Logo
image

পেট্ৰ’ল-ডিজেলৰ ৰাজনীতি!

নৰেন্দ্ৰ মোদী চৰকাৰে বুধবাৰে নিশা ঘোষণা কৰিলে যে বৃহস্পতিবাৰৰ পৰা পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ১০ টকা আবকাৰী শুল্ক হ্ৰাস কৰিলে৷ এয়া জানো উৎসাহৰ খবৰ হ’ব পাৰে? বিজেপি তথা নৰেন্দ্ৰ মোদী শাসনলৈ আহিছিল দেশত হোৱা লেকামহীন মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংগ্ৰাম কৰি, লোকসভা-বিধানসভালৈ গৰুগাড়ী, চাইকেল চলোৱাৰ পৰা আৰম্ভ কৰি এলপিজি চিলিণ্ডাৰ লৈ প্ৰতিবাদ কৰাৰ পৰা পিঁয়াজৰ মালা পিন্ধালৈকে সকলো কৰিছিল৷ কিন্তু এইবোৰ সকলো যে কেৱল ক্ষমতা দখলৰ ৰাজনীতি আছিল সেই কথা জনগণে বুজিবলৈ বৰ সৰহ দিন ৰ’ব লগা নহ’ল৷ প্ৰতিশ্ৰুতি দিছিল মূল্যবৃদ্ধিৰ মাধমাৰৰ পৰা দেশবাসীক উদ্ধাৰ কৰাৰ, কিন্তু বাকীবোৰ সামগ্ৰীৰ কথা বাদেই দিলোঁ নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ সময়ত অৰ্থাৎ ২০১৪ চনত দেশত পেট্ৰ’লৰ সৰ্বাধিক মূল্য আছিল ৭১.৫১ টকা আৰু ডিজেলৰ মূল্য আছিল ৫৭.২৮ টকা৷ সেই মূল্য ২০২১ চনত হ’লগৈ ক্ৰমে ১০৭ টকা আৰু ১০০ টকা৷ যেনেকৈ এটা মানৱ শৰীৰত ৰক্ত সঞ্চালনৰ স্বাভাৱিক গতিয়ে মানুহজনক সুস্থ কৰি ৰাখে, ঠিক তেনেদৰে এই পেট্ৰ’লিয়ামজাত সামগ্ৰী দুবিধো দেশ এখনৰ ৰক্তৰ দৰেই কাম কৰে৷ এই দুবিধ সামগ্ৰীৰ দাম হ্ৰাস-বৃদ্ধিৰ লগত আন সকলো সামগ্ৰীৰ দাম নিৰ্ভৰ কৰে৷ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি হোৱাৰ ফলত আজি দেশত মূল্যবৃদ্ধিয়ে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে৷ দাইল, আলু, পিঁয়াজৰ পৰা আৰম্ভ কৰি ভাৰালৈকে সকলো স্তৰত দাম বৃদ্ধিয়েহ্ল সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতা প্ৰায় নোহোৱা কৰি  পেলাইছে৷

