নতুন শিক্ষানীতি আৰু আত্মনিৰ্ভৰ ভাৰতৰ স্বপ্ন
নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি [এনইপি-২০২০] প্ৰয়োগৰ যোগেদি দেশৰ শিক্ষাখণ্ডৰ আমূল পৰিৱৰ্তনৰ উদ্দেশ্যে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ লগতে ৰাজ্য চৰকাৰসমূহে উদ্যোগ আৰম্ভ কৰিছে৷ উল্লেখ্য, এসময়ত তক্ষশীলা, নালন্দা, বিক্ৰমশীলা আদি বিশ্ববিদ্যালয় স্থাপনৰ দ্বাৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ শৈক্ষিক মহলৰ মাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱা ভাৰতবৰ্ষত ২১ শতিকাত বিশ্বমানৰ বিশ্ববিদ্যালয় বা অন্যান্য শিক্ষানুষ্ঠানৰ অভাৱক লৈ সকলো উদ্বিগ্ন৷ দেশৰ মানৱ সম্পদক উপযুক্ত ৰূপত গঢ় দি সংশ্লিষ্ট ৰাষ্ট্ৰৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে উচ্ছমানৰ শিক্ষানুষ্ঠানসমূহে৷ বৰ্তমান সময়ত আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, ফিনলেণ্ড, ডেনমাৰ্ক, অষ্ট্ৰেলিয়া, জাপান, দক্ষিণ কোৰিয়া, চীন, ছিংগাপুৰ আদি ৰাষ্ট্ৰসমূহৰ শিক্ষানুষ্ঠানসমূহে দেশী-বিদেশী ছাত্ৰ-ছাত্ৰীসকলক আকৃষ্ট কৰিবলৈ সক্ষম হোৱাৰ অন্তৰালত আছে সংশ্লিষ্ট ৰাষ্ট্ৰসমূহৰ শিক্ষানীতি আৰু গুণগত মানৰ শিক্ষানুষ্ঠানসমূহ৷ বাস্তৱসন্মত পাঠ্যক্ৰম, গৱেষণা, শিক্ষাদান-শিক্ষাগ্ৰহণ প্ৰক্ৰিয়াৰ সফলতাৰ বাবে ভাৰতৰ পৰা বছৰি লাখ লাখ ছাত্ৰ-ছাত্ৰী ঢাপলি মেলে উপৰিউক্ত দেশসমূহলৈ৷ বৰ্তমান সময়ত ‘আত্মনিৰ্ভৰশীল ভাৰত’, ‘বিশ্বগুৰু’ আদি ৰূপত ভাৰতবৰ্ষক প্ৰতিষ্ঠা কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগে এন ই পি-২০২০ক অতি পৰিকল্পিত আৰু বিজ্ঞানসন্মতভাৱে প্ৰয়োগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ সেই মৰ্মে নতুন শিক্ষানীতিত সন্নিবিষ্ট বিভিন্ন দিশসমূহৰ কাৰ্যকৰীকৰণ, প্ৰয়োগৰ উদ্দেশ্যে শৈক্ষিক মহলৰ লগতে ইয়াৰ সৈতে সম্পৰ্কিত ব্যক্তি, অনুষ্ঠান, বিশ্ববিদ্যালয়ক জড়িত কৰি বিভিন্ন আলোচনা, ছেমিনাৰ, মতামত বিনিময় অনুষ্ঠান অব্যাহত আছে৷ উচ্ছ শিক্ষাক সঠিকভাৱে আগুৱাই নিয়াৰ বাবে এনইপি-২০২০ত উল্লেখ কৰা হায়াৰ এডুকেশ্যন কমিশ্যন অব্ ইণ্ডিয়া [এইচইচিআই], নেশ্যনেল এডুকেশ্যনেল টেকন’লজি ফৰাম [এনইটিএফ], নেশ্যনেল ৰিচাৰ্ছ ফাউণ্ডেশ্যন [এনআৰএফ], নেশ্যনেল এক্ৰিডিটেশ্যন কাউন্সিল [এনএচি], হায়াৰ এডুকেশ্যন গ্ৰাণ্টছ কাউন্সিল [এইচইজিচি], জেনেৰেল এডুকেশ্যন কাউন্সিল [জিইচি] আদিৰ কাৰ্যপন্থা, পৰিচালনা সঠিকভাৱে নিৰূপিত হ’লেহে উচ্ছ শিক্ষাই দেশত গতিশীলতা পোৱাৰ সম্ভাৱনা আছে৷ ঠিক তেনেদৰে আৰ্থ-সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে গঠন কৰা এছইডিজি, ছাত্ৰ-ছাত্ৰীয়ে অৰ্জন কৰা ক্ৰেডিট পইণ্ট জমা ৰখাৰ বাবে গঠন কৰা