আৱেগে বজায় মৃত্যুঘণ্টা
বৃহস্পতিবাৰৰ ঘটনা৷ ৩৭ বছৰীয়া পিতৃয়ে নিজৰ ৭ বছৰীয়া পুত্ৰ আৰু দুই মোনা ফট্কাসহকাৰে পুডুচেৰীৰ নিজৰ ঘৰলৈ গৈ আছিল য়ামাহা স্কুটাৰেৰে তামিলনাডুৰ কুলিসেতু গাঁৱৰ পৰা৷ দুৰ্ঘটনাক্ৰমে আদ-বাটতে মোনা ভৰাই অনা বিস্ফোৰকসমূহ জ্বলি উঠে আৰু মুহূৰ্তৰ ভিতৰতে পিতৃ-পুত্ৰই কৰুণ মৃত্যুক সাবটি ল’বলগা হয়৷ তদুপৰি আন তিনিজন পথচাৰী উক্ত ঘটনাত গুৰুতৰভাৱে আহত হয়৷ পোহৰৰ উৎসৱ দীপাৱলীৰ নামত ঘটা এনে কৰুণ ঘটনাৰ সংখ্যা সীমাহীন৷ তৎসত্ত্বেও মানুহ সজাগ নহয়৷ দীপাৱলীৰ ফট্কাজাতীয় বিস্ফোৰকসমূহে কিদৰে বায়ু প্ৰদূষণ ঘটাই আছে তাৰ বিষয়ে একাংশ সচেতন লোকে জন-সজাগতা সৃষ্টি কৰাৰ বাবে অহৰহ প্ৰয়াস কৰি আছে৷ আন নালাগে, উচ্ছতম ন্যায়ালয়ে একাধিকবাৰ এনে প্ৰদূষণ বৃদ্ধি কৰা ফট্কা-ফুলজাৰি নজ্বলাবৰ বাবে ৰায় প্ৰদান কৰিছে৷ নেচনেল গ্ৰীন ট্ৰিবিউনেল কতৃৰ্পক্ষৰ পৰাও বাৰম্বাৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ কিন্তু কোনোপধ্যেই এই ধবংসযজ্ঞৰ অন্ত পেলাব পৰা নাই৷ বিগত সময়ছোৱাত ক’ভিড-১৯ অতিমাৰীৰ আক্ৰমণৰ ফলত অগণন লোক শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ দ্বাৰা আক্ৰান্ত হ’ল৷ অনেকৰ মৃত্যু হ’ল৷ উচ্ছতম কতৃৰ্পক্ষৰ নিষেধাজ্ঞাৰ প্ৰয়োজনেই নাই, নিজকে জীৱশ্ৰেষ্ঠ বুলি গপত ওফন্দি থকা মানুহ জাতিটোৰ সামান্য হ’লেও কাণ্ডজ্ঞান থাকিব লাগিছিল আৰু স্বইচ্ছাই এইবোৰৰ পৰা বিৰত থাকিব লাগিছিল৷ কিন্তু, একাংশ নৰাধমৰ বিবেক-বিবেচনা নাই, চৌপাশৰ সমস্ত পৰিৱেশ-পৰিস্থিতিক আওকাণ কৰি আপোন আনন্দ আহৰণৰ নামত মচগুল হৈ থাকে৷ গতিকে, কতৃৰ্পক্ষই নিষেধাজ্ঞা জাৰি নকৰি নোৱাৰে৷ এইবাৰ দেশত কেইবাখনো ৰাজ্যই দীপাৱলীত ফট্কা আদি ফুটোৱাত নিষেধাজ্ঞা জাৰি কৰিছে৷ কৰ্ণাটক চৰকাৰে সেউজ দীপাৱলী উদ্যাপনৰ আহ্বান জনাইছে৷ মহাৰাষ্ট্ৰ চৰকাৰে আকৌ নিষেধাজ্ঞা জাৰি নকৰি নিজ বিচাৰ-বিবেচনাৰে প্ৰদূষণ সৃষ্টিকাৰী আতচ্বাজীৰ দীপাৱলী উদ্যাপন নকৰিবলৈ অনুৰোধ কৰিছে৷ পাঞ্জাব-হাৰিয়ানাৰ চৰকাৰদ্বয়ে দুঘণ্টীয়া আতচ্বাজীযুক্ত দীপাৱলী উদ্যাপনৰ অনুমোদন দিছে৷ ৰাজস্থান, উৰিষ্যা, পশ্চিমবংগ, ছিকিম আদি ৰাজ্যই দীপাৱলীত আতচ্বাজী বিক্ৰী আৰু ব্যৱহাৰ উভয় কাৰ্যতেই নিষেধাজ্ঞা জাৰি কৰিছে৷ ৰাজস্থান চৰকাৰে নিষেধাজ্ঞা ভংগ কৰোঁতাক দুহাজাৰ টকাপৰ্যন্ত জৰিমনা বিহাৰ নিৰ্দেশ দিছে৷ দীপাৱলী উদ্যাপনৰ নিষেধাজ্ঞা সন্দৰ্ভত অসমত আকৌ অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ জাননী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বিতৰ্কিত মন্তব্য কৰা বুলিহে বাতৰি ওলাল৷ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড এনেয়েও ‘নেচনেল গ্ৰীন ট্ৰিবিউনেল’ৰ ৰোষত পৰি আছে বিগত কেইবা বছৰ ধৰি [অৱশ্যে, ৰোষৰ কাৰণ জাবৰ নিষ্কাশনহে]৷ কাজেই, প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে আতচ্বাজী বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰি জাননী দিছিল৷ তেতিয়াই হেনো মুখ্যমন্ত্ৰীয়ে ‘ৰাইজৰ আৱেগ’ৰ দোহাই দি চৰকাৰৰ সৈতে আলোচনাত নবহাকৈ নিৰ্দেশ জাৰি কৰা বাবে ব’ৰ্ডক দূষিছিল৷ উচ্ছ শিক্ষিত, সদাসতৰ্ক মুখ্যমন্ত্ৰীজনৰ এই স্থিতিয়ে কিন্তু সচেতন মহলক নিৰাশ কৰিছিল৷ যিয়েই নহওক, বিবেকক একাষৰীয়াকৈ থৈ আৱেগৰ ফট্কা-আতচ্বাজী জ্বলাই দীপাৱলী পূৰ্ণোদ্যমে উদ্যাপন কৰিছে অসমবাসীয়ে৷ ৰোগ, প্ৰদূষণ, অপমৃত্যু আদিলৈ কেৰেপ কৰা হ’লে আমাৰ মানুহে উৎসৱ উদ্যাপনৰ ক্ষেত্ৰত সতৰ্ক হ’লহেঁতেন৷ বজাৰ নিৰ্দেশিত উৎসৱ উদ্যাপনৰ লগত কেৱল ধৰ্মীয় আৱেগেই নহয় দেশৰ ৰাজনীতি-অৰ্থনীতিও সাঙোৰ খাই আছে৷ ৰাজনীতি-অৰ্থনীতিৰ মেৰপাকত মদৰ মহল, ৱাইন ছপ, গুট্খা কাৰখানা, আতচ্বাজীৰ বিক্ৰী তথা ব্যৱহাৰ সোমাই পৰে আৰু ৰজা-প্ৰজা সকলোৱে নিজৰ বিবেকক আঁতৰাই থৈ ভৌতিক স্বাৰ্থ পূৰণত ব্যস্ত হৈ পৰে৷ ৰাজপাট ৰক্ষা, অৰ্থনীতিৰ সুৰক্ষা, বেহা-বেপাৰৰ গতি সুচল কৰি ৰখাৰ মহাযজ্ঞত বলিদান দিয়ে বিশুদ্ধ বায়ু, ৰোগমুক্ত জীৱন অথবা পুডুচেৰীৰ পিতা-পুত্ৰই৷ আচলতে, কৰোঁ বুলিলে চৰকাৰে সকলো কৰিব পাৰে, যিদৰে ‘লকডাউন’ দিয়ে অথবা ‘বিমুদ্ৰাকৰণ’ কৰে৷ ছিকিম চৰকাৰে সুন্দৰকৈ গুট্খামুক্ত অভিযান কাৰ্যকৰী কৰিছে৷ আতচ্বাজী নিয়ন্ত্ৰণ সৰু কথা৷ কৃষিত ৰাসায়নিক সাৰ নিষিদ্ধ, কৃষক ‘অৰ্গেনিক’ হ’বলৈ বাধ্য৷ চৰকাৰ তাতো চলিছে, অৰ্থনীতি সুৰক্ষিত হৈ আছে; আৱেগক জীয়াই ৰাখি জীৱন হৈ আছে গতিশীল৷ তেনেহ’লে আমাৰ কিয় নহয়ক্ক প্ৰতি দীপাৱলীত প্ৰশাসনে সময় বান্ধি দিয়ে আতচ্বাজীৰ, শব্দৰ মাত্ৰা নিৰ্ধাৰণ কৰি দি নিৰ্দেশ জাৰি কৰে৷ উৎসৱৰ উন্মাদনাই মানুহক বিবেকহীন কৰি তোলে, আৱেগে বজায় মৃত্যুঘণ্টা৷






