Logo
image

হাগ্ৰামাক গ্ৰেপ্তাৰৰ বাবে ফাইল খুঁচৰিছে ‘নিয়া’ই

আমাৰ অসম, ১০ নৱেম্বৰঃ বি টি এ ডিৰ একালৰ অবিসম্বাদী নেতা বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক গ্ৰেপ্তাৰ কৰিবলৈ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এয়ে সাজু হৈ আছে৷ এন এল এফ বিৰ মুৰব্বী এম বাথাই এন আই এৰ আগত দিয়া স্বীকাৰোক্তিয়ে বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ জীৱনলৈ বিপদ মাতি আনিছে৷ যিকোনো মুহূৰ্তত এন আই এয়ে একালৰ মহা প্ৰতাপী নেতা হাগ্ৰামা মহিলাৰীক গ্ৰেপ্তাৰৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু এন ডি এফ বিৰ মাজত শান্তি চুক্তিৰ স্বাক্ষৰ হোৱাৰ ৯ মাহ পিছত ২০২০ চনৰ ১২ ছেপ্টেম্বৰত বি টি এ ডিত এন এল এফ বি নামৰ এটা উগ্ৰপন্থী সংগঠনৰ জন্ম হৈছিল৷ কিছুদিনৰ ভিতৰতেই এন এল এফ বি মুৰব্বী বাথাই ৰাজ্য চৰকাৰৰ ওচৰত আত্ম সমৰ্পন কৰিছিল৷ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই আয়ে এন এল এফ বিৰ মুৰব্বী এম বাথাক কেবাবাৰো জেৰা কৰে৷ এন আই এৰ জেৰাত এন এল এফ বিৰ মুৰব্বী এম বাথাই ডেজিগনেট কেম্পত থকা অৱস্থাত হাগ্ৰামা মহিলাৰীৰ নিকটতম আত্মীয়ই গাড়ীৰে তেওঁক পলুৱাই নিছিল বুলি বিস্ফোৰক স্বীকাৰোক্তি দিয়ে৷ কাৰ্যত এন এল এফ বি জন্মৰ আৰত হাগ্ৰামা মহিলাৰীৰ হাত থকা বুলি এন আই এয়ে যাৱতীয় তথ্য লাভ কৰিছে৷ সম্প্ৰতি হাগ্ৰামা মহিলাৰীক গ্ৰেপ্তাৰ কৰিবলৈ এন আই এয়ে চৰকাৰৰ সেউজ সংকেতলৈ অপেক্ষা কৰি আছে৷ যিকোনো মুহূৰ্তত হাগ্ৰামা মহিলাৰীক এন আই এয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ এই গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পাবলৈ বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিজেপি আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লগত উপ-নিৰ্বাচনৰ সময়ত বন্ধুত্ব স্থাপন কৰিবলৈ আপ্ৰান চেষ্টা কৰি ব্যৰ্থ হয়৷ আনকি একপক্ষীয়ভাৱে হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ লগত মিত্ৰতা হোৱা বুলি ঘোষণা কৰি ভবানীপুৰ সমষ্টিত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথাও ঘোষণা কৰিছিল৷ কিন্তু বিজেপিৰ সভাপতি ভৱেশ কলিতাই হাগ্ৰামা মহিলাৰীৰ লগত কোনো ধৰণৰ মিত্ৰতা হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছিল৷