Logo
image

বিদায়ৰ পূৰ্বে ভিভাণ্টাক সকীয়াই গ’ল উপায়ুক্তই

আমাৰ অসম, ১০ নৱেম্বৰঃ ক’ভিড কাৰ্ফিউ উলংঘন কৰি নিশা দুপৰলৈ বাৰ্থডে’ পাৰ্টী পতা গুৱাহাটীৰ অভিজাত ‘তাজ ভিভাণ্টা’ হোটেল কতৃৰ্পক্ষলৈ সকীয়নি প্ৰদান কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷ ২ অক্টোবৰ গান্ধী জয়ন্তীৰ নিশা তাজ হোটেলত বাৰ্থডে’ পাৰ্টীত সুৰাপান কৰি নিশা ১ বজাত গাড়ী চলাই ঘৰলৈ ঘূৰি অহাৰ সময়তে বিতৰ্কিত মডেল-যুৱতী ৰাজকন্যা বৰুৱাই মহানগৰীৰ ৰুক্মিণীগাঁৱত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিছিল৷ ৰাজকন্যাই চলাই অহা তীব্ৰবেগী বাহনখনে ৰাজপথত কৰ্মৰত ৮জন শ্ৰমিকসহ এজন পথচাৰীক মহটিয়াই নিছিল৷ এই দুৰ্ঘটনাত দুৰ্ভাগ্যজনক যোচেফ মাৰাক নামৰ পথচাৰীজনে দুয়োখন ভৰি হেৰুৱাই আজিও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে৷ চিকিৎসক তথা ঠিকাদাৰ পংকজ সাধনিদাৰে তাজ হোটেলত আয়োজন কৰা বাৰ্থডে’ পাৰ্টীৰ পৰা ঘূৰি আহোতেই মডেল ৰাজকন্যাই এই দুৰ্ঘটনাটো সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছিল৷ কিন্তু ৰাজ্যত নিশা ১০ বজাৰ পৰা কাৰ্ফিউ বলৱৎ থকাৰ পাছতো বিলাসী হোটেলখনে মাজনিশালৈ কেনেকৈ বাৰ্থডে’ পাৰ্টীৰ আয়োজন কৰিছিল এই লৈ ‘তাজ’ হোটেল কতৃৰ্পক্ষৰ লগতে উদ্যোক্তাও বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল৷ অৱশ্যে প্ৰশাসনৰ ফালৰ পৰা নিশা ৯ বজালৈহে বাৰ্থডে’ পাৰ্টী আয়োজনৰ অনুমতি দিছিল বুলি সদৰী কৰিছিল যদিও সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছতেই কামৰূপ মহানগৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা শাখাই তাজ হোটেললৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল৷ কিন্তু হোটেল কতৃৰ্পক্ষৰ উত্তৰত সন্তুষ্ট নোহোৱাত দ্বিতীয়বাৰ জাননী জাৰি কৰা বুলিও জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে জানিবলৈ দিছিল৷ ‘তাজ’ হোটেল কতৃৰ্পক্ষৰ প্ৰত্যুত্তৰৰ পাছতেই জিলা প্ৰশাসনে সোমবাৰে তাজ কতৃৰ্পক্ষক আগলৈ কাৰ্ফিউ উলংঘনৰ কাৰ্য সংঘটিত নকৰিবলৈ সকীয়নি প্ৰদান কৰি জাননী জাৰি কৰে৷ সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসনে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি তাজ হোটেল কতৃৰ্পক্ষলৈ এই সতৰ্কবাণী জাৰি কৰে৷ কামৰূপ মহানগৰ জিলাৰ বৰ্তমানৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে তেওঁৰ কাৰ্যকালৰ শেষৰ সপ্তাহটোতে বিলাসী হোটেলখনক সকীয়াই দিয়া  কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ উল্লেখ্য, কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে শনিবাৰে ডিব্ৰুগড় জিলাৰ নতুন উপায়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিব৷