দীপাৱলী আৰু প্ৰদূষণ
জলবায়ু পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা নানা সমস্যা, কাৰ্বন নিৰ্গমন, গ্ল’বেল ৱাৰ্মিং আদি বিভিন্ন বিষয়ত আলোচনা কৰাৰ বাবে স্কটলেণ্ডৰ গ্লাছগোত আৰম্ভ হৈছে ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন৷ এই সন্মিলনৰ উদ্দেশ্য হৈছে গ্ল’বেল ৱাৰ্মিঙৰ মুখ্য কাৰক কাৰ্বন নিৰ্গমন এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত শূন্য কৰাৰ লগতে কয়লা আদিৰ দৰে প্ৰদূষণৰ কাৰকৰ ব্যৱহাৰ বন্ধ কৰা৷ গ্লাছগোত জলবায়ু সন্মিলন চলি থকাৰ সময়তে ভাৰতত উদ্যাপিত হ’ব পোহৰৰ উৎসৱ দীপাৱলী৷ এই উৎসৱত আতচবাজী জ্বলোৱাৰ যি প্ৰতিযোগিতা চলোৱা হয়, তাৰ দ্বাৰা পৰিৱেশতন্ত্ৰত নেতিবাচক প্ৰভাৱ পৰে৷ আতচবাজীৰ মাত্ৰাধিক ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষিত কৰি তোলে৷ বজাৰত বিক্ৰী কৰা আতচবাজীবোৰে বায়ু প্ৰদূষণৰ লগতে শব্দ প্ৰদূষণতো অৰিহণা যোগায়৷ আতচবাজী জ্বলোৱাৰ পাছত যি ধোঁৱাৰ সৃষ্টি হয়, সেই ধোঁৱাই বায়ুমণ্ডলত ছালফাৰ-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে আৰু সেই বায়ু সেৱনৰ ফলত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লগতে আন বিভিন্ন উপসৰ্গই দেখা দিয়ে৷ কেৱল ছালফাৰ-ডাই-অক্সাইডেই নহয়, আতচবাজী জ্বলোৱাৰ ফলত আন এবিধ ক্ষতিকাৰক দ্ৰব্য কেডমিয়ামো বায়ুমণ্ডলত মিহলি হয়৷ বিগত কেইবছৰমানৰ পৰা লক্ষ্য কৰা হৈছে যে দীপাৱলীৰ পাছত দেশৰ ৰাজধানী দিল্লীৰ লগতে দেশৰ কেইবাখনো চহৰত বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিছে৷ সেইবাবে এই চহৰবোৰত দীপাৱলীৰ সময়ত আতচবাজীৰ বিক্ৰী আৰু ব্যৱহাৰৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ দীপাৱলীৰ সময়ত হোৱা বায়ু প্ৰদূষণেও জলবায়ু পৰিৱৰ্তনত অৰিহণা যোগাব পাৰে৷ এটা সমীক্ষাত প্ৰকাশ পাইছে যে ভাৰতত প্ৰতি বছৰে জনমূৰি ১.৯৬ কাৰ্বন নিৰ্গমন হয়৷ অৱশ্যে এইক্ষেত্ৰত চীন ভাৰততকৈ আগস্থানত আছে৷ কিন্তু শেহতীয়াভাৱে কাৰ্বন নিৰ্গমনৰ মাত্ৰা হ্ৰাস কৰাৰ ক্ষেত্ৰত চীনেও সতৰ্কতামূলক ব্যৱস্থা লৈছে৷ বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰকেইখনৰ ভিতৰত ভাৰতৰ ৰাজধানী চহৰ দিল্লী অন্যতম৷ ভাৰতৰ লগতে দক্ষিণ এছিয়াৰ দেশবোৰত শেহতীয়াভাৱে সৃষ্টি হোৱা বায়ু প্ৰদূষণৰ ফলত হাপানী, ক্ৰনিক ব্ৰংকাইটিছ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ উদ্বেগৰ কথাটো হৈছে যে ভাৰততে প্ৰদূষণজনিত কাৰণত সৰ্বাধিক লোকৰ মৃত্যু হয়৷
শেহতীয়াভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীতো বায়ু প্ৰদূষণ এটা ডাঙৰ সমস্যা হৈ পৰিছে৷ গুৱাহাটীত যিধৰণে বায়ু প্ৰদূষিত হ’বলৈ ধৰিছে, এনে গতিত গৈ থাকিলে চহৰখনৰ সমস্যা এদিন দিল্লীৰ দৰে হ’বগৈ৷ বনাঞ্চল সংকুচিত হৈ অহাৰ লগতে যান-বাহনৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পোৱাটোৱেই গুৱাহাটীৰ দৰে চহৰৰ বায়ু প্ৰদূষিত হোৱাৰ মূল কাৰণ৷ বায়ু প্ৰদূষণৰ বিষয়টোত গুৰুত্ব দিয়েই গুৱাহাটীতো দীপাৱলীৰ সময়ত আতচবাজীৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰশাসনে কেতবোৰ নিৰ্দেশনা বান্ধি দিছে৷ এই প্ৰসংগতে উল্লেখ কৰিব লাগিব যে এবছৰ পূৰ্বে দীপাৱলীৰ পাছত গুৱাহাটীৰ বায়ুমণ্ডলৰ মানৰ সূচাংক ৬৫ পইণ্টলৈ বৃদ্ধি পাইছে, যিটো এটা উদ্বেগৰ কথা৷ এনেদৰেই যদি গুৱাহাটীৰ বায়ু প্ৰদূষিত হৈ থাকে, তেন্তে চহৰখনত দিল্লী সদৃশ পৰিৱেশ হ’বলৈ বেছি সময় নালাগিব৷ সেয়েহে সময় থাকোঁতেই ইয়াৰ যথোচিত ব্যৱস্থা লোৱা উচিত৷ এটা কথা ঠিক যে উৎসৱ-পাৰ্বণবোৰৰ সৈতে সৰ্বসাধাৰণৰ আৱেগ জড়িত হৈ থাকে৷ পোহৰৰ উৎসৱত আতচবাজী জ্বলোৱাৰ পৰম্পৰা পূৰ্বৰ পৰাই চলি আহিছে৷ কিন্তু পোহৰৰ উৎসৱৰ নামত আতচবাজী জ্বলোৱাৰ প্ৰতিযোগিতা গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ আতচবাজীৰ অত্যধিক ব্যৱহাৰে যাতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই নানে, তাৰ প্ৰতিও লক্ষ্য ৰখা উচিত৷ বজাৰত আজিকালি পৰিৱেশ উপযোগী আতচবাজীও উপলব্ধ হৈছে৷ এনেধৰণৰ আতচবাজী ব্যৱহাৰেৰেও উৎসৱ উদ্যাপন কৰিব পৰা যায়৷ তদুপৰি কৰ’নাসৃষ্ট সমস্যাৰ সময়ত আতচবাজী জ্বলোৱাৰ নামত বৃহৎ অংকৰ ধনৰ অপচয় কৰাৰ পৰা বিৰত থকাটোহে হ’ব সমীচীন৷