এ বি চি বৰ্ণময় অতীত থকা ভাৰতীয় শিক্ষা ব্যৱস্থা, জ্ঞান পৰম্পৰাৰ সংযুক্তিকৰণ, মাতৃভাষাৰ যোগেদি শিক্ষা অৰ্জন আদিৰ বাবে লোৱা ব্যৱস্থাসমূহে নিৰ্ণয় কৰিব উচ্ছ শিক্ষাৰ গতিধাৰা৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ১৯৬৮ চনৰ শিক্ষানীতি, ১৯৮৬ চনৰ শিক্ষানীতি ১৯৯২ চনত পুনৰ সংশোধিত নীতিৰ দীৰ্ঘদিনৰ পাছতহে এন ই পি-২০২০ কাৰ্যকৰী কৰাৰ দিশে দেশ অগ্ৰসৰ হৈছে৷ অৱশ্যে শিক্ষানীতিসমূহৰ মাজে মাজে বহু আয়োগ, শিক্ষা সংস্কাৰ সমিতি, নতুন শিক্ষা আঁচনি, প্ৰকল্প আদি প্ৰয়োগ কৰি অহা হৈছে৷ ইয়াৰ কেতবোৰে কিছু পৰিমাণে সফলতা লাভ কৰিছে যদিও যিটো উদ্দেশ্যেৰে বহু কোটি কোটি টকা ব্যয় কৰি এই আঁচনিসমূহ প্ৰযোজ্য কৰা হৈছিল সেয়া কিন্তু অধিকাংশৰ ক্ষেত্ৰতে বাস্তৱায়িত নহ’ল৷ সৰ্বশিক্ষা, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান আদি বৃহৎ আঁচনি প্ৰয়োগৰ পাছতো দেশত প্ৰাথমিক, মাধ্যমিক শিক্ষা আশাপ্ৰদভাৱে অগ্ৰসৰ নহ’ল৷ এনুৱেল ষ্টেটাছ অন এডুকেশ্যন ৰিপৰ্ট [এএছইআৰ] সমূহে তাকেই সূচাই আহিছে৷ কলেজ, বিশ্ববিদ্যালয়, কাৰিকৰী শিক্ষানুষ্ঠানসমূহৰ পৰা বছৰি লাখ লাখ গ্ৰেজুৱেট, প’ষ্ট গ্ৰেজুৱেট ওলায়েই আছে যদিও তেওঁলোকৰ ‘নিয়োগ যোগ্যতা’ (employability) সম্পৰ্কে বিভিন্ন সংস্থাই সন্দেহ প্ৰকাশ কৰিছে৷ দেশত সেয়েহে শিক্ষিত নিবনুৱাৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে; যি আৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাইছে৷ ইউজিচি, এআইচিটিই, এমচিআই, বিচিআই, আইচিএআৰ আদি শিক্ষা গৱেষণা নিয়ন্ত্ৰণকাৰী প্ৰতিষ্ঠানসমূহৰ যোগেদি ব্যাপক ৰূপত ধন খৰচ কৰি থকা হৈছে যদিও উচ্ছ শিক্ষাই দেশত কিমান প্ৰকৃত মানৱ সম্পদ সৃষ্টি কৰিলে সেয়া সকলোৰে জ্ঞাত৷ এনে বিভিন্ন দিশ বিশ্লেষণৰ পাছতেই দেশত নতুন শিক্ষানীতি [এনইপি-২০২০]খন দেশৰ ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ উচ্ছ শিক্ষাৰ নিয়ন্ত্ৰণৰ বাবে এন ই পি-য়ে উল্লেখ উচ্ছ শিক্ষা আয়োগ [এইচইচিআই], উচ্ছ শিক্ষা অনুদান পৰিষদ, ৰাষ্ট্ৰীয় উচ্ছ শিক্ষা নিয়ন্ত্ৰক আয়োগ, মূল্যায়ণ পৰিষদ, সাধাৰণ শিক্ষা আয়োগ আদিত সন্নিবিষ্ট বিভিন্ন দিশ সঠিকভাৱে পৰিচালিত, কাৰ্যকৰী হোৱাৰ ওপৰতে নিৰ্ভৰ কৰিব দেশক আত্মনিৰ্ভৰ, বিশ্বগুৰু ৰূপে প্ৰতিষ্ঠা কৰাৰ সপোনবোৰ৷ অসমতো শিক্ষা বিভাগে এই ক্ষেত্ৰত ইতিমধ্যে চিন্তা-চৰ্চা আৰম্ভ কৰিছে৷ কেৱল চৰকাৰে এখন বৃহৎ শিক্ষানীতিক সফল কৰিব নোৱাৰে৷ পূৰ্বৰ বহু অভিজ্ঞতাই তাকে সোঁৱৰায়৷ কলেজ, বিশ্ববিদ্যালয় অন্যান্য শিক্ষানুষ্ঠানৰ সৈতে জড়িত শিক্ষক, কৰ্মচাৰীৰ পৰা অভিভাৱক তথা সমাজৰ আন্তৰিকতাপূৰ্ণ জড়িতকৰণৰ ওপৰতহে নিৰ্ভৰ কৰিব এন ই পি-২০২০ সফল কাৰ্যকৰীকৰণ৷






