Logo
image

উচ্ছেদ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত হোজাই জিলা প্ৰশাসনে সোমবাৰৰ পৰা লামডিং সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলায়৷ লামডিং সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে দখল কৰি থকা কমাৰপানী, বেতনলা, গাৰোবস্তি অঞ্চলৰ প্ৰায় ৬৭০টা পৰিয়ালক প্ৰশাসনে উচ্ছেদ কৰে৷ প্ৰশাসনৰ ফালৰ পৰা কেইবাদিনো আগতেই উচ্ছেদ কাৰ্যৰ বিষয়ে অৱগত কৰাই সেই ঠাই ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়াত উক্ত অঞ্চলৰ লোকসকলে প্ৰশাসনৰ নিৰ্দেশ অনুসৰি জানজু বজাৰৰ কাষত তিৰ্পাল তৰি অস্থায়ী শিবিৰত আশ্ৰয় লয়৷ পূৰ্বে গৰুখঁুটিত উচ্ছেদ অভিযান চলাওঁতে যিদৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, এইবাৰ লামডিং বনাঞ্চলৰ উক্ত অঞ্চলকেইটাত উচ্ছেদ কাৰ্য চলাওঁতে তেনে পৰিস্থিতিৰ সৃষ্টি নহ’ল৷ কাৰ্যতঃ শান্তিপূৰ্ণভাৱে চলোৱা হয় উচ্ছেদ অভিযান৷ অৱশ্যে, এইবাৰ ৰাজ্য প্ৰশাসনে সম্পূৰ্ণ সষ্টম হৈ উচ্ছেদ অভিযান চলায়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে, প্ৰতিটো বেদখলৰ আঁৰত ব্যৱসায়িক স্বাৰ্থ নিহিত থাকে৷ মুখ্যমন্ত্ৰীৰ মতে, অসমত যিমান বেদখল হৈছে তাত কোনো ভূমিহীন লোক থাকিবলৈ নাযায়৷ বহুক্ষেত্ৰত দেখা যায় যে কোনো প্ৰভাৱশালী লোকে চৰকাৰী পতিত ভূমি বা বনাঞ্চলৰ ভূমি প্ৰথমে দখল কৰি পাছত ধনৰ বিনিময়ত উপান্ত বা দুখীয়া লোকক বিক্ৰী কৰে৷ উচ্ছেদ কাৰ্য চলালে স্বাভাৱিকতে এই দুখীয়া লোকসকলেই ক্ষতিগ্ৰস্ত হয়৷ চৰকাৰী পতিত ভূমি আৰু সংৰক্ষিত বনাঞ্চলৰ ভূমি দখলমুক্ত কৰাটো সকলোৱে কামনা কৰে৷ কিন্তু ইয়াৰ সমান্তৰালভাৱে যিসকল ভূমিহীন লোক আছে, সেইসকলক চৰকাৰে পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰাটো জৰুৰী৷ উল্লেখ্য, ৰাজ্যত বান-খহনীয়াই প্ৰতিবছৰে বহু লোকক সৰ্বস্বান্ত কৰে৷ এনে লোকৰ কিমানক চৰকাৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে আৰু কিমানক পুনৰ সংস্থাপনৰ প্ৰয়োজন, সেই বিষয়ে চৰকাৰে বিচাৰ কৰা প্ৰয়োজন৷ গৰুখুঁটি আৰু লামডিঙৰ পাছত এইবাৰ বৰছলা সমষ্টিৰ ১২টা চৰত প্ৰশাসনে উচ্ছেদ চলাব বুলি মন্ত্ৰী পীয়ূষ হাজৰিকাই প্ৰকাশ কৰিছে৷ এই কথা ঠিক যে ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ অবৈধ দখল উচ্ছেদ কৰি চৰকাৰী বনাঞ্চল সম্পূৰ্ণ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ উপৰি পতিত ভূমিসমূহত উন্নয়নমুখী প্ৰকল্পৰ ব্যৱস্থা কৰা দৰকাৰ৷ ইয়াৰ লগতে অসমৰ সীমান্ত অঞ্চলৰ যিবোৰ ভূমি চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামে দখল কৰি আছে, সেইবোৰ ঠায়ো শীঘ্ৰে অসমৰ অধীনলৈ অনাৰ ব্যৱস্থা কৰিব লাগে৷ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, অসমৰ ৬৯,০০০ হেক্টৰতকৈও অধিক মাটি চুবুৰীয়া ৰাজ্যই দখল কৰি সেই অঞ্চলত নিজ নিজ ৰাজ্যৰ অনুষ্ঠান-প্ৰতিষ্ঠান পাতি উন্নয়নমূলক কাৰ্য কৰিছে৷ চৰকাৰৰ অমনোযোগিতাৰ বাবেই সীমান্ত অঞ্চলৰ মাটি ক্ৰমে অসমৰ চুবুৰীয়া ৰাজ্যই দখল কৰি আহিছে৷ সেইদৰে ৰাজ্যৰ বন বিভাগৰ তৎপৰতাৰ অভাৱতেই সংৰক্ষিত বনাঞ্চলসমূহত ভূমি অবৈধ দখল কৰি বসতি স্থাপন কৰিবলৈ সক্ষম হৈছে৷ সংৰক্ষিত বনাঞ্চলৰ গছ-গছনি কাটি তহিলং কৰি অবৈধ দখল কৰাৰ বাবে অসমত পৰিৱেশ-তন্ত্ৰত বিৰূপ প্ৰভাৱ পৰিছে৷ বনাঞ্চলক প্ৰকৃতিৰ হাঁওফাঁও বুলি কোৱা হয়৷ সেয়ে বনাঞ্চল কঠোৰ ব্যৱস্থাৰে সংৰক্ষিত কৰি সেউজ পৰিৱেশ গঢ় দিয়াটো বন বিভাগ আৰু চৰকাৰৰে দায়িত্ব৷ সেইদৰে চৰকাৰী ৰিজাৰ্ভ বা পতিত মাটি যাতে অসাধু লোকৰ সহযোগত কোনেও অবৈধভাৱে দখল কৰিব নোৱাৰে, তাৰো ব্যৱস্থা কৰিব লাগিব৷ ইয়াৰ লগে লগে ৰাজ্যৰ ভূমিহীন লোকৰ জৰীপ কৰি সেইসকলক সংস্থাপনৰো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