প্ৰতিশ্ৰুতি বহুত হ’ল, এতিয়া উন্নয়ন লাগে
মঙলবাৰে ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল প্ৰকাশ পায়৷ আটাইকেইটা সমষ্টিতে বিজেপি আৰু বিজেপি মিত্ৰদলৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জয়ী হয়৷ থাওৰা আৰু মৰিয়নি সমষ্টিত অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে তীব্ৰ প্ৰচাৰ অভিযান চলাই জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল যদিও দলটোক বিজয়ী হ’ব পৰাকৈ ৰাইজে ভোট নিদিলে৷ কাৰ্যতঃ ৰাইজৰ দলক ৰাইজেই প্ৰত্যাখ্যান কৰে৷ আনহাতে, এসময়ৰ ভাৰতীয় ৰাজনীতিৰ অতি প্ৰভাৱশালী দল কংগ্ৰেছে এই উপ-নিৰ্বাচনত শোচনীয় পৰাজয় মানি ল’বলৈ বাধ্য হয়৷ মূলতঃ দলটোক আগবঢ়াই নিবৰ বাবে যোগ্য আৰু কৌশলী নেতাৰ অভাৱৰ বাবেই আজি কংগ্ৰেছৰ অৱস্থা শোচনীয় হৈছে৷ অসমৰ লগতে দেশৰ ১৩খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত প্ৰদেশত তিনিটা লোকসভা আৰু ২৯টা বিধানসভা সমষ্টিত ৩০ অক্টোবৰত অনুষ্ঠিত উপ-নিৰ্বাচনৰ ফলাফল অনুসৰি বিজেপিৰ ফলাফল আশাব্যঞ্জক নহয়, বিপৰীতে কংগ্ৰেছে কিছু আশাৰ মুখ দেখিছে৷ তথাপি আগন্তুক দিনত দেশৰ ৰাজনীতিত কংগ্ৰেছে যে কিবা পৰিৱৰ্তনৰ সূচনা কৰিব পাৰিব, সেই আশা নাই৷ কিয়নো কংগ্ৰেছক আগবঢ়াই নিব পৰাকৈ নেতাৰ অভাৱ৷ কিছুদিন পূৰ্বে দেশৰ ৰাজনীতিৰ চাণক্য প্ৰশান্ত কিশোৰে মন্তব্য কৰিছিল যে আগত কেইবাদশক বিজেপিক উৎখাত কৰা সম্ভৱ নহ’ব৷ ৰাহুল গান্ধীয়ে ভাৰতীয় ৰাজনীতিৰ সকলো দিশ অধ্যয়ন কৰি আগ নাবাঢ়িলে কংগ্ৰেছে কেন্দ্ৰত চৰকাৰ গঠন কৰা সম্ভৱ নহ’ব৷ তদুপৰি আজিৰ ৰাজনীতিক ক্ষমতা আৰু ধনৰ বলীয়া৷ ক্ষমতা আৰু ধন ঘটাৰ পথ লাভৰ আশাতেই বিধায়ক হিচাপে জয়ী হৈও শাসকীয় দলত যোগ দি পুনৰ উপ-নিৰ্বাচনৰ জৰিয়তে বিজয়ী হৈ শাসন ক্ষমতা কুক্ষিগত কৰে৷ সমষ্টিৰ উন্নয়নতকৈ এইবোৰ নেতাৰ নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ লগতে শাসকীয় দলত থাকি ধনৰ পাহাৰ গঢ়াৰ অভিপ্ৰায় নহয় বুলি ক’ব পাৰিনে? এতিয়া ৰাজনীতিকৰ কোনো নীতি-আদৰ্শ নাই৷ জনতাক প্ৰলোভিত কৰি মাথোঁ শাসন ক্ষমতা লাভ কৰিব পৰাটোৱেই তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য৷ এইসকল নেতাৰ ভুৱা প্ৰতিশ্ৰুতিত ভোল গৈ আৰু চৰকাৰী আঁচনিৰ কেইটামান ধন লাভ কৰিয়েই সমাজৰ এচাম লোকে বিবেক বাৰে বাৰে বন্ধকত থয়৷ উন্নয়নৰ শ্লোগান আওৰোৱা অসমৰ শাসকীয় দলটোৱে মূল্যবৃদ্ধি; নিবনুৱা সমস্যা, বান-খহনীয়া, সীমা সমস্যা, বৃহৎ নদীবান্ধে আনিব পৰা বিপদ আদিৰ বিষয়ে কিন্তু চিন্তা নকৰে৷ ৰাজ্যৰ এটাৰ পাছত এটা ৰাজহুৱা সম্পদ ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰাৰ পাছতো চৰকাৰে উন্নয়নৰ কথাকেই আওৰায়৷ অৱশ্যে, এই কথা ঠিক যে উপ-নিৰ্বাচনত প্ৰায় ক্ষেত্ৰতে শাসকীয় দলটোৱেই বিজয়ী হয়৷ অসমো ইয়াৰ ব্যতিক্ৰম নহয়৷ কিন্তু যি সময়ত অসমত উন্নয়নৰ শ্লোগান আওৰাই মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ১২৬টা সমষ্টিতে তেওঁৰ জীৱনকালত বিজেপিৰ বিজয় হোৱাটো বিচাৰে বুলি প্ৰকাশ কৰিছে, সেই সময়ত ৰাজ্যত এচামে অৰ্থৰ অভাৱত যমৰ যাতনা সহিবলগীয়া হৈছে৷ ৰাজ্যত এতিয়া দেহ ব্যৱসায় সুলভ হৈ পৰিছে৷ দেহ ব্যৱসায়ত জড়িতসকলে নিশ্চয় অৰ্থৰ অভাৱৰ বাবেই এনে পন্থা ল’ব লগা হৈছে৷ তদুপৰি ৰাজ্যখনত অৰ্থৰ অভাৱত নিজৰ কিডনী বিক্ৰী কৰাৰ ঘটনা এতিয়া আৰু নতুন নহয়৷ ক’ভিডে জুৰুলা কৰা জনতাই জীয়াই থকাৰ তাড়নাত সহজে দুষ্টচক্ৰৰ বলি হৈছে৷ মূল্যবৃদ্ধিয়ে সৰ্বতো দিশত জুৰুলা কৰা ৰাইজক কামৰ যোগেদি ধন ঘটাৰ পথ দিয়াৰ ব্যৱস্থাহে চৰকাৰে গ্ৰহণ কৰিব লাগে; কিন্তু ইয়াৰ বিপৰীতে যদি বিনামূলীয়া আঁচনি গ্ৰহণ কৰি ভোটবেংকৰ স্বাৰ্থত ৰাইজক হিতাধিকাৰী সজায়, ইয়ে এটা সময়ত ৰাজ্যৰ জনসাধাৰণক অকৰ্মণ্য আৰু সোৰোপা কৰিব৷ চৰকাৰে প্ৰতিশ্ৰুতি বহুত দিলে, এতিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি জনসাধাৰণৰ মূল সমস্যাসমূহ সমাধানৰ ব্যৱস্থা কৰক, উন্নত শিক্ষা-স্বাস্থ্যৰ ব্যৱস্থাৰ উপৰি সংস্থাপনৰ ব্যৱস্থা কৰি জনসাধাৰণৰ হাতলৈ ধন অহাৰ ব্যৱস্থা কৰক৷ ঋণৰ ধনেৰে জনকল্যাণমুখী আঁচনি প্ৰৱৰ্তন আৰু উন্নয়নমূলক কাম কৰিলে ৰাজ্যৰ জনসাধাৰণৰ ওপৰতেই ঋণৰ বোজা বৃদ্ধি পাব আৰু সৰ্বসাধাৰণৰ জীয়াই থকাই সমস্যা হ’ব৷






