৃদ্ধিৰ জৰিয়তে ধনীক শ্ৰেণী আৰু বহুজাতিক প্ৰতিষ্ঠানসমূহে দুখীয়া ৰাইজক শোষণ কৰা বুলি ৰাইজে মত পোষণ কৰিছে৷ ইফালে অসমৰ ভিতৰতে ঢকুৱাখনাত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য সৰ্বাধিক৷ লক্ষণীয় যে মাজুলী জিলালৈ ডিজেল আৰু পেট্ৰ’ল কঢ়িওৱা টেংকাৰবোৰ ঢকুৱাখনা হৈ যায় যদিও ঢকুৱাখনাৰ তুলনাত মাজুলীত ডিজেল আৰু পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৪০-৬০ পইচা পৰ্যন্ত কম৷