২০১৩ চনত মনমোহন সিং চৰকাৰে তেলৰ পৰা প্ৰতিমাহে উপাৰ্জন কৰিছিল মাত্ৰ ৫২,৫৩৭ কোটি টকা, ২০১৪ চনত নৰেন্দ্ৰ মোদী শাসনত বহিয়েই আবকাৰী শুল্ক বৃদ্ধিৰ জৰিয়তে নিজৰ উপাৰ্জন বঢ়ালে ৭২,০০০ কোটি টকালৈ, ২০১৬-১৭ চনত উপাৰ্জনৰ পৰিমাণ বৃদ্ধি হয় ২ লাখ ৪০ হাজাৰ কোটি টকালৈ, আৰু আজিৰ তাৰিখত মোদী চৰকাৰে তেলৰ পৰা [আগষ্টত] উপাৰ্জন কৰে ৩,৬১,২০০ কোটি টকা৷ ছেপ্টেম্বৰ-অক্টোবৰ মাহত ই আৰু বৃদ্ধি পায়৷ এয়া কেৱল তেলৰ পৰা হোৱা উপাৰ্জন! মোদী চৰকাৰ শাসনলৈ আহোঁতে যি এল পি জি গেছৰ দাম আছিল ৩১২.৪৮ টকা, সেই এলপিজি আজিৰ দামে হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে৷ আচলতে কেন্দ্ৰীয় চৰকাৰে নিজৰ উপাৰ্জনৰ সকলো উৎস ব্যক্তিগত মালিকক বিক্ৰী কৰি দিয়াৰ পাছত এতিয়া চৰকাৰ চলাবলৈ একমাত্ৰ কৰৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰাৰ বাদে আন উপায় নাই৷ সেয়ে অতি স্বাভাৱিকভাৱেই চৰকাৰৰ নিয়ন্ত্ৰণত থকা পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে৷ কিন্তু বিগত উপ-নিৰ্বাচনত বিজেপি চৰকাৰে অসমৰ বাদে আন ৰাজ্যত মুখথেকেচা খোৱাৰ পাছত আগন্তুক হ’ব লগা কেইখনমান ৰাজ্যৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তেলৰ মূল্য সামান্য হ্ৰাস কৰিবলৈ বাধ্য হৈছে৷ এয়াই হৈছে চৰকাৰৰ ৰাজনীতি! নিৰ্বাচনী সকলো প্ৰতিশ্ৰুতি পাহৰি কেৱল ধনী পুঁজিপতিসকলক সন্তুষ্ট কৰাৰ স্বাৰ্থত দেশৰ সম্পদসমূহ এটাৰ পাছত এটাকৈ বিক্ৰী কৰি চৰকাৰখন পৰিচালনাৰ সকলো উৎস বন্ধ কৰি কেৱল কৰৰ ওপৰত কৰ বৃদ্ধিৰ সিদ্ধান্তই দেশত হাহাকৰ অৱস্থাৰ সৃষ্টি কৰিছে৷ কিন্তু বৰ্তমানৰ এই আবকাৰী শুল্ক হ্ৰাসে জনসাধাৰণক বিশেষ সকাহ দিব যে নোৱাৰে সেয়া নিশ্চিত, কাৰণ যেতিয়ালৈকে ২০১৪ চনৰ পৰিস্থিতি ঘূৰি নাহিব, তেতিয়ালৈকে স্বাভাৱিক অৱস্থা ঘূৰি আহিব বুলি ভবাটো ভুল হ’ব৷ কাৰণ চৰকাৰৰ অদূৰদৰ্শিতাৰ বাবেই ইতিমধ্যে মুদ্ৰাস্ফীতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ সমান্তৰালকৈ অসম চৰকাৰেও নিজৰ ভেটৰ পৰিমাণ হ্ৰাসৰ কথা ঘোষণা কৰিছে৷ আচলতে এয়া হ্ৰাস নহয়৷ বৃদ্ধি কৰা কৰ প্ৰত্যাহাৰ কৰা হৈছে বুলিহে ক’ব লাগিব৷ বিজেপি চৰকাৰ অহাৰ আগতে পেট্ৰ’লত ৰাজ্যৰ ভেটৰ পৰিমাণ আছিল ২০ শতাংশ, বৰ্তমান ইয়াক ৩০ শতাংশলৈ বৃদ্ধি কৰা হ’ল৷ আনহাতে পূৰ্বে ডিজেলত ভেট আছিল ১২.৫ শতাংশ, যি বৰ্তমান বাঢ়ি হ’লগৈ ১৭ শতাংশ৷

সামগ্ৰীৰ মূল্যৰ ক্ষেত্ৰত চৰকাৰে যি ৰাজনীতিয়েই নকৰক লাগিলে তেওঁলোকে ইতিহাস অধ্যয়ন কৰা উচিত৷ তেওঁলোকেই কৈ থকা পাঁচ হাজাৰ বছৰীয়া হিন্দু সভ্যতাত এনে বহু শাসক উফৰি গ’ল যি জনতাৰ ওপৰত কেৱল কৰ জাপি দি শাসন চলোৱাৰ চেষ্টা কৰিছিল৷ দাম হ্ৰাস কৰি জনগণক সকাহ দিয়াৰ প্ৰতিশ্ৰুতিৰে অহা বৰ্তমানৰ চৰকাৰখনে সেই কথা মনত ৰাখি আগবাঢ়িলে সকলোৰে বাবে মংগল হ’ব৷